Friday, March 29, 2024
Homeবাতৰিবাদুংদ্যুপ্পা আন্তৰ্জাতিক নাট মহোৎসৱ ‘আণ্ডাৰ দ্য ছাল ট্ৰী–১৬’

বাদুংদ্যুপ্পা আন্তৰ্জাতিক নাট মহোৎসৱ ‘আণ্ডাৰ দ্য ছাল ট্ৰী–১৬’

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰ সপ্তম আন্তৰ্জাতিক নাট সমাৰোহ ‘আণ্ডাৰ দ্য ছাল ট্ৰী–১৬’ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ সংগীত নাটক অকাডেমী আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত আৰু বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰ উদ্যোগত যোৱা ১৫ ডিচেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰামপুৰ গাঁওত। ৰামপুৰ গাঁওখন গোৱালপাৰা জিলাৰ আগিয়াৰ পৰা পাঁচ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই গাঁৱতে ২০০৮ চনৰ পৰা আয়োজন কৰি আহিছে আন্তৰ্জাতিক নাট সমাৰোহ।

বাদুংদ্যুপ্পা কলাকেন্দ্ৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যসম্ৰাট পদ্মশ্ৰী এইচ কানহাইলালৰ প্ৰকল্প ‘Nature–Lore’ৰ আৰ্হিত প্ৰতিষ্ঠা কৰা এটি কলাকেন্দ্ৰ আৰু এই কেন্দ্ৰটিৰ মুখ্য ব্যক্তিজন হ’ল শুক্ৰাচাৰ্য ৰাভা যাৰ নাম বিশ্বৰ নাট্য জগতত উল্লেখনীয়। এই কেন্দ্ৰতেই ৰাভাই আৰম্ভ কৰিছিল নাট উপস্থাপনৰ এক ব্যতিক্ৰম ধাৰা যি ধাৰা আজি বিশ্বৰ নাট্যজগততেই বিৰল। গাঁওখনৰ দাঁতিতে অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলত থকা অগণন শালগছৰ মাজত সম্পূৰ্ণ প্ৰাকৃতিক আৱৰণত, সৌম্য–শান্ত পৰিবেশত আৰম্ভ কৰিছে নাট। যি ব্যৱস্থাত আজিও চলি আছে নাটকৰ সাধনা, অনুশীলন আৰু প্ৰদৰ্শন। নাট সমাৰোহৰ উপৰিও সময়ে সময়ে শালনিবাৰীত থকা বাদুংদ্যুপ্পা কলাকেন্দ্ৰত অনুষ্ঠিত হৈ আহিছে নাট কৰ্মশালা আৰু শিশু নাট সমাৰোহৰ।

‘আণ্ডাৰ দা ছাল ট্ৰী–১৬’ আন্তৰ্জাতিক নাট সমাৰোহত এইবাৰ দেশ–বিদেশৰ নাট্যদল সমূহে যোগদান কৰি মুঠ আঠখনকৈ নাটক মঞ্চস্থ কৰে। উক্ত নাটসমূহ উপভোগ কৰি দেশ–বিদেশৰ দৰ্শকে বিপুল সঁহাৰি জনোৱা বুলিও জানিব পৰা গৈছে।

উল্লেখনীয় যে এইবাৰৰ নাট সমাৰোহত ব্ৰাজিল, পোলেণ্ড, দক্ষিণ কোৰিয়া আৰু শ্ৰীলংকাৰ নাট্যদলৰ উপৰি উড়িশা, পশ্চিমবংগৰ কলকাতাৰ দুটা নাট্য গোষ্ঠীয়ে দুখনকৈ নাট আৰু সমাৰোহৰ সহযোগী বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰ ফালৰ পৰা এখনকৈ নাট মঞ্চস্থ কৰিছিল। শ শ শালগছৰ মাজত মুকলি আকাশৰ তলত নল–খাগৰিৰে বৃত্তাকাৰে সজোৱা অৰ্ধচন্দ্ৰাকৃতিৰ ‘বেকগ্ৰাউণ্ড স্ক্ৰীন’ৰ সন্মুখৰ মঞ্চতেই মঞ্চস্থ কৰা হয় বাদুংদ্যুপ্পাৰ নাটক। সামান্য ওখকৈ তোলা মাটিয়েই ইয়াত মঞ্চ। মঞ্চৰ সন্মুখভাগত শালগছৰ মাজে মাজে বাঁহেৰে সজা গেলাৰীত বহিয়েই দৰ্শকসকলে কোনো আধুনিক নাটকত ব্যৱহাৰ হোৱা পোহৰ আৰু কৃত্ৰিম দৃশ্যসজ্জাৰ ব্যৱস্থা নথকা নাটসমূহ উপভোগ কৰে। বন্যপ্ৰাণীয়ে যাতে কোনো অসুবিধা নাপায় তাৰ বাবেই ইয়াত ব্যৱহাৰ কৰা নহয় লাউডস্পীকাৰৰ। কিন্তু কোনো আধুনিক যন্ত্ৰ ব্যৱহাৰ নকৰা সত্বেও নাট্যশিল্লীসকলে কোৱা সংলাপবোৰ দৰ্শকে স্পষ্টভাৱে শুনাত অকণো অসুবিধা নাপায়। বাদুংদ্যুপ্পাৰ নাট সমাৰোহৰ ব্যক্তিক্ৰম যেন ইয়াতেই। এনে প্ৰাকৃতিক পৰিবেশত নাট উপস্থাপনৰ এনে ব্যৱস্থা সমগ্ৰ বিশ্বতে বিৰল। সেই কাৰণে বাদুংদ্যুপ্পাৰ নাট সমাৰোহে হয়তো আজি বিশ্বজুৰি পৰিচিতি লাভ কৰিছে। লগতে ইয়াৰ আঁৰত থকা ব্যক্তি তথা বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰ সঞ্চালক শুক্ৰাচাৰ্য ৰাভাও একেদৰে পৰিচিত।

নাট সমাৰোহৰ প্ৰথমদিনা পুৱা ‘নুখৰ ৰেংচায়েনী গোপছানী’ নামৰ ৰাভা ভাষাৰ নাটখনেৰে মুকলি কৰে। নাটখনৰ পৰিচালনা যুৱ নাট্যকৰ্মী তথা বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰ সঞ্চালক শুক্ৰাচাৰ্য ৰাভাৰ। দক্ষিণ কোৰিয়াৰ ইনহুন ছাঙে পৰিচালনা কৰা কোৰিয়ান নাটক ‘ব্লাকহেন’ উক্তদিনৰ আবেলি মঞ্চস্থ কৰে। পশ্চিমবংগৰ ‘অল্টাৰনেটিভ লিভিং থিয়েটাৰে’এ প্ৰবীৰ গুহৰ দ্বাৰা পৰিচালিত ‘কুৱেছন মাৰ্ক’ নামৰ বাংলা ভাষাৰ নাটখনেৰে দ্বিতীয়দিনা পুৱাৰ কাৰ্যসূচী মুকলি কৰে। পোলেণ্ডৰ ‘ইণ্টাৰনেচনেল আৰ্টিষ্ট ফ’ৰাম’এ ঔকেচিক মৰেক কাজাক আৰু মনীষ মিত্ৰই পৰিচালনা কৰা পালি ভাষাৰ ‘মজা পডৰজডু ভেডা প্ৰাকৃতিহ’ নামৰ নাটখন মঞ্চস্থ কৰে উক্তদিনৰ আবেলি। ওড়িশাৰ নাট্য চেতনাই ‘পায়নিহাল’ নামৰ উড়িয়া ভাষাৰ নাটখন মঞ্চস্থ কৰে তৃতীয়দিনা পুৱা দহ বজাত।

নাট সমাৰোহৰ অন্তিম দিনা দৰ্শকৰ উপস্থিতিয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে বুলি বিভিন্ন সূত্ৰত প্ৰকাশ। মুকলি আকাশৰ তলত নিয়ৰসিক্ত শাৰী শাৰীকৈ থকা গেলেৰীবোৰত নাট উপভোগৰ কাৰণে নাট্যপ্ৰেমী, শিল্পী, সাহিত্যিক, সাংবাদিক আদি অগণন দৰ্শকেৰে পৰিপূৰ্ণ। উক্তদিনৰ বিয়লি নাট্যপ্ৰেমীৰে ভৰপূৰ হৈ পৰাত পাৰ ভঙা উচাহেৰে মঞ্চস্থ কৰে ব্ৰাজিলৰ ‘এষ্টেলাচ ডাৰলে’ নামৰ নাটকখন। ব্ৰাজিলৰ এখন বিখ্যাত ঔপন্যাসৰ আধাৰত নাট্যৰূপ দিয়া ‘এষ্টেলাচ ডাৰলে’ নাটখনৰ পৰিচালনা জুলিয়া ভাৰলে’ৰ। উল্লেখ্য যে এজন অভিনেতাই নাটখনৰ চাৰিটা চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। কলকাতাৰ মনীষ মিত্ৰ পৰিচালিত এণ্টিগনি নামৰ বাংলা নাটখন মঞ্চস্থ কৰা হয় বিয়লি ৩.৪৫ বজাত। নাট্যশিল্পীসকলে শোষক গোষ্ঠীয়ে ক্ষমতাৰ অপব্যৱহাৰেৰে কৰা অত্যাচাৰ, নিৰ্যাতন উপস্থাপন কৰি এই অত্যাচাৰ, নিৰ্যাতনৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰৱল প্ৰতিবাদক সুন্দৰভাৱে উপস্থাপন কৰাত সফল হয়। এইখন নাটেৰে এইবাৰৰ নাট সমাৰোহ সামৰণি পৰে।

প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ মাজত আয়োজন কৰা নাট সমাৰোহৰ নাটক উপভোগ কৰিবলৈ উত্তৰ–পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যৰ উপৰি কলকাতা, ওড়িশা আৰু ছোভিয়েট ৰাছিয়া, নেদাৰলেণ্ড, দক্ষিণ কোৰিয়া, ব্ৰাজিল, পোলেণ্ড, শ্ৰীলংকা আদিৰ পৰা অহা দেশী–বিদেশী নাট্য নাট্যকৰ্মী, লোক–সংস্কৃতিৰ পণ্ডিত–গৱেষক, সাংবাদিক, ফটো সাংবাদিক আৰু নাট্যপ্ৰেমী দৰ্শকে ৰামপুৰত চাৰিওদিনে ভিৰ কৰেহি। দূৰ–দূৰণিৰ অতিথিসকলক থকা মেলাৰ বাবে কলাকেন্দ্ৰৰ চৌহদতে সাজি উলিয়াইছে খেৰ–বাঁহৰ কুটীৰ। যি সমূহৰ নিৰ্মাণ কাৰ্য দেখিও অভিভূত হৈ পৰিছে দেশী–বিদেশী অতিথিসকল। কোনো আধুনিক মঞ্চ, মাইক্ৰফোন, কৃত্ৰিম পোহৰ, কৃত্ৰিম দৃশ্যসজ্জা নথকা, দৰ্শক বহিছে শাৰী শাৰী শাল গছৰ মাজত স্থাপন কৰা বাঁহৰ গেলাৰীত! নাট অভিনয় আৰু ৰসাস্বাদনৰ এয়া এক বিৰল ধাৰা। সেয়ে দেশী–বিদেশী দৰ্শকসকল অভিভূত হৈ পৰা বুলি জানিব পৰা গৈছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward