Friday, April 26, 2024
HomeARTICLEধৰ্মৰ ভিত্তিত মানুহবোৰ দুভাগত বিভক্ত হোৱা আমৰিং গাঁৱখনৰ কথা

ধৰ্মৰ ভিত্তিত মানুহবোৰ দুভাগত বিভক্ত হোৱা আমৰিং গাঁৱখনৰ কথা

প্ৰকাশিত তাৰিখঃ ১৫ ফেব্ৰুৱাৰী, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

ধৰ্মৰ ভিত্তিত এখন গাঁৱৰ মানুহবোৰ দুটা ভাগত বিভক্ত হৈছে। কেৱল দুটা ভাগত বিভক্ত হোৱাই নহয় জন্মগত সেই গাঁৱখন একেবাৰে ত্যাগ কৰি অইন এঠাইত গাঁও পাতি বসবাস কৰিছে। গাঁৱখনৰ নাম আমৰিং। কাৰ্বি জনগোষ্ঠী বসতিপ্ৰধান এখন গাঁও। পশ্চিম গুৱাহাটী সমষ্টি তথা অসম–মেঘালয়ৰ সীমান্তত অৱস্থিত এই গাঁওঁখনৰ মুঠ পৰিয়াল আছিল ৪০টা। আমৰিং ৰাণীৰ পৰা বহু দূৰৈত নহয়। কিন্তু পথ যোগাযোগ ব্যৱস্থা অতি দূৰ্গম হোৱা বাবেহে গাঁৱখন আমাৰ পৰা বহু দূৰৈত যেন লাগে। ৰাণী কপিলী বনভোজ কেন্দ্ৰৰ পৰা খোজকাঢ়ি গ’লে একৰ পৰা ডেৰ ঘণ্টাৰ ভিতৰত উক্ত গাঁওখনত উপস্থিত হ’ব পাৰি।   

অতিকৈ পুৰণি আমৰিং গাঁওখনৰ সকলোবোৰ পৰিয়াল প্ৰথমতে হিন্দু ধৰ্মাৱলম্বী আছিল। সৰু–বৰ ৪০টা পৰিয়াল একেলগে বসবাস কৰিছিল। ২০০৬ কি ০৭ চনৰ কথা। গাঁওখনৰ ৪০টা পৰিয়ালৰ ভিতৰত ২০টা একেলগে খ্ৰীষ্টান ধৰ্মত দীক্ষিত হ’ল। লগেলগে গাঁওখনৰ মানুহখিনিৰ মাজত এডাল ৰেখাৰ সৃষ্টি হ’ল। ধৰ্মৰ ভিত্তিত কথা–বাৰ্তা, খাদ্য, মৰম–চেনেহ, বিশ্বাস, পৰম্পৰা, ৰীতি–নীতি সকলোবোৰ সলনি হ’ল। বছৰ বছৰ ধৰি গাঁওখনৰ সকলো লোক ককাই–ভাই–ভনীৰ দৰে মিলা–প্ৰীতিৰে বসবাস কৰি আহিছিল। আজি অ’ত বছৰে একেলগে বসবাস কৰি থকা লোকসকল ধৰ্মৰ ভিত্তিত দুটা ফৈদ সৃষ্টি হোৱাৰ লগেলগে যেন মৰম–চেনেহ সকলোবোৰ অন্তৰৰ মাজৰ পৰা হেৰাই যাব ধৰিলে। এসময়ত কান্ধত ধৰাধৰিকৈ ডাঙৰ হোৱা লোকসকলৰ মাজতেই যেন অমিল হ’ল। আগতে গাঁওখনৰ মানুহবোৰ বজাৰ দিনটো বাদ দি সপ্তাহটোৰ সকলো দিনতে হাড়ভঙা পৰিশ্ৰম কৰিছিল। কিন্তু ধৰ্মৰ ভিত্তিত সেইবোৰ সলনি হ’ল। এটা চামে কপালৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰি থকা সময়ত অন্য এটা চামে চাফ–চিকুন হৈ গাত সুগন্ধি সানি হাতত বাইবেল লৈ উপাসনা কৰিবলৈ যায়। খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত হোৱাৰ আগতে তেওঁলোকেও একেদৰে পৰিশ্ৰম কৰিছিল। এনেকৈ কেইটামান বছৰ অতিক্ৰম কৰাৰ পাছত এটা ফৈদে জন্মগত পুৰণি সেই গাঁওখনকে ত্যাগ কৰাৰ কথা চিন্তা কৰিলে। অকল চিন্তা কৰাই নহয় বাস্তৱত ৰূপায়ন কৰিলে। খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত হোৱা ২০টা পৰিয়ালক পুৰণি গাঁওখনত এৰি থৈ এক কিলোমিটাৰ নিলগৰ নাৰলিং (নৰ্লং) নামৰ ঠাইখনত হিন্দু পৰিয়ালকেইটাই নতুনকৈ বসতি স্থাপন কৰিলে। সেয়া প্ৰায় ২০০৮ চনৰ কথা। নাৰলিং ৰাণীৰ পৰা গ’লে আগতে পোৱা যায়, সেই ঠাইখনৰপৰা এক কিলোমিটাৰ অতিক্ৰম কৰিলেহে আমৰিং গাঁওখন পোৱা যায়। নাৰলিং আগতে বড়ো, ৰাভা জনগোষ্ঠীৰ লোকেৰে পৰিপূৰ্ণ এখন গাঁও আছিল। অটব্য অৰণ্যৰ মাজৰ সেই গাঁওখন হাতীৰ বৰ উপদ্ৰৱ আছিল। দিনকদিনে বাঢ়ি যোৱা হাতীৰ উপদ্ৰৱত তিস্থিব নোৱাৰি সেই ঠাইখনকে ত্যাগ কৰিলে আৰু তাৰ বাসিন্দাসকল ৰাণীত থাকিবলৈ ল’লে। মানুহবোৰ সেই ঠাইখনৰপৰা আঁতৰি যোৱাৰ লগেলগে তাত ৰোপন কৰা কল, তামোল, নাৰিকল সকলোবোৰ বনৰীয়া হাতীয়ে খাস্তাং কৰিলে। বহু বছৰ তেনেকৈয়ে পৰি থকা ঠাইখনত অৱশেষত আমৰিঙৰ পৰা ফালৰি কাটি অহা লোকসকলৰ বসতি স্থাপনত পুনৰ প্ৰাণপাই উঠিল। বসতি স্থাপনৰ আজি বাৰ বছৰ অতিক্ৰম কৰা গাঁওখনক সুন্দৰভাৱে গঢ়ি তুলিছে। শৈক্ষিক দিশত অগ্ৰাধিকাৰ দিয়া গাঁওখনত ২০০৯ চনত এখন জাতীয় বিদ্যালয় স্থাপন কৰিছে। কিনাৰাম ৰাভাই শিক্ষকতা কৰি থকা বিদ্যালয়খনত বৰ্তমান ছাত্ৰ–ছাত্ৰীৰ সংখ্যা ২৫গৰাকী। কিনাৰাম এসময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কামৰূপ জিলা সমিতিৰ সভাপতি আছিল। শিক্ষাৰ মান উন্নত হোৱা বাবে বিদ্যালয়খনত অঞ্চলটোৰ দূৰ–দূৰণিৰ গড়ভঙা, নুমলিপথাৰ, ডুম’পাহাম আদি গাঁৱৰ পৰাও ছাত্ৰ–ছাত্ৰী আহিছে। এইকথা গাঁওখনৰে এজন লোক বীৰেন টুমুঙে কয়।

নাৰলিং গাঁৱত কেন্দ্ৰীয় চৰকাৰৰ অৰ্থসাহাৰ্যত ৪৪০ ভল্টৰ সৌৰ শক্তি চালিত প্ৰকল্প এটি স্থাপন কৰিছে। কৃষ্ঞ টুমুঙৰ বাৰীত স্থাপন কৰা উক্ত সৌৰ প্ৰকল্পৰ পৰাই গাঁৱখনৰ সকলো পৰিয়ালকে বিদ্যুৎ সংযোগ দিছে। সৌৰ বিদ্যুৎ ব্যৱহাৰৰ ফলত গাঁওবাসীয়ে কোনো মাচুল ভৰিব নালাগে। সেয়ে গাঁওখনত এতিয়া ২৪ ঘণ্টাই বিজুলী যোগানৰ সু–ব্যৱস্থা গঢ়ি উঠাত সকলো পৰিয়ালে লাইট জ্বলাবপৰা অৱস্থা এটা হৈছে। প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ মাজত অৱস্থিত গাঁৱখনত সৌৰ বিজুলীৰ পোহৰত নিশা ৰঙীণ হৈ উঠে। প্ৰকৃতিয়ে দান কৰা মুক্ত বায়ু সেৱন কৰিয়েই ক্ষান্ত থকা নাই প্ৰায় সংখ্যক পৰিয়ালতে বিজুলী ফেনৰ পৰা কৃত্ৰিম বতাহো সেৱন কৰিছে। গাঁৱখনত টিভিৰ প্ৰচলন হোৱাত বহিঃবিশ্বৰ ঘটনা–পৰিঘটনা সমূহ চাবপৰা সৌভাগ্য ঘটিছে। নিৰ্দিষ্ট কিছু ঠাইত চেল ওৱান আৰু এয়াৰটেলৰ নেটৱৰ্ক সুন্দৰভাৱে পোৱা যায়। সেই ঠাই সমূহৰ পৰাই তেওঁলোকে বহিঃবিশ্বৰ সৈতে ম’বাইল ফোনেৰে যোগাযোগ স্থাপন কৰে।

প্ৰায় পঞ্চাশ বৰ্ষ অতিক্ৰম কৰা হৰ্গ টুমুং আমৰিং গাঁৱৰ বাসিন্দা। আতা–পিতা সকলোৱে হিন্দু পৰিয়ালত জন্ম গ্ৰহন কৰা হৰ্গই অৱশেষত খ্ৰীষ্টান ধৰ্ম গ্ৰহন কৰিছে। গাঁৱখনৰ পৰিয়ালকেইটাক খ্ৰীষ্টান ধৰ্ম গ্ৰহন কৰিবলৈ কোনে উৎসাহিত কৰিলে সেয়া অন্য কথা। কিন্তু হৰ্গই হেনো হিন্দুৰ জনজাতীয় ৰীতি–নীতিমতে পূজা–পাতল কৰি খৰছান্ত হৈ পৰিছে। সেয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহন কৰিলে। হৰ্গৰ মতে– আমি অৰণ্যৰ মাজত বসবাস কৰা জনজাতীয় মানুহ। অৰণ্যৰ মাজতে আমাৰ জীৱন–জীৱিকাৰ ভাৰসা। জীৱিকাৰ তাড়নাত হাবি–বনত ঘূৰি ফুৰোতে জংগলৰ দেৱতাসকলে আমাক লম্ভে। আমাৰ জংঘলৰ দেৱ–দেৱীসকল বৰ কাঢ়া। গতিকে পূজা–পাতলৰ ৰীতি–নীতিও কঠোৰ। ৰীতি–নীতিৰ  ভিতৰত পূজা–পাতল আগবঢ়াব নোৱাৰিলেই নিজৰ বিপদ। নৰিয়াত পৰি মৃত্যু পৰ্যন্ত হ’ব পাৰে। গতিকে, দেৱ–দেৱীসকলৰ কোনোজনক গাহৰি, কোনোজনক মুৰ্গী, কোনোজনক কেঁচা মদ আগবঢ়াই পূজা–পাতল আগবঢ়াব লাগে। ইপিনে, ৰাজহুৱাভাৱেও গাঁৱখনৰ পৰা মৰি–মাৰক, অশূয়া–অমংগল দূৰ কৰিবলৈ প্ৰতি বছৰে বনৰ দেৱ–দেৱীসকললৈ পূজা–পাতল এভাগ আগবঢ়োৱা হয়। হৰ্গই যেতিয়াৰ পৰা খ্ৰীষ্টান ধৰ্মত দীক্ষিত হ’ল তেতিয়াৰ পৰা হিন্দু দেৱ–দেৱীৰ ওচৰত এনেদৰে পূজা–পাতল আগবঢ়াবলগীয়া হোৱা নাই। গাহৰি, মুৰ্গী, মদ আগবঢ়োৱা পূজা–পাতলৰ পৰা তেখেতে ৰেহাই পাইছে। হিন্দু থাকোতে দেৱ–দেৱীৰ প্ৰতি যি ভয়–শংকা আছিল খ্ৰীষ্টান হোৱাৰ পাছত এতিয়া হেনো সেইবোৰ নোহোৱা হৈছে। এতিয়া খ্ৰীষ্টান নীতিমতে উপাসনা কৰিলেই হৰ্গৰ সকলোবোৰ অশূয়া–অপ্ৰীতি হেনো দূৰ হয়।

আমৰিং আৰু নাৰলিং গাঁও দুখনৰ মাজৰ দূৰত্ব এক কিলোমিটাৰ। যদিও– নাৰলিং প্ৰাথমিক বিদ্যালয় আমৰিং গাঁওখনতহে স্থাপন কৰিছে। ১৯৭৭ চনত স্থাপিত চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত বৰ্তমান ছাত্ৰ–ছাত্ৰীৰ সংখ্যা প্ৰায় ২০গৰাকী। গাঁৱৰ ৰাইজে বিদ্যালয় গৃহ, চৌহদ বৰ সুন্দৰকৈ চাফ–চিকুন কৰি ৰাখিছে। কিন্তু বিদ্যালয়খনত শিক্ষকগৰাকীৰহে পদধূলা নপৰে। দূৰ্ভাগ্যজনক কথা– মাহটোৰ তিনিটা দিনো হেনো স্কুলত উপস্থিত নাথাকে উক্ত শিক্ষকগৰাকীয়ে। এজনীয়া শিক্ষকেৰে পৰিচালিত বিদ্যালয়খনৰ বৰ্তমানৰ শিক্ষক দীপক ৰাভা। ৰাণীৰ নতুন বাটাবাৰী গাঁৱত তেখেতৰ ঘৰ। কৰ্তব্য পালন অবিহনে শিক্ষকগৰাকীয়ে এনেদৰে বছৰ বছৰ ধৰি চৰকাৰী বেতন ভোগ কৰি আছে। কৰ্তব্যৰ প্ৰতি অৱহেলাৰ অভিযোগত শিক্ষকগৰাকীক এবাৰ চাকৰিৰ পৰাও নিলম্বন কৰিছিল। উক্ত নিলম্বন প্ৰক্ৰিয়াৰ অন্তত বৰ্তমান নাৰলিং প্ৰাথমিক বিদ্যালয়ত নিযুক্তিলাভ কৰিছে। কিন্তু শিক্ষকগৰাকীৰ মুখেই দেখা নাপায় বুলি গাঁওখনৰ বাসিন্দাসকলে অভিযোগ উত্থাপন কৰে। বিপৰীতে, অসমৰ অৱহেলাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে মেঘালয়ে। অসমৰ প্ৰাথমিক বিদ্যালয়খনৰ পৰা প্ৰায় দুশ ফুট আঁতৰত মেঘালয়ৰ পৰা খ্ৰীষ্টান মিচনাৰীয়ে বিদ্যালয় এখন স্থাপন কৰিছে। বিদ্যালয়খনত বৰ্তমানেও কোনো চাইনব’ৰ্ড লগোৱা হোৱা নাই। গাঁৱখনৰে এজন যুৱক নৰেশ্বৰ টুমুঙক মিচনেৰী বিদ্যালয়খনত শিক্ষক দায়িত্বত নিযুক্তি দিছে। শিক্ষকগৰাকী অনুপস্থিত থকাৰ বাবে আমৰিং প্ৰাথমিক বিদ্যালয়ৰ পৰা সকলোবোৰ ছাত্ৰ–ছাত্ৰী মিচনেৰীয়ে স্থাপন কৰা বিদ্যালয়খনতে পঢ়া–শুনা কৰিবলৈ বাধ্য হৈ পৰিছে।

অসম চৰকাৰৰ শিক্ষা বিভাগে বিষয়টোৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহন কৰিবলৈ আমৰিং গাঁৱৰ ৰাইজে দাবী জনাইছে।

শিৰোনামৰ ফটোঃ প্ৰভাত ৰাভা

Title Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward