Friday, March 29, 2024
HomeARTICLEচাৰ্লি চ্যাপলিনৰ শিল্পকৰ্মৰ শিকনি আজিও প্ৰাসংগিক

চাৰ্লি চ্যাপলিনৰ শিল্পকৰ্মৰ শিকনি আজিও প্ৰাসংগিক

চাৰ্লি চ্যাপলিন নামেৰে বিশ্ববিখ্যাত

প্ৰকাশিত তাৰিখঃ ২৬ অক্টোবৰ, ২০২০

হাফিজ আহমেদ

চাৰ্লি চ্যাপলিন নামেৰে বিশ্ববিখ্যাত হৈ পৰা চাৰ্লচ স্পেনছাৰ চ্যাপলিনৰ জন্ম ১৮৮৯ চনৰ ১৬ এপ্ৰিল তাৰিখে লণ্ডন চহৰত। চাৰ্লি চ্যাপলিনক বিশ্ববাসীয়ে মনৰ মণিকোঠাত স্থান দিছে এগৰাকী অভিনেতা, কাহিনী লিখক আৰু বোলছবি পৰিচালক ৰূপে। হাঁহিৰ মাজত জীৱনৰ সাৰ্থকতা বিচৰা চাৰ্লি চ্যাপলিনক বহুতেই এগৰাকী কমেডিয়ান বুলিয়েই গণ্য কৰে। কিন্তু তেওঁৰ বোলছবিবোৰৰ জৰিয়তে চ্যাপলিনে দৰ্শকসকলক অকল হাস্যৰসৰে যোগান ধৰা নাই, তেওঁৰ প্ৰতিটো চৰিত্ৰৰ মাজেৰেই তেওঁ মানৱতাৰো জয়গান গাইছে, শোষণ–নিৰ্যাতনত নিষ্পেষিত হৈ থকা দৰিদ্ৰজনৰ ভাষাই প্ৰাণ পাইছে তেওঁ চৰিত্ৰবোৰৰ জৰিয়তে। তেওঁৰ শিল্পকৰ্মৰ জৰিয়তে চ্যাপলিনে জনতাৰ অন্তৰত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল বাবেই তেওঁ হৈ পৰিছিল জনতাৰ শিল্পী। চ্যাপলিনে নিজৰ শিল্পকৰ্মৰ জৰিয়তেই সংগ্ৰাম কৰি গৈছে ফেচীবাদৰ বিপক্ষে, আমেৰিকান সাম্ৰাজ্যবাদৰ বিপক্ষে। শিল্পীগৰাকীয়ে অভিনয়ৰ জগতত প্ৰৱেশ কৰে পাঁচ বছৰ বয়সতে। সেইসময়ত চ্যাপলিন আছিল এজন অনাথ, অঘৰী শিশু। আলিবাটত গীত গাই, অভিনয় কৰি নিৰ্বাপিত কৰিছিল পেটৰ জুইকুৰা। শৈশৱৰ এই চৰম দৰিদ্ৰতাৰ কথা চাৰ্লি চ্যাপলিনে কেতিয়াও পাহৰিব পৰা নাছিল। তেওঁৰ শৈশৱৰ এই দৰিদ্ৰতাক্লিষ্ট জীৱনৰ বৰ্হিপ্ৰকাশ ঘটিছে তেওঁৰ বোলছবিবোৰৰ অঘৰী চৰিত্ৰৰ জৰিয়তে। এই অঘৰী চৰিত্ৰটোৱে আলিবাটৰ পৰা বুটলি লৈছে আধাপোৰা চিগাৰেট, কেতিয়াবা আকৌ হোটেলত আহাৰ গ্ৰহণ কৰাৰ পাছত বিল পৰিশোধ কৰিবলৈ বিফল হৈ নিৰ্যাতনৰ সন্মুখীন হৈছে। কেতিয়াবা এই চৰিত্ৰটোৱে আইনভংগ কৰি পুলিচৰ সৈতে লুকাভাকু খেলিছে। আকৌ কেতিয়াবা চুৰ কৰি জে’ললৈকে গৈছে। কিন্তু অইনৰ দুখত দুখী হৈ পৰিছে কোমল অন্তৰৰ গৰাকী এই ব্যক্তিগৰাকী অইনৰ সুখৰ বাবে সৰ্বস্ব উজাৰি দিছে।

চ্যাপলিনৰ প্ৰথমখন বোলছবি ‘মেকিং এ লিভিং’। দ্বিতীয়খন বোলছবি ‘ফিড অটো ৰেছেছ এট ভেনিচ’ত তেওঁ আত্মপ্ৰকাশ কৰে অঘৰীৰ পোছাকত। ১৯১৪ চনত নিৰ্মিত এইখন বোলছবিৰ পৰা আৰম্ভ কৰি ১৯৫২ চনত নিৰ্মাণ কৰা ‘লাইমলাইট’লৈকে এই আটাইবোৰ বোলছবিতে চাৰ্লি চ্যাপলিনক এই অঘৰী পোছাকতে দেখা পাইছে দৰ্শকে। ১৯১৮ চনত চ্যাপলিনে নিৰ্মাণ কৰে এজন অঘৰী আৰু তেওঁৰ কুকুৰটোক কেন্দ্ৰ কৰি ‘এ ডগছ্‌ লাইফ’। তেওঁৰ যুদ্ধবিৰোধী বোলছবি ‘চোল্ডাৰ আৰ্মছ’। ‘দ্যা কিড’ নামৰ বোলছবিখনত চ্যাপলিনৰ ল’ৰালিৰ দৰিদ্ৰপূৰ্ণ, অনাথ আশ্ৰমৰ দিনবোৰৰ প্ৰতিফলন ঘটিছে। ১৯২৩ চনত ‘এ ওম্যান ইন পেৰিছ’ আৰু ১৯২৫ চনত ‘দ্যা গোল্ড ৰাছ’ নিৰ্মাণ কৰে তেওঁ। তেওঁৰ ‘দ্যা চাৰ্কাচ’ বোলছবিত চ্যাপলিনক দৰ্শকে দেখিবলৈ পায়– পিঞ্জৰাৰ ভিতৰত বন্দী এক টোপনি গৈ থকা সিংহৰ সৈতে।

চাৰ্লি চ্যাপলিনে যেতিয়া তেওঁৰ ‘ছিটি লাইটচ্‌’ নামৰ বোলছবিখনৰ কাম আৰম্ভ কৰে, তেতিয়া বোলছবিত শব্দৰ ব্যৱহাৰ আৰম্ভ হৈ গৈছে। এইখন বোলছবিত ব্যৱহাৰ কৰা সংগীতৰ সুৰকাৰো আছিন চ্যাপলিন নিজেই। ১৯৩৬ চনত নিৰ্মিত হয় তেওঁৰ প্ৰথম সবাক ছবি ‘মডাৰ্ণ টাইমছ্‌’। এইখন বোলছবিৰ জৰিয়তে চ্যাপলিনে পুঁজিবাদী সমাজ ব্যৱস্থাক তীব্ৰভাৱে আক্ৰমণ কৰে।

কিন্তু চ্যাপলিনৰ সৰ্বাধিক জনপ্ৰিয় ছবিখন হ’ল হিটলাৰক কেন্দ্ৰ কৰি তেওঁ নিৰ্মাণ কৰা ‘দ্যা গ্ৰেট ডিক্টেটৰ’। ১৯৩০ৰ দশকটোত সমগ্ৰ বিশ্ব জয় কৰাৰ নিচাত মত্ত হৈছিল হিটলাৰ আৰু তেওঁৰ নাৎছি বাহিনী। নাৎছিহতৰ দ্বাৰা লাখ লাখ ইহুদীক হত্যা কৰা আৰু দ্বিতীয় বিশ্ব যুদ্ধৰ ভয়াৱহতাই চাৰ্লিক ভীষণভাৱে ব্যথিত কৰিছিল। এই পটভূমিতে, চাৰ্লি চ্যাপলিনে ‘দ্যা গ্ৰেট ডিক্টেটৰ’ ছবিখন প্ৰযোজনা কৰি ১৯৪০ চনত নিউয়ৰ্কত মুক্তি দিয়ে। ছবিখন বক্স অফিচৰ ৰেকৰ্ডে চাৰ্লিৰ সেইসময়ত নিৰ্মিত সকলো ছবিকে অতিক্ৰম কৰিছিল। ছবিখনত নাপিত আৰু ডিক্টেটৰ এই দুয়োটা চৰিত্ৰতে অভিনয় কৰে। এইখন ছবিত হিংকলৰূপী ডিক্টেটৰ হিটলাৰে নিজৰ ভাষণত গণতন্ত্ৰ, স্বাধীনতা আৰু বাক্‌স্বাধীনতাৰ বিপক্ষে প্ৰতিবাদ কৰি উপহাস কৰিছে। অইন কথাত ক’বলৈ গ’লে ফেচিবাদৰ মৌলিক আদৰ্শবোৰৰ কথাই হিংকলৰূপী হিটলাৰৰ মুখেৰে প্ৰকাশি হৈছিল। বোলছবিখনত তেওঁ হিটলাৰ তথা ফেচিবাদী শক্তিৰ ভৱিষ্যৎ সম্বন্ধেও ইংগিত দিছিল। হিংকলৰ হাতৰ গ্লোবটো ভাঙি যোৱা দৃশ্যটিৰ জৰিয়তে হিটলাৰৰ বিশ্বজয়ৰ আশাও এসময়ত ভাঙি–ছিঙি চুৰমাৰ হৈ যাব বুলি ভৱিষ্যৎবাণী কৰিছিল চাৰ্লিয়ে। ইহুদী নাপিতজনৰ জৰিয়তে চ্যাপলিনে এইখন বোলছবিত শুনাইছে মানৱতাৰ জয়গান। জনগণৰ হাতৰ পৰা স্বেচ্ছাচাৰী শক্তিয়ে ক্ষমতা কাঢ়ি নিলেও এসময়ত সেই ক্ষমতা জনতাৰ হাতলৈ উভতি আহেই। বিশ্বৰ কোনো ফেচিবাদী, স্বেচ্ছাচাৰী শাসকেই দীৰ্ঘদিন ক্ষমতাত অধিষ্ঠিত হৈ থাকিব নোৱাৰে। এয়াই চিৰন্তন সত্য। জনগণহে প্ৰকৃত ক্ষমতাৰ অধিকাৰী, জনগণেহে সৃষ্টি কৰিব পাৰে এখন নতুন পৃথিৱী। সেইখন পৃথিৱীয়ে সকলো মানুহকে দিব পাৰে কৰ্মৰ অধিকাৰ, যুৱক–যুৱতীসকলৰ বাবে আনিব পাৰে এক সুন্দৰ ভৱিষ্যৎ আৰু বৃদ্ধসকলৰ বাবে নিৰাপত্তা।

১৯৫২ চনত চ্যাপলিনে নিজৰ জীৱন কাহিনীৰ ওপৰত নিৰ্মাণ কৰা ‘লাইমলাইট’ নামৰ বোলছবিখনৰ মুক্তি উপলক্ষে লণ্ডনলৈ আহে। সেই সময়তে মাৰ্কিন শাসক শ্ৰেণীয়ে আমেৰিকালৈ উভতি গ’লে চাৰ্লি চ্যাপলিনক কমিউনিষ্ট হিচাপে অভিযুক্ত কৰাৰ সিদ্ধান্ত লয়। তেওঁৰ বিপক্ষে তদন্ত কৰিবলৈ আমেৰিকান চোৰাংচোৱা সংস্থা এফ বি আইক নিয়োগ কৰা হয়, তেওঁৰ চৰিত্ৰতো কলংক–কালিমা সানিবলৈ আমেৰিকান চৰকাৰে উদ্যোগ হাতত লয়। সেয়েহে চ্যাপলিনে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ পৰিৱৰ্তে ছুইজাৰলেণ্ডৰ ডেভে চহৰত স্থায়ীভাৱে বাস কৰিবলৈ লয়।

১৯৭৭ চনৰ ২৫ ডিচেম্বৰত চাৰ্লি চ্যাপলিনৰ মৃত্যু হয়। কিন্তু প্ৰকৃত শিল্পী অমৰ। অমৰ হৈ থাকিব চাৰ্লি চ্যাপলিনো তেওঁৰ শিল্প কৰ্মৰ জৰিয়তে। তেওঁ জীয়াই থাকিব সমগ্ৰ বিশ্বৰ শোষিত, নিপীড়িত জনতাৰ সংগ্ৰামৰ মাজত– সাম্ৰাজ্যবাদ, ফেচিবাদৰ বিপক্ষে সংগ্ৰামৰত জনতাৰ মাজত।

চাৰ্লি চ্যাপলিনৰ শিল্পকৰ্মৰ প্ৰাসংগিকতা সাম্প্ৰতিক পৰিস্থিতিত যথেষ্ট বৃদ্ধি পাইছে। বিশ্বৰ বিভিন্ন দেশত সাম্প্ৰতিক কালত গা কৰি উঠিছে স্বেচ্ছাচাৰী, ফেচিবাদী মনোভাৱাসম্পন্ন শাসকগোষ্ঠী। গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা, মানুহৰ বাক্‌স্বাধীনতা আজি খৰ্ব কৰা হৈ আছে বিশ্বৰ প্ৰান্তে প্ৰান্তে। পুঁজিবাদৰ চৰম সংকটৰ ফলত বিশ্বৰ একাংশ দেশত জনগণৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে গৈ। শাসক গোষ্ঠীৰ কৰ্ম–কাণ্ডৰ বিৰোধিতা কৰা যিকোনো লোককে কাৰাৰুদ্ধ কৰি সৃষ্টি হৈ আছে এক শ্বাসৰূদ্ধকৰ পৰিস্থিতিৰ। এনে পৰিস্থিতিত চাৰ্লি চ্যাপলিনৰ শিল্পকৰ্মৰ মাজত নিহিত হৈ থকা শিকনিয়ে সমগ্ৰ বিশ্বৰ মেহনতী জনগণক দেখুৱাব পাৰে মুক্তিৰ বাট।     

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward