Tuesday, April 23, 2024
HomeARTICLEজনগণৰ পঞ্চমস্তম্ভ (Fifth Pillar)

জনগণৰ পঞ্চমস্তম্ভ (Fifth Pillar)

প্ৰকাশিত তাৰিখঃ ৩১ জানুৱাৰী, ২০২২

কল্প ৰঞ্জন গগৈ–

এক দীৰ্ঘ্যম্যাদী যুদ্ধৰ ফল হিচাপে ১৯৪৭ চনৰ ১৪ জানুৱাৰীৰ মাজনিশা আমি স্বাধীন হ’লো। তাৰ পৰা তিনি বছৰ অসীম কষ্টৰে ৰচনা কৰা দেশৰ সংবিধানখন গ্ৰহণ কৰা হ’ল ২৬ নৱেম্বৰৰ ১৯৪৯ চনত। প্ৰয়োগ কৰা হ’ল ২৬ জানুৱাৰী ১৯৫০ চনত। এখন সাৰ্বভৌম, স্বাধীন, গণতান্ত্ৰিক, সমাজবাদী গণৰাজ্যৰ জন্ম হ’ল। সেই সময়ত বিশ্বৰ সকলোতকৈ দীঘল সংবিধান। নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে লিখা সংবিধান। মেগ্না কাৰ্টাখনক যদি ইংৰাজৰ সংবিধান বুলি স্বীকাৰ কৰো– ৰচনাকাল ১২১৫ চন– যেতিয়া ৰজাই ক্ষমতা ইংলেণ্ডৰ জনসভালৈ Parliament দিবলৈ বাধ্য কৰা হৈছিল– কেইজনমান অঘাইতং বেৰনৰ দ্বাৰা a few unruly barons। তেতিয়াৰ পৰা ঢাপে ঢাপে আগবাঢ়ি গৈ এসময়ত ইংলেণ্ড হৈ পৰিল দখলদাৰ বেপাৰীৰ বাহিনী।

মাৰ্কিন যুক্তৰাষ্টৰ সংবিধান ৰচনা কৰা হৈছিল ১৭৮৭ চনত। ওপৰৰ দুয়োখন দেশৰ উত্তৰণ, বিকাশ তথা বিচ্যুতি বুজিবলৈ এই দুয়োখন দেশৰ বুৰঞ্জী বিশেষকৈ তাৰ সাহিত্যৰ বুৰঞ্জী অধ্যয়ন কৰিব লাগিব।

মোৰ দেশৰ বুৰঞ্জী বুজিবলৈ হ’লে প্ৰথমে জানিব লাগিব যে আমি ইউৰোপ, আমেৰিকা বা মধ্যপ্ৰাচ্যৰ মানুহ নহয়– আমি এছিয়া মহাদেশৰহে মানুহ। ইংৰাজৰ আগতে ভাৰতবৰ্ষলৈ যিবোৰ শক্তিৰ আগমণ ঘটিছিল দখলদাৰী হিচাপে– প্ৰত্যেকেই মিলি গৈছিল ইয়াৰ সভ্যতাৰ লগত। বুদ্ধৰ পৰা আৰম্ভ কৰি শংকৰদেৱ–মাধৱদেৱ, গুৰুনানক সকললৈ। সেয়ে ৰামকৃষ্ঞ পৰমহংসই ক’ব পাৰিছিল– মই হিন্দু, ইছলাম, শিখ, খ্ৰীষ্টান– সকলো ধৰ্মৰ আদৰ্শৰে সাধনা কৰি একেটা সত্যত উপনীত হৈছো আৰু সকলো যে সত্য গম পাইছো। সয়ে উনৈশ শতিকাৰ ৰামকৃষ্ঞ পৰমহংসক ক’ব পৰা যায়– সনাতন হিন্দুধৰ্মৰ ভালত্বৰ goodnest প্ৰকাশ। আৰু তেওঁৰ শিষ্য স্বামী বিবেকানন্দ (১৮৬৩–১৯০২) আহি থকা নতুন পৃথিৱীৰ প্ৰকাশ। সেয়ে তেওঁ কৈছিল ভৱিষ্যতৰ যুগ শুদ্ৰৰহে যুগ আৰু ভৱিষ্যতৰ ভাৰতবৰ্ষ ইছলামৰ দেহা আৰু বেদান্তৰ মগজু। চিষ্টাৰ নিবেদিতাৰ মতে স্মামীজী হ’ল আহি থকা ১৫০০ বছৰৰ পৃথিৱীৰ প্ৰকাশ। সেয়ে আজি প্ৰতিজন ভাৰতীয় যুৱক–যুৱতীয়ে স্মামীজীৰ কথা হৃদয়ংগম কৰি Man Making, Character Building– মানুহ আৰু চৰিত্ৰ গঠনৰ কাৰ্যসূচী আগবঢ়াই নিব লাগিব। স্মামীজীৰ বাণী আছিল– Arid, awaked, stop not till the goal is reached|

পুৱাৰ সুৰ্য্য আজি দেশৰ ত্ৰিশ বছৰৰ তলৰ ৫০% নাগৰিক। দেশৰ ভৱিষ্যত তেওঁলোকেই। চীনৰ চেয়াৰমেন মাও চে তুংৰ মতে নতুন চীন গঢ়াৰ বাহিনী এই পুৱাৰ সুৰ্য্যৰ বাহিনী। সেয়ে তেওঁ কৈছিল– সদৰ দপ্তৰ উৰাই দিয়া– Bombard the Head Quarter। মোৰ মুৰ্তিও ভাঙি গুৰি কৰি দিয়া। ব্যক্তিপূজা নকৰিবা– উদাৰপন্থী নহ’বা। পুৰণি ধ্যান ধাৰণাক প্ৰশ্চয় নিদিবা। চক্ৰান্ত নকৰিবা।

আমাৰ বিষয়বস্তু ভাৰতবৰ্ষহে, মহাত্মাৰ ভাৰতবৰ্ষ। ইয়াত ভগৱান বুদ্ধৰ অহিংসা নীতিৰেহে দেশ স্বাধীন হৈছিল। সেয়ে আজি আমাৰ পৰীক্ষাৰ বিষয়বস্তু ইয়াৰ প্ৰজাতন্ত্ৰ, সাৰ্বভৌমত্ব আদি।

আজি পৰ্যন্ত ভাৰতবৰ্ষৰ প্ৰধান সমস্যা হৈছে যে সকলো সম্পদতকৈ শ্ৰেষ্ঠ সম্পদ মানৱ সম্পদ গঢ়িবলৈ আমি চেষ্টাই কৰা নাই। কেৱল বিনিয়োগ কৰা হৈছে শিল, বালি, ইটা, চিমেণ্টত।

মানৱ সম্পদ বিকাশৰ বাবে লাগে এটা শক্তিশালী শিক্ষা ব্যৱস্থা, এটা শক্তিশালী গণ মাধ্যম যাক আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বোলো আৰু যি গঢ়িব গণতন্ত্ৰৰ বাবে পঞ্চম স্তম্ভ fifth pillar অৰ্থাৎ জনগণ– conscious people যি ইতিহাসৰ চালিকা শক্তি হৈ প্ৰজাৰ মুক্তিৰ ইতিহাস ৰচনা কৰিব। আজি যুৱ–ছাত্ৰসকলে সোমাই থকা চক্ৰবেহুৰ পৰা মুক্ত হৈ এক স্বাস্থ্যৱান জনগণ গঢ়িবলৈ প্ৰকৃত শিক্ষানীতি গঢ়ক। যথেষ্ট বাধা আহিব পূৰণিক সংৰক্ষণ কৰা সকলৰ পৰা। ইয়াক অতিক্ৰম কৰিবই লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward