Friday, April 26, 2024
HomeARTICLEপথ নিৰ্মাণক কেন্দ্ৰ কৰি অসম–মেঘালয় সীমান্তত মাৰপিট

পথ নিৰ্মাণক কেন্দ্ৰ কৰি অসম–মেঘালয় সীমান্তত মাৰপিট

প্ৰকাশিত তাৰিখঃ ১৩ মে’ ২০১৯

চি এন ডেক্স

অসম–মেঘালয় সীমান্তৰ এটি পথ নিৰ্মাণক কেন্দ্ৰ কৰি যোৱা সপ্তাহত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাটো পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ পলাশবাৰী থানাৰ অন্তৰ্গত ভালাখোৱা গাঁৱত সংঘটিত হয়। ভালাখোৱা প্ৰকৃততে অসমৰ যদিও উক্ত গাঁৱৰ আশে–পাশে মেঘালয়ে নতুন ভালাখোৱা নামৰ গাওঁ এখনৰ সৃষ্টি কৰিছে।

ঘটনা অনুসৰি– প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত মুদুকীৰ পৰা জিমিৰি গাওঁ–কুণ্ডিল নগৰলৈ ৭.৯৫ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম চলি আছে। এই পথটো ২০১৮ চনৰ ১২ এপ্ৰিলত সমষ্টিটোৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শুভাৰম্ভ কৰিছিল। উক্ত পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ অন্য এটি পথেৰে কঢ়িয়াব লগা হয়। যিটো পথৰ এছোৱা মেঘালয়ৰ নতুন ভালাখোৱা গাঁৱৰ অন্তৰ্ভূক্ত।

ঘাটনাৰ নায়ক মাইকেল ৱাৰজ্ৰী নামৰ এজন আদহীয়া খাছি লোক। মাইকেল হ’ল নংস্পুং হিমাৰ (এলেকা) ছেক্ৰেটাৰী। ইয়াৰ সুবাদতে ব্যক্তিজনে যি ইচ্ছা তাকেই কৰে। বিভিন্ন সময়ত অসমৰ বাসিন্দাসকলক নানা ধৰণে হাৰাশাস্তি কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। গতিকে পথ নিৰ্মাণৰ ক্ষেত্ৰতো পূৰ্ণ সুযোগ গ্ৰহণ কৰে মাইকেলে। গাড়ী অহা–যোৱা কৰিব নোৱাৰাকৈ পথটোৰ সোঁ মাজত এটি খুটা পুটি দিয়ে আৰু প্ৰতিখন গাড়ী অহা–যোৱাৰ বাবদ দুহেজাৰ টকাকৈ দাবী কৰে। এই ঘটনাকলৈয়ে ব্যক্তিজনৰ লগত পথ নিৰ্মাণৰ সামগ্ৰী কঢ়িওৱা গাড়ীৰ চালকৰ লগত তৰ্ক–বিতৰ্কৰ সূত্ৰপাত ঘটে। অসৎ প্ৰকৃতিৰ মাইকেলে অৱশেষত গাড়ীৰ চালকক মাৰণাস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰে। এই কথা অসমৰ অন্তৰ্গত ভালাখোৱা গাঁৱৰ ৰাইজে জানিব পাৰি উত্তেজিত হৈ পৰে আৰু সদলবলে ওলাই গৈ মাইকেলক এসেকা প্ৰদান কৰে। মাইকেলেও চোকা দা এখন আনি জধে–মধে আক্ৰমণ কৰাত অসমৰ কেইবাজনো ব্যক্তি আঘাতপ্ৰাপ্ত হয়।

ইপিনে যোৱা ৮ মে’ত মাইকেলক পলাশবাৰী আৰক্ষীয়ে আটক কৰি থানালৈ আনে আৰু উক্ত ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি ইয়াৰ প্ৰতিবেদন নংপো থানালৈ প্ৰেৰণ কৰে। বিপৰীতে, মাইকেলক মাৰ–ধৰ কৰা আৰু তেওঁৰ সা–সম্পত্তি ধ্বংস কাৰ্যত জড়িত থকাৰ অপৰাধত অসমৰো তিনিজন ব্যক্তিক মেঘালয়ৰ নংপো থানাই আটক কৰে।

এইখিনি ঘটনালৈ সকলো ঠিক আছিল যদিও এক উৰা বাতৰিয়ে সকলো ওলট–পালট লগাই দিয়ে সীমান্তবাসী অসমৰ ৰাইজক। গাঁৱৰ কোনো কোনোৱে শুনিবলৈ পায় হেনো মেঘালয়ৰ খাছিসকলে নিশা নামি আহি অসমৰ ভালাখোৱা গাঁৱত আক্ৰমণ কৰিব। ফলত গাঁৱবাসী ভীতিগ্ৰস্ত হৈ পৰে আৰু অন্য স্থানত আশ্ৰয় গ্ৰহণ কৰে।

অসমৰ প্ৰশাসনে ভালাখোৱা গাঁৱৰ এই সংবাদ লাভ কৰাৰ পাছত এটি আৰক্ষী বাহিনী লগত লৈ পলাশবাৰী ৰাজহ চক্ৰ বিষয়া সুস্বপ্না কাকতী আৰু কামৰূপ জিলাৰ উপ–আৰক্ষী অধীক্ষক কল্যাণ পাঠক, পলাশবাৰী থানাৰ অ’ চি সত্যেন হাজোৱাৰীয়ে উক্ত গাওঁখনত উপস্থিত হয়। ঠিক তেনে সময়তে মেঘালয়ৰ ৰি–ভয় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ–আৰক্ষী অধীক্ষকসকসহ এটি দলেও উক্ত স্থানত উপস্থিত হয়। মেঘালয় প্ৰশাসনৰ দলটোৱে উক্ত স্থানত নতুনকৈ কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই বুলি অসম প্ৰশাসনৰ দলটোক অৱগত কৰে।

ঘটনা সন্দৰ্ভত অসম আৰু মেঘালয় প্ৰশাসনীয় দল দুটাৰ মাজত এক আলোচনা চলে আৰু গাঁৱখনৰ জনসাধাৰণক উৰা বাতৰিত ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান জনায়। ইয়াৰ পাছতো কিন্তু গাঁৱখনৰ ৰাইজে আশ্বাস্ত হ’ব পৰা নাই। সীমান্তৱৰ্তী অঞ্চলটোত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰবাবে দুয়ো ৰাজ্যৰ পুলিচ প্ৰশাসনে যুটীয়াভাৱে অৱস্থান কৰি পৰিস্থিতি নিৰীক্ষণৰ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে, অসম চৰকাৰৰ নিৰ্লিপ্ততাৰ বাবে পশ্চিম গুৱাহাটী সমষ্টিৰ অসম–মেঘালয় সীমান্তৰ একাংশ অসমৰ বাসিন্দাই দীৰ্ঘদিনৰ পৰাই মেঘালয় চৰকাৰক সমৰ্থন আৰু নিৰ্বাচনত ভোটদান কৰি আহিছে। মেঘালয় চৰকাৰৰ পৰা কিছু সা–সুবিধা পোৱাৰ আশাত এই কাৰ্য বহু বছৰৰ পৰা কৰি আহিছে। সেয়ে আজি সীমান্তৱৰ্তী অসমৰ গাঁৱত মেঘালয়ৰ প্ৰৱেশ ঘটিছে। সীমান্তৰ অসমীয়া বাসিন্দাই দ্বৈত ভূমিকা পালন কৰি অহাৰ বাবে এতিয়া সঘনাই অপ্ৰীতিকৰ ঘটনাসমূহ ঘটিব ধৰিছে। সেয়ে সীমান্তত বসবাস কৰা অসমৰ কোনো বাসিন্দাই এতিয়াৰ পৰা এনে ভূমিকা পালন নকৰাৰ সিদ্ধান্ত লওঁক। মেঘালয় চৰকাৰৰ ক্ষুদ্ৰ সাহাৰ্যত লালায়িত নহ’ব। দেখা গৈছে, অসম চৰকাৰে সাহাৰ্য প্ৰদান কৰিব খুজিলেও সীমান্তৰ কোনো খাছি বাসিন্দাই সেয়া গ্ৰহণ নকৰে। অসমৰ বাসিন্দাইয়ো মেঘালয়ৰ স্বাৰ্থ জড়িত সাহাৰ্য বৰ্জন কৰক। নহ’লে এদিন নহয় এদিন এই অঞ্চলো মেৰাপানীৰ দৰে অশান্তজৰ্জৰ হৈ পৰিব। সময় থাকোতে এই কথা চিন্তা কৰা ভাল।

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward