Tuesday, April 29, 2025
Homeবাতৰিৰাভা হাছঙত উৎসাহজনক পৰিৱেশৰ মাজত পৰিষদীয় নিৰ্বাচন সম্পন্ন

ৰাভা হাছঙত উৎসাহজনক পৰিৱেশৰ মাজত পৰিষদীয় নিৰ্বাচন সম্পন্ন

প্ৰকাশিত তাৰিখঃ ৩ এপ্ৰিল, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ সাধাৰণ নিৰ্বাচন ২ এপ্ৰিলত অনুষ্ঠিত হৈ যায়। মুঠ ৩৬ টা পৰিষদীয় সমষ্টিৰ ৩৬ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় কৰিব ৪,৪৫,৫৮৬গৰাকী ভোটাৰে। যদিও ইতিমধ্যে তিনিটা সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ দুগৰাকী আৰু বিজেপি মিত্ৰজোঁটৰ এগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে। নিৰ্বাচনী বিধি অনুসৰি আজি পুৱা ৭ বজাৰ পৰা ভোটদান কাৰ্য আৰম্ভ হয় আৰু আবেলি ৩ বজাত সমাপ্ত হয়।

অন্যান্য বৰ্ষ সমূহতকৈ এইবাৰৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন কিছু পৃথক হোৱা বুলি অনুমান কৰিব পাৰি। কিয়নো এইবাৰৰ ভোটদাতা ৰাইজৰ মাজত কিছু উৎসাহজনক পৰিৱেশ সৃষ্টি হৈছে। পুৱা মিত্ৰ জোঁটৰ প্ৰাৰ্থীসকলে নিজৰ নিজৰ ভোটদান কাৰ্য শেষ কৰাৰ পিচত আনন্দ মনেৰে সমষ্টিটোৰ কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰা দেখা যায়।

উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত ৰাভা হাছং যৌথ মঞ্চ, বিজেপি, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধান সভাৰ উপাধ্যক্ষ ডা০ নোমল মমিন, সাংসদ বিজুলী কলিতা মেধি, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পিযূষ হাজৰিকা, পশ্চিম গুৱাহাটী আৰু পলাশবাৰী সমষ্টি বিধায়ক, লগতে দলটোৰ কেইবাগৰাকীও শীৰ্ষপৰ্যায়ৰ নেতা–কৰ্মীয়ে প্ৰচাৰ কাৰ্যত নামি পৰিছিল।

ইপিনে ৰাভা হাছঙৰ নিৰ্বাচন সন্দৰ্ভত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘প্ৰথমে ভোটদান, তাৰ পিচত জলপান’ বুলি এলানী নীতি ভোটাৰ ৰাইজক পালন কৰিবলৈ নিৰ্দেশ দিছিল। সেই নীতিক সন্মান জনাই ভোটদাতা ৰাইজে পুৱাই গৈ নিজৰ নিজৰ ভোট সমূহ সাব্যস্ত কৰাৰ পিছতহে অন্যান্য কাম–কাজত জড়িত হৈ পৰা দেখা যায়। ভোটদাতা সকলৰ উৎসাহজনক সঁহাৰিৰ ফলত সকলোবোৰ কেন্দ্ৰত প্ৰায় দুই বজাৰ পূৰ্বেই ভোটদান কাৰ্য শেষ হৈ যায়।  

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ কাষৰীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ চাৰিটাকৈ সমষ্টি আছে। এই চাৰিটা সমষ্টিৰ ৩৬ নং ৰাণীত ১৩টা কেন্দ্ৰৰ বিপৰীতে ৯,৪১২ গৰাকী ভোটাৰে ৰাভা হাছং যৌথ মঞ্চ, কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

৩৫ নং শিলপোতা সমষ্টিৰ ১৬টা কেন্দ্ৰৰ বিপৰীতে ১০,২২০ গৰাকী ভোটাৰে বিজেপি, কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

৩৪ নং চানডুবি সমষ্টিৰ ১৪টা কেন্দ্ৰৰ বিপৰীতে ১৩,৫০০ গৰাকী ভোটাৰে ৰাভা হাছং যৌথ মঞ্চ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

৩৩নং কুলচী সমষ্টিৰ ১৪টা কেন্দ্ৰৰ বিপৰীতে ১২ হেজাৰ ভোটাৰে ৰাভা হাছং যৌথ মঞ্চ, নিৰ্দলীয় আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

এই নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ পক্ষত যেনে ধৰণে প্ৰচাৰ কাৰ্য চলিছিল সেই প্ৰচাৰ কাৰ্য কংগ্ৰেছ, অসম জাতীয় পৰিষদ অথবা নিৰ্দলীয় প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত দেখা পোৱা নাছিল।

যদিও কুলচী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ প্ৰচাৰ কাৰ্য কিছু ব্যতিক্ৰম দেখা গৈছিল। এই চাৰিওটা সমষ্টিত বিজয়ৰ মালা কোনে পিন্ধিব সেয়া ৪ এপ্ৰিলৰ ফলাফল ঘোষণাৰ পিছতহে স্পষ্ট ৰূপত দেখা পোৱা যাব।

শিৰোনামৰ ফটৌঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward