Tuesday, January 21, 2025
HomeNEWSবৰ্ণিল কাৰ্যসূচীৰে আজিৰেপৰা চানডুবি উৎসৱ আৰম্ভ

বৰ্ণিল কাৰ্যসূচীৰে আজিৰেপৰা চানডুবি উৎসৱ আৰম্ভ

প্ৰকাশিত তাৰিখঃ ৬ জানুৱাৰী, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

চানডুবি, জানুৱাৰীঃ এসময়ৰ চানডুবি অঞ্চলত কাঁড় নিক্ষেপ কৰিলে কোনোবা নহয় কোনোবা এডাল গছত লাগিবই। কিন্তু আজি আৰু সেই গছ নাই। গতিকে অসম চৰকাৰৰ বিভাগে নিশ্চয় বৈজ্ঞানিক পদ্ধতি উলিয়াব লাগিব। দিল্লীয়ে শুদ্ধ অক্সিজেন পাবলৈ টকা খৰচ কৰিবলগীয়া হৈছে। কিন্তু অসমৰ চানডুবি অঞ্চলত অক্সিজেন ল’বলৈ টকা ভৰিব নালাগে। সেই পৰিৱেশ গঢ় দিবলৈ অসম চৰকাৰৰ কৰণীয় বহু আছে। ৰাভা হাছংৰ ফালৰ পৰা চানডুবি বিলখনৰ উন্নয়নৰ বাবে কিছু কাম হাতত লোৱা হৈছিল। যদিও বন বিভাগৰ বাধাৰ বাবে সেই কাম কৰিবপৰা নহ’ল। কিন্তু চানডুবিৰ আশে–পাশে চালে যিবোৰ শাল এতিয়াও থিয় হৈ থকা দেখা যায় সেয়া ৰাভাসকলেহে সুৰক্ষা দি ৰাখিছে। ৰাভাসকলে গছ ধ্বংস কৰা নাই সংৰক্ষণহে কৰিছে– পঞ্চদশ চানডুবি উৎসৱ মুকলি কৰি এইদৰে বক্তব্য প্ৰদান কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই।

বৰ্ণিল কাৰ্যসূচীৰে আজিৰেপৰা পাঁচদিনীয়াকৈ আৰম্ভ হ’ল চানডুবি উৎসৱ। দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ অন্যতম ঐতিহাসিক সম্পদ চানডুবি বিল। বিলখনৰ জৈৱ–বৈচিত্ৰ্য সংৰক্ষণ কামনাৰে ‘চেভ চানডুবি, চেভ হেৰিটেজ’ ধ্বনি সাৰোগত কৰি ২০১০ বৰ্ষৰপৰা উদযাপন কৰি আহিছিল চানডুবি উৎসৱ। বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰি অহা চানডুবি উৎসৱ এইবাৰ পঞ্চদশ সংখ্যাত ভৰি দিছে। আজিৰ কাৰ্যসূচী অনুসৰি– পুৱা উৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভাই। চানডুবি উৎসৱৰ মূল দ্বাৰ মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। অতিথিশালা ‘ডগৰবুৰা’ মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই। প্ৰদৰ্শনস্থলী ‘লাঙাবুৰা’ৰ দ্বাৰ মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰশ্মি বালা ৰাভাই আৰু ‘চান্দসদাগৰ’ সোঁৱৰণী মঞ্চ মুকলি কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিমাংশু শেখৰ বৈশ্যই। থলুৱা খেল–ধেমালি মুকলি কৰে সমাজকৰ্মী দিগন্ত মেধি টেৰণে। থলুৱা খাদ্য মেলাৰ দ্বাৰ মুকলি কৰে কুলশীৰ বন বিষয়া কংকণজ্যোতি কৌশিকে। দুপৰীয়া বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰে লোহাৰঘাটৰ বন বিষয়া নয়নজ্যোতি দাসে। ইয়াৰ পিছতে উদযাপন সমিতিৰ দ্বাৰা প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘লকেয়া’ উন্মোচন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ড সুভাষ ৰাভাই।

এই অনুষ্ঠানতে নিখিল ৰাভা সাহিত্য সভাৰ বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক কমিটীয়ে প্ৰকাশ কৰি উলিওৱা কবিতা পুথি ‘চৰে খোৰোং’ উন্মোচন কৰে নিখিল ৰাভা সাহিত্য সভাৰ সাহিত্য সচিব মাটিৰাম ৰাভাই।

উক্ত অনুষ্ঠানটোত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই মুখ্য অতিথিৰূপে উপস্থিত থকাৰ লগতে সন্মানীয় অতিথিৰূপে উপস্থিত থাকে বিজেপি’ৰ ৰাজ্যিক কাৰ্যবাহী সদস্য অনুপ কুমাৰ মেধি, সমাজকৰ্মী বলেশ্বৰ ৰংপি, কমল কুমাৰ ঠাকুৰীয়াই।

১বজাৰপৰা ৰং–বিৰংৰ সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতে অসম গৌৰৱ দক্ষিণ কামৰূপৰ কণ্ঠ শিল্পী কুমাৰ ভৱেশ উপস্থিত হয় আৰু শিল্পীগৰাকীয়ে চানডুবি তথা পাতি ৰাভাৰ ওপৰত কণ্ঠদান কেইবাটাও গীতৰ কলি গায়। লগতে চানডুবি উৎসৱক লৈ তেওঁ গৌৰৱ অনুভৱ কৰে বুলিও ব্যক্ত কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward