Friday, March 29, 2024
HomePHOTOGRAPHYমৃণাল দাসৰ কন্ঠত ‘জোনাকৰ বোকোচাত’ শীৰ্ষক গীতৰ মিউজিক ভিডিঅ’ মুকলি

মৃণাল দাসৰ কন্ঠত ‘জোনাকৰ বোকোচাত’ শীৰ্ষক গীতৰ মিউজিক ভিডিঅ’ মুকলি

প্ৰকাশিত তাৰিখঃ ২৭ জুন, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

বাদ্যযন্ত্ৰী মৃণাল দাসে কন্ঠদান কৰা  ‘জোনাকৰ বোকোচাত’ শীৰ্ষক গীতটিৰ মিউজিক ভিডিঅ’ ইউটিউব চেনেলত আনুষ্ঠানিকভাৱে মুক্তি দিছে। ২৬ জুনত গীতটিৰ কলা–কুশলী সমন্বিতে শুভাকাংক্ষী অজয় বে’, দ্বীপেন দাস আৰু বিজয়ন্ত দাসৰ উপস্থিতিত দীপৰ বিলৰ পাৰৰ আজাৰা–বৰবৰী দলঙত এক ব্যতিক্ৰম ধৰ্মী অনুষ্ঠান আয়োজন কৰে। মৃণাল দাসে সুৰ আৰু সংগীতেৰে সজাই তোলা গীতটোৰ কথা ইৰাৱতী দাস মালীৰ আৰু সহযোগী কণ্ঠশিল্পী পৰিস্মিতা মেধি। ষ্টুডিঅ’ হেভেন’ত বাণীবদ্ধ কৰা গীতটিৰ ভিডিঅ’ দৃশ্যাংশত অভিনয় কৰিছে– মৃণাল দাস আৰু অনিতা ৰাজে। পৰিকল্পনা আৰু পৰিচালনা– জ্যোতি ৰঞ্জন কলিতাৰ। কেমেৰা, ভিডিঅ’ সম্পাদনা– ত্ৰৈলোক্য দাস, সহকাৰী দিপাংকৰ কলিতা আৰু মেকআপত চাজিনাৰা। আগ্ৰহীসকলে মৃণাল দাসৰ অফিচিয়েল চাইট National Music Assam ইউটিউবত চাব পাৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward