Saturday, April 20, 2024
HomeARTICLEঅসম–মেঘালয় সীমান্ত অঞ্চলত গুণোৎসৱৰ উচাহঃ শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰ শুভকামনা

অসম–মেঘালয় সীমান্ত অঞ্চলত গুণোৎসৱৰ উচাহঃ শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰ শুভকামনা

প্ৰকাশিত তাৰিখঃ ২০ জানুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুণোৎসৱ ২০২৩ আৰম্ভ হ’ল। ১৮ জানুৱাৰীত আৰম্ভ হোৱা গুণোৎসৱে ১৯ জানুৱাৰীত দ্বিতীয়টো দিন অতিক্ৰম কৰিলে। ২১ জানুৱাৰীত গুণোৎসৱৰ তৃতীয় তথা অন্তিমটো দিন। এইদিনটোত এখন বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰীসকলে অইন এখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মূল্যায়ন পৰীক্ষা কৰিব। এইবাৰৰ গুণোৎসৱ কিছু পৃথক ৰূপত দেখা গৈছে। কিয়নো এইবাৰৰ গুণোৎসৱে ৰাইজৰ মাজলৈ উৎসাহ–উদ্দীপনা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিশেষকৈ কামৰূপ জিলাৰ ৰামপুৰ আৰু ৰাণী শিক্ষাখণ্ডৰ অন্তৰ্গত অসম–মেঘালয় সীমান্তৱৰ্তী অঞ্চলত।

উল্লেখযোগ্য যে, বিগত বৰ্ষসমূহত গুণোৎসৱ অকল শিক্ষাৰ্থী, শিক্ষক–শিক্ষয়িত্ৰী, অভিভাৱক–মাতৃগোটৰ মাজতেই সীমাবদ্ধ থকা দেখা গৈছিল। এই গুণোৎসৱ সমূহত বিদ্যালয়ৰ শিক্ষাৰ্থী, অভিভাৱকসকলৰ বাদে অন্যলোকে জড়িত হ’ব খোজা নাছিল। আনকি গুণোৎসৱ মানে কি সেইটোও জানিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল। কিন্তু এইবাৰৰ গুণোৎসৱত পৰোক্ষভাৱে হ’লেও ৰাইজ জড়িত হৈ পৰিছে। গুণোৎসৱৰ কাৰণে যে শিক্ষাৰ্থীসকলক বিশেষভাৱে সাজু কৰি তোলা হয়। যি কামে শিক্ষাৰ্থীসকলৰ ব্যক্তিত্ব বিকাশত সহায়ক হয়। সেইকথা সাধাৰণভাৱে হ’লেও ৰাইজে বুজি উঠিছে। সাধৰণতে আমাৰ প্ৰচলিত জাতীয় উৎসৱ–পাৰ্বন সমূহত ঘৰৰ সকলো সদস্যই একেলগে থাকিব বিচাৰে। সেইদৰে বিদ্যালয়খনত অনুষ্ঠিত হোৱা গুণোৎসৱৰ দিনকেইটাত বহুলোকে নিজৰ কামকাজ পৰ্যন্ত বাদ দি গাঁওখনতে আছে। কোনেও ক’তো যোৱা নাই। অথচ তেওঁলোক বিদ্যালয়খনৰ অধ্যয়নৰত কোনো শিক্ষাৰ্থীৰ অভিভাৱক নহয়।

বৰ্ষটোৰ আৰম্ভণিত অনুষ্ঠিত হোৱা গুণোৎসৱ উপলক্ষে সীমান্ত অঞ্চলৰ লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয়, মুদুকী জনজাতীয় হাইস্কুল, মুদুকী প্ৰাথমিক বিদ্যালয়, ৰাজাপাৰা মজলীয়া বিদ্যালয়, লংচাই প্ৰাথমিক বিদ্যালয়, বাখালাপাৰা–বাতাবাৰী মধ্য ইংৰাজী বিদ্যালয়কে আদিকৰি সকলোবোৰ বিদ্যালয় সুন্দৰভাৱে সজাই–পৰাই তোলা দেখা গৈছে। এইক্ষেত্ৰত লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয়খনত এক অনন্য পৰিবেশ। গুণোৎসৱ উপলক্ষে বিদ্যালয় চৌহদ আকৰ্ষণীভাৱে সজাই তুলিছে। শিক্ষক–শিক্ষাৰ্থীৰ মাজত ৰং–ধেমালীও চলিছে।

জনজাতি বসতি প্ৰধান লোহাৰঘাটৰ এই বিদ্যালয়খন ১৯৪৯ চনৰ ১ অক্টোবৰত স্থাপন কৰিছিল। প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে থকা বিদ্যালয়খনত বৰ্তমান ৪০০গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে ১০গৰাকী শিক্ষক–শিক্ষয়িত্ৰীয়ে পাঠদান কাৰ্য চলাই আহিছে। বিদ্যালয়খনে ইতিমধ্যে হৈ যোৱা গুণোৎসৱৰ দুটাত A+ এটাত A গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে, গুণোৎসৱৰ প্ৰথম দিনটোত কামৰূপ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই সীমান্তৱৰ্তী অঞ্চলৰ কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰি গুণোৎসৱৰ প্ৰস্তুতিৰ বুজ লয়। লগতে পৰিদৰ্শক গৰাকীয়ে উপস্থিতিকালত বিদ্যালয়ৰ শিক্ষাৰ্থী, অভিভাৱক–মাতৃগোট, শিক্ষক–শিক্ষয়িত্ৰীলৈ গুণোৎসৱৰ শুভ–কামনা জ্ঞাপন কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward