প্ৰকাশিত তাৰিখঃ ২৮ এপ্ৰিল, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
দক্ষিণ কামৰূপৰ অসম–মেঘালয় সীমাঞ্চলৰ ৰাভা হাছং পৰিষদীয় এলেকাৰ মুদুকী বিভিন্ন জনগোষ্ঠীৰ বসতিস্থান তথা প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ এখন মনোমোহা ঠাই। অঞ্চলটোত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা বিলাই দিয়াৰ উদ্দেশ্যেৰে ২০১৫ চনৰ পৰা ব’হাগ মাহৰ ১২ তাৰিখত আঞ্চলিকভিত্তিত উদযাপন কৰি আহিছে সুঁৱৰি উৎসৱ। য’ত বিহু, বগেজাৰী, বহুৰঙী,বাগৰুম্বা আদি জনজাতীয় নৃত্য–গীত লগতে ঘোঁৰা দৌৰ, হাতী দৌৰ খেল প্ৰতিযোগিতাই উৎসৱৰ বাকৰি মুখৰ কৰি তোলে।
সুৱৰি উৎসৱৰ কাৰ্যসূচী অনুসৰি– পুৱাৰ ভাগত শান্তি জল ছটিয়াই উৎসৱস্থলী শুদ্ধিকৰণ কৰাৰ পিছত গোসাঁই থাপনাত প্ৰতিস্থা কৰা হয়। ইয়াৰ পিছত মুদুকী খণ্ড বন কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দই গছ পুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে।
দুপৰীয়া সুঁৱৰি উৎসৱৰ মুখ্যদ্বাৰ মুকলি কৰে উদ্যাপন সমিতিৰ সভাপতি বিজয় ৰাভাই। লগতে উৎসৱস্থলীৰ বাকৰিত ভক্তবৃন্দই নাম–প্ৰসংগ পৰিৱেশন কৰে।
আবেলিৰ সম্বৰ্দ্ধনা অনুষ্ঠানৰ আঁত ধৰে মুদুকী আঞ্চলিক সুৱৰি উৎসৱ উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি গোবিন্দ ৰাভাই। এই অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ–ছাত্ৰী সকলক সম্বৰ্দ্ধনাৰ ব্যৱস্থা কৰে।
আবেলি হাতী দৌৰ খেল প্ৰতিযোগিতা উদ্বোধন কৰে অসম মন্দিৰ উন্নয়ন কমিটিৰ সভাপতি বিদ্যুৎ বিকাশ বৰুৱাই। আনহাতে ঘোঁৰা দৌৰ খেল প্ৰতিযোগিতা উদ্বোধন কৰে ৩৪ নং চানডুবি সমষ্টিৰ পাৰিষদ নৃপেন চন্দ্ৰ ৰাভাই। এইবাৰ হাতী দৌৰ খেল প্ৰতিযোগিতাত অসম–মেঘালয়কে ধৰি মুঠ পাঁচটা হাতী অংশ গ্ৰহণ কৰিছিল। তাৰ ভিতৰত জিমিৰিগাঁৱৰ দিলীপ ৰাভাৰ লক্ষী নামৰ দঁতাল হাতীটোৱে প্ৰথম আৰু মেঘালয়ৰ ৰাজাখুমাইৰ চানু লামাৰ পুলপুলীয়ে দ্বিতীয় পুৰস্কাৰ লাভ কৰে। আনহাতে ঘোঁৰা দৌৰ খেল প্ৰতিযোগিতাত দুয়োখন ৰাজ্যৰ মুঠ পাঁচটা ঘোঁৰা অংশ গ্ৰহণ কৰে। এই প্ৰতিযোগিতাত মুদুকীৰ টিকু ৰাভাৰ বগী তৰাই প্ৰথম আৰু হাতীগড়ৰৰ বিশ্ব ৰাভাৰ চুলতানে দ্বিতীয় পুৰস্কাৰ লাভ কৰে। আয়োজক সমিতিয়ে প্ৰতিযোগিতাত স্থান লাভ নকৰা ঘোঁৰা আৰু হাতীকেইটাক নিচুকণি পুৰস্কাৰ প্ৰদান কৰে।
উল্লেখ্য যে, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি মুদুকী ৰাইজ গয়ৰহ, ভালাখোৱা ৰাইজ গয়ৰহ, ঔগুৰী ৰাইজ গয়ৰহ, লংচাই ৰাইজ গয়ৰহ, পূব জিমপুতা ৰাইজ গয়ৰহ, পশ্চিম জিমপুতা ৰাইজ গয়ৰহ, ১নং গণেশপাৰা ৰাইজ গয়ৰহৰ মুখ্য পৃষ্ঠপোষকতাত এই সুৱৰি উৎসৱ উদযাপিত হৈ আহিছে।
উক্ত সুঁৱৰি উৎসৱত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জয়ন্ত কুমাৰ ৰাভা, দক্ষিণ ভোলাগাঁও গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰাণেশ্বৰ ৰাংচা, কামৰূপ জিলা পৰিষদৰ প্ৰাক্তন সদস্যা তনুজা ৰাভা, ৰাজাপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী মালতি ৰাভা, সমাজ হিতৈসী ৰত্নেশ্বৰ ৰাভা, ৰুক্মিণী ৰাভা, ৰামসিং দীয়া, ৰঞ্জন কছাৰী লগতে অসম মন্দিৰ উন্নয়ন কমিটিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News