Saturday, April 20, 2024
Homeবাতৰিব’মডিলাত বুদ্ধ মহোৎসৱ

ব’মডিলাত বুদ্ধ মহোৎসৱ

প্ৰকাশিত তাৰিখঃ ১৫ নবেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

‘বুদ্ধ মহোৎসৱ’ মূখ্যত বৌদ্ধ ধৰ্মক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰা উৎসৱ। দেশ–বিদেশৰ বিভিন্ন পৰ্যটকক আকৰ্ষণ বৃদ্ধি কৰাই ইয়াৰ মূল উদ্দেশ্যে। এই উদ্দেশ্যক সাৰোগত কৰি অৰুণাচল চৰকাৰে প্ৰতি বছৰে নবেম্বৰ মাহত আয়োজন কৰি আহিছে বুদ্ধ মহোৎসৱ।

এই বৰ্ষৰ বুদ্ধ মহোৎসৱ অনুষ্ঠিত হয় ব’মডিলাৰ বুদ্ধ ষ্টেডিয়ামত ৩ ৰ পৰা ৬ নবেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে। ৬ নবেম্বৰৰ অন্তিমদিনৰ কাৰ্যসূচী পুৱা ১১ বজাত আৰম্ভ হয়। অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থকা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় তথ্য সম্প্ৰচাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজ্যবৰ্ধন ৰাথোৰ, কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজু আৰু জনপ্ৰিয় গায়ক আদনান ছামিক সম্বৰ্ধনা জ্ঞাপন কৰে আয়োজক কমিটিয়ে। আয়োজক কমিটিৰ দ্বাৰা সম্বৰ্ধিত অতিথিসকলে স্থানীয় বুদ্ধ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰি মনপা, অকা, শ্বেৰডুকপেন, মিচি, ছাৰটাং, বুগুন আদি জনগোষ্ঠীসমূহৰ প্ৰতীকী ঘৰ আৰু কলা–কৃষ্টি দৰ্শন কৰে। মহোৎসৱৰ কাৰ্যসূচীৰ অন্তিমদিনটোত কেইবাশ পৰ্যটকে বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰ জুতি গ্ৰহণ কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward