Saturday, December 14, 2024
HomeARTICLEপাহি

পাহি

প্ৰকাশিত তাৰিখঃ ১৭ মে’ ২০২১

গিৰিশ দাস

পাহি মৰিল। মনটো কিবা বেয়া লাগি গ’ল। সকলো প্ৰাণীয়ে মৰে। জন্মৰ লগে লগে মৃত্যুও গাঁঠি দিয়ে নেদেখাজনে। কোনো আগতে মৰে– কোনো পিছত। কোনোৱে জন্মৰ প্ৰাথমিক অৱস্থাতে মৃত্যুৰ শীতল কোলাত আশ্ৰয় লয়। কোনোৱে মধ্যম বয়সত, কোনোৱে পূৰ্ণ জীৱন–যাপন কৰি হিচাপতকৈ বেছি দিন থাকি কিংৱদন্তিলৈ ৰূাপন্তৰিত হয়। মুঠৰ ওপৰত সকলো মৰণশীল। পাহিও মৰিল। মৃত্যু স্বাভাৱিক তথাপি পাহিৰ মৃত্যুৱে মোক দুখ দিছে অজানিতে।

নাভাবো নাভাবো বুলিও পাহিৰ কথাবোৰ বাৰে বাৰে মনলৈ আহি আছে। কিছুদিন আগৰ পৰাহে পাহিক দেখিবলৈ পাওঁ। প্ৰথম অৱস্থাত পাহিক দেখিছো– তাতেই শেষ। পাহি সম্পৰ্কত কোনো ঐৎসুক্য নাছিল। কেতিয়াবা কুঁৱাৰ পাৰত কেতিয়াবা পদূলিত, কেতিয়াবা পদূলিত, কেতিয়াবা আলিৰ কেঁকুৰীত ৰৈ থকা অৱস্থাত পাহিক দেখিছিলো। কেতিয়াবা মোৰ আগেৰেই পাহি পাৰ হৈছিল। তথাপিও পাহিয়ে মোৰ মনত কোনো ছাপ পেলাব পৰা নাছিল। সময় আগবঢ়াৰ লগেলগে পাহি লাহে লাহে সাময়িকভাৱে মোৰ নিচেই ওচৰ চাপি অহা হ’ল। যিটোৰ বাবে মই পাহি সম্পৰ্কে অলপ সচেতন হ’ব লগা হ’ল। পাহিৰ কথা ভাবিব লগা হ’ল।

মোৰ অকলশৰীয়া প্ৰবাসী জীৱন। কৰ্মৰ দায়িত্বৰ বাবে ল’ৰা–তিৰোতা ঘৰত এৰি প্ৰবাসী জীৱন যাপন কৰিছোঁ। সময় সুবিধামতে মাহত এবাৰ ঘৰলৈ যাওঁ। অভাৱী সংসাৰখনত যোৰা–তাপলি মাৰি চলোতে চলোতে অভাৱৰ পাহাৰৰ সৃষ্টি হৈছে। যিবোৰ পূৰণ কৰা অসম্ভৱ হৈ পৰিছে। ঘৰত ল’ৰা তিৰোতাৰে থকা সময়খিনিত অভাৱক সাময়িকভাৱে হ’লেও মনৰ পৰা আতৰাই শুকান জেওৰাৰ ৰস উলিওৱাৰ দৰে অভাৱী সংসাৰত সুখৰ সপোন দেখোঁ। মায়াত মোহ গৈ সংসাৰখন জোনাকী পৰীৰ লীলা–খেলাৰ দৰে অনুভৱ কৰিবলৈ চেষ্টা কৰোঁ। দুখৰ পিছত সুখ আহিব বুলি সান্তনা লভো। তাৰ পিছত বিচ্ছেদৰ বেদনা আৰু পোৱাৰ এবুকু আশা লৈ কৰ্মস্থলীলৈ ৰাওনা হওঁ।

অভাৱৰ বোজা কমোৱাৰ বাবে অৰ্থাৎ অৰ্থ সঞ্চয় কৰাৰ আশাৰে নিজে বন্ধা–বঢ়া কৰি খাওঁ। বেছি ভাগেই আলু পিটিকা আৰু নিমখ ভাত। কেতিয়াবা টকা–পইচা হাতত থাকিলে দালি–তৰকাৰী আনি পৰম তৃপ্তিৰে খোৱাৰ প্ৰস্তুতি কৰোঁ। কিন্তু দালি–তৰকাৰী সহ ভাত সাজি লৈ খাবলৈ বহিলে ঘৰলৈ মনত পৰে। মনত পৰে ঘৰত এৰি অহা পোনাহঁতৰ কথা। মই টকা–পইচা ভাঙি দোকানৰ পৰা অনা দালি–তৰকাৰী ৰান্ধি–বাঢ়ি ভাত খাব ওলাইছোঁ। ঘৰত ল’ৰা–তিৰোতাৰ বাবে কিজানি ভাতৰ লগত নিমখখিনিও মিলা নাই– অলেখ চিন্তাৰ পৰিণতিত ভাত আৰু খোৱা নহয়, সাজি লোৱা ভাত কাঁহীত থাকে পেটত ভোক থাকিলেও ভাত ভিতৰলৈ নাযায়। এনেকুৱা এটা দিনতে পাহি আহি মোৰ বাৰান্দাত ৰৈ আছে। মনৰ দুখতে ভাত দালি তৰকাৰী সবাকে পাহিক দি দিলো। পৰম তৃপ্তিৰে পাহিয়ে খাবলৈ ধৰিলৈ। মই চৰু–হাড়ী, কাঁহী–বাতি ধুই পাকঘৰ বন্ধ কৰিলোঁ। সেইদিনাৰ পৰাই পাহিৰ লগত মোৰ এটা সম্পৰ্ক গঢ়ি উঠিল। পাহিয়ে এতিয়া মোক আৰু ইতস্ততঃ নকৰে। মোৰো পাহিলৈ এটা মৰম সোমাই গ’ল। আমি যেন বহু আগৰে চিনাকী– এনে ধৰণৰ সম্পৰ্ক এটা গঢ়ি উঠিল মোৰ আৰু পাহিৰ মাজত। দিনৰ ভাগত কামৰ ব্যস্ততাৰ বাবে মূৰ দাঙিবলৈ সময় নাই। ৰাতিপুৱাই পানী অনা গা–ধোৱা আদি কামৰ লগতে ৰন্ধা–বঢ়া কৰোঁতে গাত তত্‌ নাইকীয়া হয়। মোৰ ব্যস্ততা দেখি কিজানি ৰাতিপুৱা ভাগত পাহি মোৰ ওচৰলৈ নাহে। আহিলেও মোৰ মুৰ দঙাৰ সময় নাথাকে। বোধহয়, মোৰ পৰা কোনো সঁহাৰি নোপোৱাৰ বাবে পাহি ওচৰ চাপি নাহে।

সন্ধিয়াৰ পিছত অৱশ্যে এই ব্যস্ততা নাই। গোটেই ৰাতিটো পৰি থকাৰ বাবে তাৰা–হুৰাৰ প্ৰয়োজন নাই। সুস্থিৰ মতে ৰাতিৰ খোৱা লোৱা কৰিব পাৰো। ৰান্ধি–বাঢ়ি খাব বহাৰ কিছু পিছতে পাহি আহে। বাৰান্দাত থাকি নিজৰ উপস্থিতিৰ সংকেট দিয়ে। কিন্তু পাকঘৰলৈ সোমাই নাযায়, যেতিয়ালৈকে মই নামাতো। পাহিৰ উপস্থিতি বুজিয়ে তাইৰ কাৰণে কিছু ভাত ৰাখি বাকীখিনি খাই লওঁ। ৰোৱা ভাতখিনি পাহিক দিওঁ। কিন্তু কোনোদিনে পাহিক কাঁহী–বাতিবোৰ চাফা কৰি দিয়াৰ সুযোগ দিয়া নাই। কিয় জানো কাঁহী–বাতিবোৰ পাহিয়ে চাফা কৰি দিলে মোৰ বেয়া লাগে। সেয়ে পাহিয়ে বাচন–বৰ্ত্তন চাফা কৰাৰ আগতে মই নি ঘহি মাজি ধুই আনো। এনেকৈয়ে পাহিৰ লগত মোৰ ঘনিষ্ঠতা গভীৰৰ পৰা গভীৰতালৈ গৈ আছে।

ভাত পানী খাই হাতত বিচনীখন লৈকিছু সময় ইফালে–সিফালে কৰি কটাওঁ। গাটো জুৰ পৰালৈ চোতালতে ইফালে–সিফালে ঘূৰি ফেন থকা শোৱা কোঠালৈ আহো। তেতিয়া কিন্তু পাহি ভাত কেইটা খাই আৰু নাথাকে, গুছি যায়। ময়ো পাহিৰ কথা বিশেষ নাভাবো। ভাবিবলগীয়া বহু কথাই আছে– এই মাহত দৰমহা নহয়, হ’লে বাৰু কেতিয়ালৈ হ’ব? দৰমহা পোৱাৰ পিছত ঘৰলৈ যোৱাৰ পৰিকল্পনা। ঘৰত গৈ কি কি কৰিম। ল’ৰা–তিৰোতাৰ বাবে ইয়াৰ পৰা কিবা নিম নেকি? ইয়াত বস্তু–বাহানি কিনিলে ঘৰলৈ নিব লগা টকাৰ পৰিমাণ কমিব। তেতিয়া সমস্যাৰ যোৰা মাৰিব পাৰিম নে? ইত্যাদি ইত্যাদি অনেক চিন্তা, বহুত কল্পনা–চকুলৈ টোপনি নামি আহোঁতে অযথা পলম। যা–হওক এটা সময়ত নিদ্ৰাদেৱীৰ কোমল কোলাত হেৰাই যাওঁ।

এদিন ৰাতিপুৱা। সুৰুযৰ মিঠা পোহৰ জোলোঙাৰে আহি কোঠাটো পোহৰ হৈ পৰিছে। ৰাতি সীমাহীন কল্পনাৰ পাখিত উৰোঁতে বহু ৰাতিলৈ টোপনি অহা নাছিল। সাৰ পাওঁতে পলম হ’ল। সাৰ পাই দেখো যে পাহি মোৰ বিচনাত, মোৰ লগত শুই আছে। পুৱাই পাহিক মোৰ বিচনাত দেখি খং আৰু ঘৃণাত মোৰ মন বিমৰ্ষ হৈ গৈছিল। ভালকৈ এচাট লগাই দিম বুলি ভাবিলো। কিন্তু নোৱাৰিলোঁ– পাহিৰ নিৰ্ভয় মুখখন দেখি মোৰ দয়া উপজিল। বিচনাৰ পৰা নামি গৈ দুৱাৰখন খুলি দিওঁতে, খুব সাৱধানে সুৰ সুৰকৈ পাহি ওলাই গ’ল। এনেকৈ প্ৰায়ে ৰাতি পাহি মোৰ লগত শোৱে। কিন্তু কেতিয়া পাহি আহি মোৰ বিচনাত শোৱে মই গমকে নাপাওঁ। মই অনুমান কৰো নিশা গভীৰ হোৱাৰ লগে লগে পৃথিৱীখন নিতাল মাৰিলে চুচুক–চামাককৈ পাহি আহে কোনেও নজনাকৈ, কোনেও নেদেখাকৈ। এদিন ৰাতি মই গভীৰ টোপনিত। মাজ নিশা বিকট চিঞৰত মই সাৰ পাই গ’লো। সাৰ পাই দেখো যে এটা মতাৰ লগত পাহিৰ কাজিয়া– ভীষণ কাজিয়া। মই কিংকৰ্তব্য বিমূঢ় হৈ পৰিলো। সিফালৰ কোঠাৰ পৰা ঘৰৰ মালিকে পাহিহঁতক ধমক দি আছে– ময়ো টোপনিৰ আল–জালতে হৈ হৈ হায় হায় কৰি দুৱাৰখন মেলি দিলো পাহিহঁত ওলাই গ’ল। ময়ো স্বস্তিৰ নিঃশ্বাস পেলালো। মই আহি আকৌ বিচনাত পৰিলো। টোপনি অহা নাই। অলপ পিছত মালিকৰ বাৰান্দাত পাহিহঁতৰ আকৌ কাজিয়া। এইবাৰ মালিকে লাঠিলৈ পাহিহঁতক খেদা গম পালো। ইয়াৰ পিছতো সুবিধা পালেই পাহিয়ে নিশা মোৰ সংগী হ’বলৈ পাহৰা নাই।

আজি অফিচ ছুটিৰ পিছত কেইজনমান বন্ধুৰ সতে বজাৰলৈ গ’লো। লগৰ দুজনমানে বজাৰ কৰিলে। দৈনিক বাতৰিবোৰ ইয়াত সন্ধিয়াহে আহি পায়। বাতৰিৰ পৰিবেশিত বিভিন্ন বাতৰি আন ঠাইত পুৰণি হৈ গ’লেও ইয়াত সন্ধিয়াহে গৰম হৈ উঠে। গৰম গৰম বাতৰিৰ আলোচনা গৈ গৈ শেষত প্ৰথম পৃষ্ঠাৰ পৰা শেষ পৃষ্ঠালৈ জুৰি থকা মৃত্যুৰ বাতৰিলৈ আগবাঢ়ি গ’ল। মৃত্যু বিভিন্ন ধৰণে হয়। কোনোবাৰ মৃত্যূ হয় স্বাভাৱিকভাৱে বাৰ্দ্ধক্যজনিত কাৰণত। কাৰোবাৰ দূৰ্ঘটনাত–ৰেল, মটৰ, পানীত পৰি, বিদ্যুৎ প্ৰবাহিত হৈ বিভিন্ন দূৰ্ঘটনা মৃত্যুৰ কাৰণ হৈ পৰে। আত্মহত্যাৰেও মানুহ মৃত্যুমুখী হয়– চিপজৰী লৈ, বিষ খাই, গাত জুই লগাই, পানীত জপিয়াই আৰু বহুত কিবাকিবিৰে মানুহ আত্মহত্যা কৰে। বেমাৰহৈও মানুহ মৰে আৰু কিছুমান মানুহৰ মৃত্যু হয় অভাৱনীয়ভাৱে আন হত্যাকাৰীৰ দ্বাৰা– গুলী লাগি, ডেগাৰৰ খোচ খাই, টাঙোনৰ কোব খাই। মৃত্যুৰ বিভিন্ন কাৰণৰ ওপৰত বৰ্তমান অৱস্থাত অৰ্থহীন আলোচনাৰে মন গধুৰ কৰি ঘৰলৈ বুলি খোজ লওঁ। মই থকা ঘৰ পাবলৈ অলপমান বাকী আৰু দুঘৰমান মানুহ পাৰ হ’লেই মই থকা ঠাই পাওঁ। এনেতে দেখিলো মানুহৰ সৰু জুম এটা। দূৰৈৰ পৰাই জুমটো দেখি কিবা এটা হোৱা বুলি অনুমান কৰিব পাৰিছো। গতি গম নোপোৱাকৈ বাঢ়ি গ’ল। জুমটোৰ ওচৰ পাই আচৰিত হ’লো। পাহি পৰি আছে নিথৰ হৈ। জুমটোৰ মাজৰ দুজনীমান তিৰোতাৰ ইস্‌ আস্‌ সমবেদনাৰ প্ৰকাশ। বাকীবোৰ নিৰৱ দৰ্শক। ওচৰ চাপি সুধিলো, কেনেকৈ মৰিল? এজনে বুকু ফুলাই যেন ক’লে, মই মাৰিছো। বাক্য শাৰীত বিজয়ৰ উল্লাস।

– কিয় মাৰিলি?

নামাৰিম, এইজনীৰ উৎপাতত ৰ’ব নোৱাৰা হৈছো। ঘৰত পাৰ চৰাইৰ বিধান মাৰিলে। চুৰ কৰি শেষ কৰিলে। গাখীৰ মাছ একোকে ৰাখিব নোৱাৰা হৈছো।  

কথা শুনি মই নিশ্চুপ হৈ গ’লো। জুমৰ মাজৰ পৰা কোনোবা এজনী তিৰোতাই ক’লে– ‘মেকুৰীটো যে মাৰিলি, এতিয়া সোণৰ মেকুৰী দিব লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

(লেখক ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক)

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward