Friday, April 26, 2024
Homeবাতৰিবনভোজৰ ফলত দীপৰ বিলৰ পানী অধিক প্ৰদূষিত হ’ব পাৰে

বনভোজৰ ফলত দীপৰ বিলৰ পানী অধিক প্ৰদূষিত হ’ব পাৰে

প্ৰকাশিত তাৰিখঃ ১৪ জানুৱাৰী, ২০১৯

চি এন ডেক্স

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বনভোজৰ ধুম উঠিছে দীপৰ বিলৰ পাৰতো। সেয়ে বিলৰ পাৰত এতিয়া লানি নিছিগা সোঁত বৈছে বনভোজকাৰী দলৰ। এই দলসমূহে ব্যৱহাৰ কৰা থাৰ্ম’কল, প্লাষ্টিকৰ কাপ–প্লেট বিলৰ পানীত পৰিছে, ৰৈ যোৱা খাদ্য য’তে–ত’তে পেলাই দিয়াত তাৰপৰাও দূৰ্গন্ধ নিৰ্গত হৈছে। সেই সমূহ পেলনীয়া সামগ্ৰীৰ পৰা ক্ৰমাত বিলৰ পানী দূষিত হ’ব ধৰিছে। তদুপৰি বনভোজৰ সময়ত উচ্চস্বৰত সংগীত বজোৱাত শব্দ প্ৰদূষণে জনজীৱনত এক বিশৃংখলতাৰ সৃষ্টি কৰিছে। য’ত বিলৰ পৰিভ্ৰমী চৰাইবোৰেও বিভ্ৰান্তিত পৰিছে। জিলা প্ৰশাসনে বনভোজৰ সময়ত উচ্চস্বৰত সংগীত বজোৱাত বাধা আৰোপ কৰিছিল যদিও সেই নিৰ্দেশ কোনোৱে পালন কৰা নাই।

আনহাতে, একাংশ সুবিধাবাদীলোকে ৫০০–১০০০ টকা বনভোজ দলৰ পৰা আদায় কৰা বুলি অভিযোগ উঠিছে। বিলৰপাৰত তম্বু টানি বনভোজৰ সুবিধা কৰি দিয়াৰ বাবে সেই দল সমূহৰ পৰা টকা আদায় লোৱা বুলি এক সূত্ৰত প্ৰকাশ।

দীপৰ বিল ২০০২ চনত ৰামচৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিছিল। পূৰ্বতে বিলখনলৈ বিভিন্ন প্ৰজাতিৰ প্ৰায় ৭৫বিধমান পৰিভ্ৰমী চৰাইৰ আগমণ ঘটিছিল। শীতকালত বিশেষকৈ ডিচেম্বৰ মাহৰ আৰম্ভণিতে চৰাইবোৰে বিচৰণৰ বাবে বিলখনলৈ আহে। যোৱা কেইবছৰ মানৰ পৰা বিলখনত পৰিভ্ৰমী চৰাইৰ সংখ্যা ব্যাপকভাৱে হ্ৰাস পাই অহা বুলি বিভিন্ন মহলে প্ৰকাশ কৰে।

আজি কেইবছৰমানৰ পৰা বিলখনত ব্যাপক হাৰত বেদখল চলিছে। ধনৰ বলত প্ৰভাৱশালী চৰকাৰী বিষয়া, ৰাজনৈতিক নেতা, উদ্যোগপতিয়ে বিলৰ চৰকাৰী মাটি ম্যাদী কৰি লৈছে। তথ্যমতে ১৪.১শতাংশ ভূমি বেদখল হোৱা বুলি এক সূত্ৰত প্ৰকাশ। উক্ত বেদখলীকৃত বিলৰ ভূমিত চিমেণ্ট কাৰখানা, শিলভঙা যন্ত্ৰ আদি প্ৰদূষণকাৰী উদ্যোগসমূহ গঢ়ি উঠিছে। উদ্যোগসমূহৰ পৰা নিৰ্গত ধোৱাই বিলখনৰ চৌপাশ প্ৰদূষিত কৰি তুলিছে। বিভিন্ন সময়ত এই কথা সকিয়াই দি আহিছে অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদে।

২০০৮ চনত ভাৰত চৰকাৰৰ পৰিকল্পনা আয়োগৰ পৰা দীপৰ বিল অধ্যয়নৰ বাবে এটা সঁজাতি দল আহিছিল। অধ্যয়নৰ শেষত দলটোৱে দীপৰ বিলৰ ভূমি সংকুচিত হোৱা বুলি অসম চৰকাৰক এক প্ৰতিবেদন দাখিল কৰিছিল। য’ত বিলৰ সীমা নিৰ্ধাৰণৰ লগতে বেৰ দিয়াৰ নিৰ্দেশ দিছিল, যদিও চৰকাৰে সেই নিৰ্দেশ এই মুহুৰ্তলৈকে পালন নকৰিলে।

উল্লেখ্য যে, ২০১১–২০১২ চনত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই দীপৰ বিল সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। কেইবা কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিছিল যদিও সেয়া আজি পৰ্যন্ত কাৰ্যকৰী ৰূপ নাপালে। আনহাতে, গুৱাহাটী স্মাৰ্ট চিটী’ৰ অধীনত দীপৰ বিল সংৰক্ষণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছিল অন্য এক প্ৰকল্পৰ। ২০১৭ চনত গ্ৰহণ কৰা প্ৰকল্পৰ নামত ২৫০ কোটি টকা চৰকাৰে অনুমোদন দিছিল যদিও এইপৰ্যন্ত কাম আৰম্ভ হোৱা নাই। চৰকাৰৰ অমনোযোগিতা, সংশ্লিষ্ট চৰকাৰী বিষয়াৰ গা–এৰা মনোভাৱৰ বাবে দীপৰ বিল সংৰক্ষণৰ পৰিবৰ্তে ধ্বংসৰ পিনে গতি কৰিব নেকি ?

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward