প্ৰকাশিত তাৰিখঃ ২৭ জানূৱাৰী, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
গুৱাহাটী মহানগীৰ পাশ্বৱৰ্তী ৰাণীৰ অসম-মেঘালয় সীমাৱৰ্তী বনাঞ্চলত সুযোগ বুজি প্ৰায়ে মেঘালয়ৰ চোৰাং চিকাৰীৰ দল প্ৰৱেশ কৰি চৰাই, পহু, হাতী আদি বিভিন্ন দুষ্প্ৰাপ্য প্ৰাণী চিকাৰ কৰাৰ খবৰ পোৱা যায়। ২৪ জানুৱাৰীৰ বিয়লি ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ এটি দলে অভিযান চলাই কাৱাসিং সংৰক্ষিত বনাঞ্চলত মেঘালয়ৰ এজন চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হয়।
অৱশ্যে দলটোৰ কেইবাজনো সদস্য বন্দুকসহ পলায়ন কৰিবলৈ সক্ষম হয়। আটক কৰা চিকাৰীজনৰ মবাইলত বন্দী হৈ থকা চিকাৰ কৰা ভিডিঅ, স্থিৰচিত্ৰ আদিকৰি বিভিন্ন তথ্য উদ্ধাৰ কৰিছে। এটি ভিডিঅ’ ফুটেজ অনুসৰি চাৰি-পাঁচজনীয়া চোৰাং চিকাৰীৰ দলটিয়ে হাতে হাতে বন্দুকলৈ মেঘালয়ৰপৰা অসমৰ বনাঞ্চলত প্ৰৱেশ কৰে। চিকাৰীকেইজনে খাদ্য আৰু শীত নিবাৰণৰ কাপোৰ লগতলৈ আহিছিল। প্ৰায় দুদিনমান পূৰ্বে চিকাৰী দলটোৱে মেঘালয়ৰ জিৰাং এলেকাৰ পাহামৰপৰা গোপন পথেৰে আহি অসমৰ শেষ সীমান্ত ৰাণীৰ শুকুৰবৰীয়াৰ বনাঞ্চলত প্ৰৱেশ কৰিছিল।
উল্লেখ্য যে, ৰাণীৰ বনাঞ্চলত চোৰাং চিকাৰী প্ৰৱেশ সন্দৰ্ভত গোপন খবৰ লাভ কৰি বনাঞ্চলিক বিষয়া ৰ’জী বৰ্মনে শুকুৰবৰীয়া খণ্ড বন বিষয়াক অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে। সেই নিৰ্দেশ অনুসৰি ২৪ জানূৱাৰীৰ দুপৰীয়াৰপৰা সংৰক্ষিত বনাঞ্চলখনত অভিযান চলায়। অভিযানৰ প্ৰায় চাৰি ঘণ্টা পাছত চোৰাং চিকাৰীৰ দলটোক প্ৰত্যক্ষ কৰে।
ইপিনে বনকৰ্মীৰ অভিযানৰ উমান পাই আটাইকেইজন চিকাৰীয়ে মেঘালয়ৰ দিশলৈ পলায়নৰ চেষ্টা কৰে। যদিও– বনকৰ্মীৰ অভিযানকাৰী দলটোৱে এজন চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটক হোৱা চিকাৰীজন ৰাণীৰপৰা ৮৮ কিলোমিটাৰ নিলগৰ মেঘালয়ৰ দক্ষিণ–পশ্চিম খাছিপাহাৰ জিলা সদৰ মাইৰাং এলেকাৰ মাৰকুচ মাৰবনিয়াং বুলি চিনাক্ত কৰিছে।
লক্ষণীয় যে, বনকৰ্মীৰ হাতত আটক হোৱাৰ পূৰ্বে মাৰবনিয়াঙে হাতত থকা বন্দুকটো পাহাৰৰ থিয়গৰাৰ পিনে দলি মাৰি দিয়ে। অৱশ্যে, চিকাৰীজনৰপৰা বনকৰ্মীয়ে বন্দুকৰ সজীৱ কাৰ্টিজ আৰু নিধন কৰা দুটি হাইঠা চৰাই উদ্ধাৰ কৰে।
উল্লেখ্য যে, প্ৰায় ৬ মাহ পূৰ্বে ৰাণী সংৰক্ষিত বনাঞ্চলত মেঘালয়ৰ দিশৰপৰা অহা চোৰাং চিকাৰীয়ে বন্যহস্তী চিকাৰ কৰিছিল। বিগত ডেৰ বছৰৰ ভিতৰত ৰাণীত দুটাকৈ হাতী চিকাৰীৰ হাতত নিধন হৈছিল আৰু হাতীৰ মাংস কাটি নিয়াৰ কথাও পোহৰলৈ আহিছিল।
বনবিভাগে আটক কৰা চোৰাং চিকাৰীজনৰ বিৰুদ্ধে অসম বন আইনৰ অধীনত গোচৰ ৰুজু কৰে। উক্ত গোচৰৰ ভিত্তিত ২৫ জানুৱাৰীত চিকাৰীজনক কামৰূপ জিলাৰ মুখ্যন্যায়িক দণ্ডাধীশৰ আদাতত হাজিৰ কৰোৱাত আদালতে তেওঁক জেল–হাজোতলৈ প্ৰেৰণ কৰে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News