Friday, April 19, 2024
Homeবাতৰিমানস সৰোবৰঃ এইবাৰ নাথুলা পাছ হৈ যাব পাৰিব

মানস সৰোবৰঃ এইবাৰ নাথুলা পাছ হৈ যাব পাৰিব

প্ৰকাশিত তাৰিখঃ ১৯ মাৰ্চ, ২০১৮

চি এন ডেক্স

ভাৰত চৰকাৰে ২০১৮ চনৰ মানস সৰোবৰ দৰ্শনৰ বাবে তীৰ্থযাত্ৰীসকলে ছিকিমৰ নাথুলা পাছ হৈ যোৱাৰ ব্যৱস্থা কৰিছে। অহা ২৮ জুনৰ পৰা আৰম্ভ হ’ব চাৰিমহীয়া তীৰ্থযাত্ৰা। এই পথেৰে যোৱাৰ বাবে ইতিমধ্যে তীৰ্থযাত্ৰীসকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে অন্তিম দিন ২৩ মাৰ্চ ধাৰ্য কৰা বুলিও জানিব পৰা গৈছে।

হিমালয় পৰ্বতৰ ১৪,৪২৫ ফুট উচ্চতাত অৱস্থিত নাথুলা পাছ ভাৰত–চীনৰ মাজত একমাত্ৰ স্থল সীমান্ত পথ। উত্তৰ–পূৰ্বাঞ্চলীয় ৰাজ্য ছিকিমৰ পৰা আৰম্ভ হৈ চীনৰ তীব্বতত মিলিছে। ১৯৬২ চনৰ ভাৰত–চীন যুদ্ধৰ সময়ত দুয়ো ৰাষ্ট্ৰৰ একমাত্ৰ বাণিজ্যিক পথটি বন্ধ হৈ পৰিছিল। দুয়ো ৰাষ্ট্ৰৰ বাণিজ্যিক স্বাৰ্থত সুদীৰ্ঘ ৪৪ বছৰৰ অন্তত ২০০৬ চনত পুনৰ মুকলি কৰি দিয়ে এই পথটো।  

উল্লেখনীয়, যোৱা ২০১৭ চনত ডোকলামত ভাৰত–চীনৰ সামৰিক বাহিনীৰ সঞ্চালনৰ বাবে ছিকিমৰ নাথুলা পাছ বন্ধ আছিল। পৰিস্থিতি স্বাভাৱিক হৈ পৰাত এই পথেৰে পুনৰ আৰম্ভ হয় যাতায়ত।

ছিকিমৰ নাথুলা পথেৰে মানস সৰোবৰলৈ গাড়ীত যাতায়তী কৰিব পৰা সুবিধা আছে। এই সুবিধা থকাৰ বাবে দেশৰ জ্যেষ্ঠ নাগৰিকসকলে মানস সৰোবৰ দৰ্শন কৰিব বিচাৰিলে প্ৰথম অগ্ৰাধিকাৰ লাভ কৰিব। তদুপৰি প্ৰথমবাৰ আবেদন কৰা বিবাহিত দম্পতি আৰু চিকিৎসকসকলেও অগ্ৰাধিকাৰ লাভ কৰিব। আবেদনকাৰী সকলৰ বয়স ২০১৮ চনৰ ১ জানুৱাৰীত ১৮ বছৰৰ কম আৰু ৭০ বছৰৰ অধিক হ’ব নোৱাৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক সূত্ৰত প্ৰকাশ। প্ৰতিটো গোটত ৫০গৰাকী তীৰ্থযাত্ৰী অন্তৰ্ভূক্তি কৰি মুঠ ১০ গোটত ভাগ কৰিব। একৈশ দিনীয়া যাত্ৰাৰ বাবত এজন যাত্ৰীৰ ২লাখ টকা মুঠ খৰচ হ’ব।

আনহাতে উত্তৰাখণ্ডৰ লাইপুলেখ পাছ হৈ মানস সৰোবৰলৈ গাড়ী যোৱা ৰাষ্টা নাই। যথেষ্ট সংখ্যক সৰু–বৰ পাহাৰ খোজ কাঢ়িয়েই অতিক্ৰম কৰিব লগা হয়। সেয়ে জ্যেষ্ঠ নাগৰিকসকলে যাত্ৰাকালত অনেক কষ্ট কৰিবলগীয়া হয়। যদিও যাত্ৰাকালত প্ৰতিজন তীৰ্থ যাত্ৰীয়ে ১.৬০ লাখ টকা খৰচ বহন কৰিব লাগিব। সেই ফালৰ পৰা ছিকিম নাথুলা পাছ যথেষ্ট সুবিধাজনক।    

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward