Thursday, April 25, 2024
Homeপ্ৰবন্ধবাথা হৈ ৰওক আমাৰ জীৱন-জীৱিকাৰ উৎস

বাথা হৈ ৰওক আমাৰ জীৱন-জীৱিকাৰ উৎস

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই, ২০১৬

 

কিশোৰ তালুকদাৰ, নিজাইন –

(নিজৰ জীৱিকাৰ উৎসটোক ৰক্ষা কৰিবলৈ অসম মেঘালয় সীমান্তবৰ্তী গাঁওবাসীয়ে দ্ৰুতগতিত বৃদ্ধি পোৱা অবৈধ বালি খননকাৰ্যৰ বিৰুদ্ধে অহৰহ যুঁজিছে)

মেঘালয়ৰ পৰা অসমত প্ৰৱেশ কৰা কেবাখনো নদীৰ ভিতৰত এখন বাথা নৈ। এইবছৰৰ প্ৰথমভাগতে প্ৰদীপ ৰাভা নামৰ এজন ২১ বছৰীয়া যুবকক বাঠা নৈৰ খহনীয়াই জীৱন্তে সমাধিস্থ কৰিছিল।

অসমৰ দৰে এখন ৰাজ্যত খহনীয়া সাধাৰণ কথা। আনকি অসমীয়া সংস্কৃতিৰ অমূল্য ভাণ্ডাৰ মাজুলীৰ প্ৰতিও প্ৰায়ে আহে খহনীয়াই গ্ৰাস কৰাৰ ভাবুকি। তেনেস্থলত প্ৰদীপ ৰাভাৰ মৃত্যু কোনো গুৰুত্বপূৰ্ণ ঘটনা হিচাপে বিবেচিত নহ’ল। কিন্তু বিগত কিছু বছৰ ধৰি বাথা নৈত হৈ থকা খহনীয়াৰ কাৰণটোৰ প্ৰতি নজৰ দিয়াটো অত্যন্ত জৰুৰী হৈ পৰিছে। ক’বলৈ গ’লে ৰাজ্য চৰকাৰৰ হাততেই ইয়াৰ সমাধান আছে।

নৈখনৰ দাঁতিত বাস কৰা বহু গঞাৰ দৰে প্ৰদীপ ৰাভাইও বালি খান্দিছিল। বালি খান্দিবলৈ নৈৰ আঁঠুৱনীয়া পানীত নামিছিল ৰাভাই। নদীৰ বুকুৰ পৰা বালি খান্দি উলিয়াই স্থানীয় বজাৰত বা ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰিছিল। কিন্তু যোৱা কেইবছৰমানৰ পৰা নৈখনৰ গভীৰতা বাঢ়িছে, নমাৰ লগে লগে ডিঙিলৈকে উজাই আহে পানী। বাথা পানী এনেদৰে অস্বাভাৱিকভাবে বৃদ্ধি পোৱাৰ কাৰণ নৈখনৰ তিনি কিলোমিটাৰ এলেকাজুৰি দ্ৰুতগতিত বৃদ্ধি পোৱা যন্ত্ৰচালিতভাবে কৰা বালিৰ খননকাৰ্য। বালি খন্দা যন্ত্ৰবোৰেৰে নৈখনৰ বুকু বহু গভীৰলৈকে খান্দি বৰ্তমান সময়ত অত্যন্ত চাহিদা থকা ঘৰ সজা বালি উলিওৱা হয়। এনেদৰে যধেমধে খন্দাৰ ফলতেই নদীখনৰ পাৰিৱেশিক ভাৰসাম্যত ব্যাঘাত জন্মিছে।

কেন্দ্ৰীয় খনিজ মন্ত্ৰালয়ে খনি আৰু খনিজ (উন্নয়ন আৰু সংস্কাৰ)আইন, ১৯৫৭ৰ অধীনত বালিক ক্ষুদ্ৰ খনিজ হিচাপে শ্ৰেণীভূক্ত কৰিছে। আইন অনুসৰি চৰকাৰী অনুজ্ঞা অবিহনে বালি খন্দা অবৈধ কাৰ্য। ৰাজ্য চৰকাৰে অসম খনিজ খনন সমনুদান নীতি, ২০১৩ ৰ অধীনত লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ে মাত্ৰ চাৰিটা বালি মহল(য’ত বালি খন্দা বৈধ)অনুমতি দিছে। কিন্তু ভাড়া আদায় নিদিয়াৰ বাবে চৰকাৰে বাথা ২ আৰু বাথা ৫ – এই দুটা মহলৰ অনুজ্ঞা বাতিল কৰিছে। অৰ্থাৎ সম্প্ৰতি বাথা নৈত দুটাহে বৈধ বালি মহল আছে। কাৰ্যালয়ে চাৰিখন বালিখননৰ অনুজ্ঞাপত্ৰও দিছে।

পিছে নামতহে দুটা বৈধ মহল আছে, কাৰ্যক্ষেত্ৰত কিন্তু বাথা নৈ বালি খান্দোতাই ছানি ধৰিছে। অবৈধভাবে অনেকেই চলাই আহিছে বালিখনন।

এনে অবৈধ বালি খননকাৰ্যই নদীখনৰ চৰিত্ৰকে কেবল সলনি কৰা নাই, স্থানীয় বহু লোকৰ জীৱিকাৰ প্ৰতিও ভাবুকি সৃষ্টি কৰিছে। খেতিয়কসকলৰ মতে “বিশেষকৈ যোৱা দুবছৰৰ ভিতৰত নদীখনৰ যথেষ্ট পৰিবৰ্তন ঘটিছে”। এই পৰিবৰ্তনে মাতি আনিছে খহনীয়া। খহনীয়াই সঘনে পুতি পেলাবলৈ লৈছে তেঁওলোকৰ খেতি। যন্ত্ৰৰ দৌৰাত্ম্যত হাতেৰে বালি খন্দা স্থানীয় লোকসকলেও তিষ্ঠিব নোৱৰা হৈছে। আয়ৰ উপায়েই হেৰুৱাব লগীয়া হৈছে তেঁওলোকে। অঞ্চলটোত দ্ৰুতগতিত হৈ থকা যান্ত্ৰিক বালি খনন কাৰ্যৰ ফলত জলস্তৰৰ অৱক্ষয়ৰ ফলত গাঁওবাসীৰ পুখুৰী আৰু কুঁৱাবোৰো লাহে লাহে শুকাই যাব ধৰিছে।

বাথা নৈ সুৰক্ষা সমিতিৰ অধীনত নৈখনৰ দাঁতিকাষৰীয়া ২০খন গাঁৱৰ লোকে যোৱা ১১ নৱেম্বৰত কামৰূপ জিলা কৰ্ত্তৃপক্ষক আবেদন দাখিল কৰে। গাঁওবাসীয়ে জনোৱা মতে জিলা কৰ্ত্তৃপক্ষৰ ওচৰত সমিতিয়ে দাখিল কৰা এইখন দ্বিতীয় আবেদন।প্ৰথমবাৰ জে বালাজীৰ ওচৰত আবেদন জনাইছিল তেঁওলোকে। এইবাৰ জিলা কৰ্ত্তৃপক্ষই কোনো পদক্ষেপ নল’লে সমিতিয়ে বিষয়টো নিজৰ হাতলৈ নিব বুলিও আবেদনখনত সকীয়াই দিয়া হৈছে। খহনীয়াই যিসকল লোকৰ ধাননি পথাৰ আৰু বাৰীৰ ক্ষতিসাধন কৰিছে তেঁওলোকক যথোচিত ক্ষতিপূৰণ দিবলৈও সমিতিখনে দাবী কৰিছে।

মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা দুটা সুঁতি খেনাকুন্দি আৰু গাৰোকুন্দিয়ে সীমান্তৱৰ্তী গাঁও বেতালাংছি (লংছাই)ত মিলিত হৈছে। তাৰ পৰা আৰম্ভ হোৱা নদীখনেই বাথা নাম লৈ বৈ আহিছে। ৫০ কিলোমিটাৰ সৰ্পিল গতিৰে বৈ আহি নদীখন অসমৰ কাপৰূপ জিলাৰ কুকুৰমাৰাত কলহী নদীত পৰিছে। নদীখনৰ দুয়োকাষে বেছিভাগ অঞ্চলেই কৃষিভূমি। জিলাখনৰ ৫০ হেজাৰৰো অধিক লোকে কৃষিকৰ্মৰ বাবে নৈখনৰ ওপৰত নিৰ্ভৰ কৰে।

প্ৰদীপ ৰাভাৰ মৃত্যুৰ পাছত গাঁওবাসীয়ে মুখ্য বন সংৰক্ষকক সাক্ষাৎ কৰি আগলৈ যাতে পুনৰ এনে দুৰ্ঘটনা নঘটে তাৰবাবে যান্ত্ৰিকভাবে কৰা অবৈধ বালি খনন কাৰ্যৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা ল’বলৈ দাবী জনায়। বন বিভাগে তালাচী অভিযান চলাই নদীখনৰ পাৰৰ পৰা ৮ টা বালি খন্দা যন্ত্ৰ জব্দ কৰে। কিন্তু এই সংখ্যা প্ৰকৃততে খননকাৰ্য চলি থকা যন্ত্ৰৰ তুলনাত তেনেই তাকৰ।

বাথা নৈৰ পাৰে পাৰে গ’লেই দেখা পোৱা যায় যান্ত্ৰিকভাবে কৰা অবৈধ বালি খননকাৰ্য আৰু অকৰ্ত্তৃত্বশীল বালিৰ দ’মে নৈখনৰ ওপৰত পেলোৱা কুপ্ৰভাব। নৈখনৰ পাৰেৰে যাঁওতে খহনীয়াই খেতিপথাৰ পুতি পেলোৱাৰ এক শোচনীয় দৃশ্য দেখিবলৈ পালো। বালি খননে ঠায়ে ঠায়ে নৈখন বহলাই পেলাইছে, কোনো ঠাইত আকৌ তেনেই সংকুচিত কৰি পেলাইছে। দলং আৰু বাটপথলৈও ভাবুকি কঢ়িয়াই আনিছে। ঔঘুলি গাঁৱৰ এজন নাওৰীয়াই জনালে– “মোৰ খেতিপথাৰৰ চাৰিবিঘা মাটি যান্ত্ৰিকভাবে অবৈধভাবে কৰা বালি খননকাৰ্যৰ ফলত হোৱা খহনীয়াই গ্ৰাস কৰিছে।”

আন এজন গঞাৰ মন্তব্য– “ দুবছৰ আগলৈকে আমাৰ পেটৰ ভাতমুঠিৰ ধন যোগান ধৰি থকা নদীখন আচলতে আমাৰ অৰ্থনৈতিক মেৰুদণ্ড। খহনীয়া নদীখনৰ বাবে অস্বভাবিক। কিন্তু যান্ত্ৰিকভাবে কৰা বালিখনন কাৰ্যই নৈখনলৈ আশংকা মাতি আনিছে।” আন এজন গঞাই আকৌ ক’লে– ‘‘আগতে নৈখনৰ পৰাই দুবেলা দুসাজৰ ধন উপাৰ্জন কৰিছিলো। কিন্তু খেতিয়ক আৰু হাতেৰে বালি খন্দা লোকসকলৰ বাবে নদীখন এতিয়া এক হতাশাৰ কাৰণ হৈ পৰিছে।” কৃষি বিশেষজ্ঞৰ মতে ১ কিলোগ্ৰাম ধান উৎপাদন হ’বলৈ ৫০০০ লিটাৰ পানী আৰু ১ কিলোগ্ৰাম ঘেঁহু উৎপাদন হ’বলৈ ৩১৬৮ লিটাৰ পানীৰ প্ৰয়োজন। খাদ্যশস্য উৎপাদনৰ বাবে পানীৰ প্ৰয়োজনীয়তাৰ কথা এই তথ্যৰ পৰাই উপলব্ধি কৰিব পাৰি।

দ্ৰুতগতিত বৃদ্ধি পোৱা অবৈধ যান্ত্ৰিক বালিখনন কাৰ্যৰ বাবে অঞ্চলটোৰ জলস্তৰ হ্ৰাস পোৱা বুলি আবেদনকাৰীসকলে অভিযোগ উত্থাপন কৰিছে। ‘‘কৃষিভূমিৰ আৰ্দ্ৰতা কমি যোৱাৰ বাবে আমাৰ কৃষিকাৰ্যৰ গুৰুতৰভাবে ক্ষতিসাধন হৈছে,”– এইবুলি ক’লে স্থানীয় এজন খেতিয়কে।

নদীৰ খহনীয়াৰ ফলত বাট-পথ, কাঠৰ দলং আদি ৰাজহুৱা আঁন্তগাঠনিলৈ গুৰুতৰ ভাবুকি আহিছে। ২০১৪ চনত এইক্ষেত্ৰত এক চৰকাৰী পদক্ষেপ লৈছিল। অঞ্চলটোৰ ধমনীস্বৰূপ গুৱাহাটী-চান্দডুবি পথটো খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে যোৱা বছৰ ৪ কোটি টকাৰ খহনীয়া প্ৰতিৰোধী আঁচনি ঘোষণা কৰিছিল। খহনীয়াই বিশেষকৈ লোহাৰঘাটত গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

যন্ত্ৰৰ জৰিয়তে বালি খনন কৰা লোকসকলে বালিৰ দাম প্ৰতি চেণ্টিমিটাৰত ১০০ টকালৈ হ্ৰাস কৰাৰ ফলত হাতেৰে বালি খান্দোতা লোকসকলৰ জীৱিকাত কুপ্ৰভাব পৰিছে। বালিৰ ব্যৱসায়ীসকলে কম দামত যন্ত্ৰৰে খানি উলিওৱা বালি কিনিবলৈ লোৱাৰ ফলত সমস্যাত পৰিছে হাতেৰে বালি খন্দা গাঁৱলীয়া লোকসকল।

“হাতেৰে বালি খন্দাসকলৰ অধিকাংশই মহিলা। বেলচাৰে বালি খান্দি উলিওৱা মহিলাসকলে আন একো উপায় বিচাৰি নেপাই যন্ত্ৰৰে বালি খান্দি থকা অঞ্চল অৱৰোধ কৰিছিল”! বুলি কেইজনমান আবেদনকাৰীয়ে জনালে। গাঁওবাসীয়ে বৰদুৱাৰ চাহ বাগিছা কৰ্ত্তৃপক্ষৰ ওচৰতো বাগিছাখনৰ মাজেৰে নদীলৈ যোৱা পথবোৰ বন্ধ কৰি দিবলৈ আবেদন জনাইছে। কিয়নো এই পথবোৰ বালি সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰে। গাড়ীলিকৰ পৰা কলঘৰলৈ আৰু কলঘৰৰ পৰা বাগিছালৈকে নৈৰ দুয়োপাৰে চাহ বাগিছা আৰু খেতিপথাৰ আছে।

নৈখনক ৰক্ষা কৰিবলৈ গাঁওবাসীয়ে অবৈধ বালি খননৰ বিৰুদ্ধে পথৰ দাঁতিত ছাইন বোৰ্ডো আঁৰিছে।

নৈখনক ৰক্ষা কৰাৰ লগতে নদীয়ে তেঁওলোকক দি অহা জীৱিকাৰ উপায় সুৰক্ষিত কৰাৰ বাবে গাঁওবাসীয়ে এনে বহু পদক্ষেপ লৈ অহা স্বত্বেও বন বিভাগে কোনোধৰণৰ কঠোৰ পদক্ষেপ নোলোৱাৰ ফলত অবৈধ বালি খননকাৰ্য চলিয়েই আছে।

 

শিৰোনামৰ ছবিঃ কিশোৰ তালুকদ্বাৰ

উৎসঃ নিজাইন

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward