প্ৰকাশিত তাৰিখঃ ২৩ জুন, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট–
২০ জুনত গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ বেলগুৰীত এদিনীয়া কাৰ্যসূচীৰে বিষ্ঞু ৰাভা দিৱস উদযাপন কৰা হয়। গাঁওখনৰ শ্ৰীশ্ৰীপদ্মাৱতী পুথিভঁৰালৰ উদ্যোগত উদযাপন কৰা বিষ্ঞু ৰাভা দিৱস এইবাৰ অষ্টম বৰ্ষত ভৰি দিছে।
কাৰ্যসূচী অনুসৰি– পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি গুণীৰাম ৰাভাই আৰু স্মৃতি তৰ্পন কৰে ৪২নং দক্ষিণ ভোলাগাঁও গাঁও পঞ্চায়তৰ সদস্য সত্যৰাম ৰাভাই। নালাপাৰা খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়া সমীৰ আলীয়ে গছপুলি ৰোপনৰ পিছত চিত্ৰাংকণ প্ৰতিযোগিতা উদ্বোধন কৰে ৰাণীৰ শগুন প্ৰজনন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰিচালক শচীন ৰাণাডে।
আবেলিৰ মুকলি সভাত উপস্থিত থাকে জনপ্ৰিয় সাংবাদিক এঞ্জেলা চাংমাই। উপস্থিতিকালত চাংমাই কয়– ‘কলাগুৰু বিষ্ঞু প্ৰসাদ ৰাভা একেধাৰে সাহিত্যিক, গীতিকাৰ, কবি লগতে চিত্ৰশিল্পৰ প্ৰতিও দূৰ্বলতা আছিল। এদিনাখন পুৱাৰ ভাগত ক’ৰবাৰ পৰা ভাহি আহিছিল এটি বৰগীতৰ কলি– ‘তেজেৰে কমলাপতি’। তেওঁ গুৰি বিচাৰি যোৱাত এজন শিশুৱে সেই গীতটো গাই থকা দেখিছিল। শিশুজনক দেউতাকে হেনো সেই বৰগীতটো শিকাইছিল। সেয়ে বিষ্ঞু ৰাভাৰো বৰগীত শিকাৰ প্ৰতি আগ্ৰহ জাগি উঠিছিল আৰু ল’ৰাজনৰ দেউতাকৰ ওচৰলৈ গৈছিল। বৰগীত অধ্যয়নৰ পিছত মহাপুৰুষ শংকৰদেৱৰ এখন চিত্ৰ অঁকাৰ বাবে ইচ্ছা আছিল বিষ্ঞু ৰাভাৰ। সেই বৰগীত অধ্যয়নৰে ফচল আছিল বিষ্ঞু ৰাভাই নিজে অঁকা শংকৰদেৱৰ ছবিখন। আমি প্ৰতিবাদ ঠিকেই কৰি আছো, জাতিৰ হ’কে মাত মাতি আছো। প্ৰকৃততে আমি জাতীয়তাবাদ বুকুত লৈ ফুৰিছো নে নাই সেয়া ডাঠি ক’ব নোৱাৰো। দিনত বৰ বৰ কথা কৈ ৰাতি ৰাইজৰ ক্ষতি হোৱা কামটো কৰিবলৈ আমিয়েই আগবাঢ়িছো। আগদিনা ৰাইজৰ কথা, পিছদিনা ব্যক্তিগত স্বাৰ্থৰ কথা– এই চিন্তাটো আমি মনত সদায় ৰাখিছো। দৰাচলতে বিষ্ঞুৰাভাই দেখুৱাই থৈ যোৱা সাম্যবাদৰ আদৰ্শ ল’ব পাৰিলেহে প্ৰকৃত জাতীয়তাবাদ ৰক্ষা হ’ব। য’ত জনসাধাৰণে প্ৰাপ্যৰ বাবে কান্দিবলগীয়া নহয়, য’ত জনসাধাৰণৰ প্ৰাপ্যখিনি অন্যই কাঢ়ি লৈ নাযায়, য’ত বিভিন্ন জাতি–বৰ্ণ, ভাষা–সংস্কৃতি নিৰ্বিশেষে এক হৈ থাকে, সেয়াই আছিল বিষ্ঞু ৰাভাই দি থৈ যোৱা সাম্যবাদৰ ধাৰণা। এই ধাৰণাত অনুপ্ৰাণিত হোৱা প্ৰথমগৰাকী ব্যক্তি আছিল জ্যোতি প্ৰসাদ আগৰৱালা। আমি এতিয়া বিষ্ঞু ৰাভাৰ ব্যক্তিত্ব অনুভৱ কৰাৰ সময়। এই সময়ত বিষ্ঞু ৰাভাৰ সমগ্ৰ জীৱন সামৰি তথ্যভিত্তিক বিশ্লেষণ দাঙি ধৰি ৰচনা কৰা এখন গ্ৰন্থৰো খুবেই প্ৰয়োজন আহি পৰিছে। য’ত আমি বিষ্ঞু ৰাভাক এগৰাকী কবি, সাহিত্যিক, গীতিকাৰ, শিল্পী, বৈপ্লৱিক কৰ্মী, ৰাজনৈতিক কৰ্মী হিচাপে পুংখানুপুংখ ৰূপে অধ্যয়ন কৰিবলৈ পাম।’
মুকলি সভাখনত নালাপাৰা আঞ্চলিক হাইস্কুলৰ শিক্ষক চন্দন শৰ্মা আৰু কালিৰাম ৰাভাও বিশেষ অতিথিৰূপে উপস্থিত আছিল।
উল্লেখ্য যে সন্ধিয়া ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বাবুল চন্দ্ৰ ৰাভাই বন্তি প্ৰজ্বলন কৰাৰ পিছত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য কমলেশ্বৰ ৰাভাই। সাংস্কৃতিক অনুষ্ঠানত মুন্মী, ব্ৰজকুমাৰ ৰাভা, জাখা বাইখ্যাত কৌতুক গোষ্ঠীৰ লগতে স্থানীয় শিল্পী সকলেও বিভিন্ন গীত–মাত পৰিৱেশন কৰে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ