Thursday, June 13, 2024
HomeARTICLEমোৰ আত্মাই শান্তি পাব                                

মোৰ আত্মাই শান্তি পাব                                

প্ৰকাশিত তাৰিখঃ ১৮ ছেপ্টেম্বৰ, ২০২৩

চবিন চন্দ্ৰ নাথ –

গাঁৱৰ মানুহবোৰে মৃতদেহটো আৱৰি চাই আছে। সকলোৰে মুখত এটাই কথা অতি অমায়িক ল’ৰা, মুখত সদায়েই মিচিকিয়াই হাঁহি থকা বয়সত নিচেই সৰু ফুলকুমলীয়া নৱম শ্ৰেণীৰ ছাত্ৰ এজনে হৃদয়ত আত্মহত্যাৰ পথ বাচি লোৱাৰ কাৰণ কি হ’ব পাৰে! আনহাতে পৰিয়ালটো আছিল অত্যন্ত সামাজিক। গাৱঁৰ মানুহৰ আপদ-বিপদ হ’লে কলিতা আৰু কলিতানী দুয়ো একেলগে দৌৰ মাৰে। মানুহৰ আপদ-বিপদবোৰ বৰ মনযোগেৰে শুনে আৰু যথাযথ সমাস্যা সমাধান কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। গাৱঁৰ মানুহৰ বিবাহ-সবাহ হ’লে কলিতা আৰু কলিতানীহঁতক মাতিবই। ৰভাৰ তলত মানুহক ভাত চাহ খোৱাৰ হিচাবৰ পৰা সকলোবোৰ তদাৰক কলিতা আৰু কলিতানী নিষ্ঠাৰে দ্বায়িত্ব পালন কৰি যায়। গাৱঁৰ প্ৰায় মানুহে ভাবে এই দম্পতীহালক ভগৱানে মৰম শ্ৰদ্ধাৰে মানুহক সহায় কৰিবলৈ মৰতলৈ পঠিয়াই দিছে। কলিতা পেচাত এজন মণ্ডল। গাঁৱৰ মানুহৰ কোনোলোকৰ মাটি–বাৰীৰ কিবা সমস্যা হ’লে কোনো মানুহে চিন্তা নকৰে। ভাবে আমাৰ কলিতাদা আছে। কলিতাই নিষ্ঠাৰে গাঁৱৰ মানুহৰ কামখিনি কৰি দিয়ে।

আনকি গাঁৱৰ কোনোলোকৰ কাম আন লাট মণ্ডলৰ হাতত যদি পৰে তাকো তেওঁ সহায় কৰিবলৈ আগবাঢ়ি যায়। বিনিময়ত কলিতাই গাঁৱৰ লোকৰ পৰা কোনো উপঢৌকন নলয়, কিন্তু গাঁৱৰ মানুহে নিজ ঘৰত উৎপন্ন হোৱা কিছু শাকপাচলি দি যায়। এই শাকপাচলি গাঁৱৰ মানুহৰ বাবে কোনো উপঢৌকনত নপৰে এয়া শ্ৰদ্ধা, ভক্তি আৰু গাঁৱৰ কৃষকৰ সৰলতা। কলিতানী গাঁৱৰ মানুহখিনিক সহায় কৰাত আৰু এখোপ চৰা। গাঁৱৰ মহিলাবোৰ একত্ৰিত কৰি কেনেকৈ গাঁৱৰ মহিলাখিনি অৰ্থনৈতিক দিশত স্বাৱলম্বী হৈ সামাজিক স্হিতিত সৱল কৰি দৈহিক, মানসিকভাবে শক্তিশালী কৰিব পাৰি আৰু তেতিয়াই প্ৰকৃতাৰ্থত সমাজ এখন স্বৰ্গৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰি তাৰবাবে আজি আমাৰ শ্বাসৰুদ্ধকাৰী ঘৃণনীয় অসভ্যালি মানসিকতা পৰিবৰ্তন কৰিবই লাগিব। কলিতানীয়ে এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। কলিতানীয়ে সদায়েই ভাবিছিল ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ–ছাত্ৰীৰ তুলনাত যাতে নিজৰ গাঁৱৰ ল’ৰা–ছোৱালী কোনো গুণে কম নহয় তাৰেই চিন্তাত সদাই নিমগ্ন থাকে। মুঠতে গাঁৱখন আন গাঁৱতকৈ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, শৈক্ষিক আদি সকলো দিশতে সম্পূৰ্ণ পৃথক। গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত কলিতানীয়ে পুৱা নিতৌ এঘন্টাকৈ কণ কণ মইনাহঁতক বিশেষকৈ ৫ম শ্ৰেণীলৈ ইংৰাজী পঢ়ুৱাই যাতে ব্যক্তিগত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ–ছাত্ৰীতকৈ এখোজ আগুৱাই যাব পাৰে। কলিতানীৰ ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি এটা বিৰোধভাব আছে। কিন্তু ইংৰাজী ভাষাৰ বিৰোধী নহয়। কলিতানীয়ে গভীৰভাৱে উপলব্ধি কৰিছে যে প্ৰায় মানুহে নিজৰ সন্তানক ব্যক্তিগত ইংৰাজী মাধ্যমত শিক্ষা দি ঘৰত মাক দেউতাক নতুবা কোনোবা মানুহৰ আগত সন্তানে ইংৰাজী ভাষাত কথা পাতিলে বৰগৰ্ব কৰা দেখা যায়। বহু শিক্ষিত পৰিয়ালত ঘৰৰ মৰমৰ দেউতা নামৰ সলনি পাপা খুৰিদেউৰ সলনি আন্টি বুলি ক’বলৈ বাধ্য কৰাইছে।

আমাৰ মন মগজুৰ সিৰে সিৰে বৈ থকা ফুল কোমল হৃদয়তে মাক দেউতাকৰ অজ্ঞাতবশত হৃদয়ৰ নিভৃতম কোণত মাতৃ ভাষাৰ বিৰুদ্ধে শ্ল’পইজন গুজি দিয়া হয়। সেইবাবেই কলিতানীয়ে গোপনে জেহাদ ঘোষণা কৰি বৰ মনোযোগেৰে কণ কণ মইনাহঁতক ইংৰাজী পঢ়ুৱাই যাতে অসমীয়া মাধ্যমত পঢ়ি সুন্দৰ ৰূপত ইংৰাজী শিকিব পাৰে লগতে ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ক্ৰমে কমি কমি আহে। এই বিষয়লৈ গাঁৱৰ মানুহখিনিক বিশেষকৈ মহিলাসকলৰ লগত আলোচনা কৰি তাত নিৰ্ভীকভাৱে কৈছিল আমি ইংৰাজী শিকিবই লাগিব কিন্তু আমাৰ মাৰ মুখৰ ভাষা কাঢ়ি নি নহয়। অসমীয়া মাধ্যমত থাকি ইংৰাজী ভাষা শিকি আয়ত্ত কৰিবলৈ যোৱাটোহে উচিত। গ্ৰাম্যাঞ্চলৰ কৰ্মৰত মহিলাসকলক মানসিকভাৱে অতি সৱল সমদক্ষতাপূৰ্ণ গুণৰাজিৰে সামাজিক বাধা-নিষেধৰ বাট অতিক্ৰম কৰি উন্নতিৰ জখলাত আগুৱাই নিয়া এইগৰাকী মহিলাৰ পুত্ৰ শোকত ম্ৰিয়মান হৈ পৰে গাঁৱৰ সকলো মহিলা। তেওঁলোকে বিচাৰে সঁচা ঘটনাৰ উদঘাটন। তেনেতে পলাশবাৰী থানাৰ অ’চি বসন্ত শৰ্মাই ঘটনাস্হলীত উপস্থিত হৈ মৃতদেহটো দুখ আৰু বেদনাৰে নিৰীক্ষণ কৰে আৰু এজন চিপাহীক গছৰ পৰা মৃতদেহটো তললৈ আনিবলৈ নিৰ্দেশ দিলে। অ’চি বসন্ত শৰ্মাই এইবাৰ নিজে চিপাহীক সহাই কৰিবলৈ আগবাঢ়ি গ’ল। বসন্ত শৰ্মাই মৃতদেহৰ পেণ্টত এখন কাগজ পালে। কাগজখন আচলতে এখন চিঠি। তেওঁ পঢ়ি হাতেৰে পিন্ধি থকা টুপিটো সোলোকাই লৈ চিপাহীজনক ক’লে তুমি থানালৈ যোৱা আৰু দত্তৰ লগত কেইজনমান পুলিচ লৈ চহৰৰ প্ৰতিষ্ঠিত সেই দামী বিদ্যালয়খনৰ সহকাৰী শিক্ষক প্ৰবাল গোস্বামীক হাতকেৰেয়া পিন্ধাই ৰাস্তাৰে খোজকঢ়াই লৈ আনি থানাৰ লক আপত ভৰাই থবি, প্ৰচণ্ড ক্ষোভ আৰু দুখত কৈ উঠিল। মানুহবোৰ মৰ্মাহত, বিষাদ গ্ৰস্ততাত চকু মুখত প্ৰৱল উৎকণ্ঠাৰ ভাব বিয়পি পৰিল। বিস্ময়াভিভূত হৈ উত্তেজনাৰ নিশ্বাস সকলোৰে ক্ষিপ্ৰ হৈ পৰে। ৰাইজ জীৱন যুদ্ধত অন্তিম কালত উপস্থিত হৈছে। সত্যৰ নিৰ্মোহ উদ্ঘাটনত উন্মাদ আৰু উত্ৰাৱল হৈ পৰিছে। বিষধৰ কীটৰ দংশনৰ দৰে মন মগজুত ক্ষত বিক্ষত কৰি প্ৰতিশোধৰ উন্মুক্ত চিন্তাত গাঁৱবাসীৰ মনবোৰ হাজাৰ হাজাৰ বিপদ অতিক্ৰম কৰি নীৰৱতাক অত্যাচাৰ কৰি চিঞৰি উঠিল অ’চি ছাৰ চিঠিখন এবাৰ আমাক শুনিবলৈ দিয়ক।ৰাইজৰ আবেগ বিহ্বলক শ্ৰদ্ধা জনাই অঞ্চলবাসীৰ প্ৰতি দুখ-দুৰ্দশাৰ সমবেদনাত সততে উদিত সুৰ্য্যৰ দৰে থিয় দি সততাৰ পুলিচ বিষয়া হিচাপে পৰিগণিত বসন্ত শৰ্মাই এইবাৰ নিজেই চিঠিখন সকলোৱে শুনিব পৰাকৈ পঢ়িব ধৰিলে—

মৰমৰ মা,

মা, মোক ভুল নুবুজিবি। মোৰ হাতত বিকল্প ব্যৱস্থা নাছিল বাবে এই ঘৃণনীয় পথটো খুব দুখ, বেদনা আৰু ক্ষোভেৰে ল’লো। মা, মোৰ বুকুৰ নিভৃতম কোণৰ পৰা আৰম্ভ কৰি দেহৰ সিৰে সিৰে প্ৰবাহিত হৈ থকা প্ৰতিটো ৰক্তৰ কণিকাত আছে তোমাৰ দৰে এগৰাকী সঁচা মানৱতাবাদী মহিলা আৰু দেউতাকৰ সমাজৰ প্ৰতি থকা নিভাঁজ মানৱতাৰ মন্দিৰত বৈ যোৱা জুৰিৰ ৰক্ত। মোৰ স্বপ্নৰ সুগঢ়িত ৰক্তৰ কণিকাত আছিল তোমাৰ দুয়োজনৰ মিলিত এক গভীৰ সমাজ সচেতনাৰ উৰ্দ্ধমুখী ৰক্ত। কিন্তু মা, প্ৰকৃতি মোৰ বিৰুদ্ধে আছিল, সময়ৰ নিষ্ঠুৰ প্ৰতাৰণাত মোৰ দুহাতৰ সাহসৰ, দৃঢ় বজ্ৰমুষ্টি আজি শৰবিদ্ধ পখীৰ দৰে তললৈ সৰি পৰিলো। মা, মই তোমাৰ মনত খুব খীন, আমাৰ ওচৰৰ বাবুদাৰ লগত ৰিজাই কোৱা, বাবুদা শকত আৱত আৰু সি সকলো খাদ্য যথেষ্ট পৰিমাণে খাই তাৰ মগজু তীক্ষ্ণ বুদ্ধি। শ্ৰেণীত ৰোল নং ১। সঁচা মা, মই ভালদৰে জানো আমি সকলোৱে পুষ্টিকৰ খাদ্য খাব লাগে, মোৰ কোমল দেহ উপযুক্তভাৱে বিকাশ কৰিবলৈ আটোম-টোকাৰিকৈ ৰাখিবলৈ হ’লে এই বয়সত ভাল খাদ্য খাবই লাগিব। মা মই তোমালোকক দেখিছো আমাৰ ভাঙি পৰা সমাজখনক জীৱনৰ দুখ-যন্ত্ৰণা আৰু ঘাতপ্ৰতিঘাত অতিক্ৰম কৰি বাস্তৱৰ বিচাৰ-বিশ্লেষণ কৰি অসীম সাহস আৰু ধৈৰ্য্যৰে সমাজ প্ৰতিষ্ঠিত কৰিবলৈ দেউতা আৰু তুমি অহৰহ প্ৰচেষ্টা হাতত লৈছা। মই এই সকলোবোৰ গভীৰভাৱে পৰ্যালোচনা কৰি প্ৰতিজ্ঞাৱদ্ধ হওঁ- কঠোৰ সংগ্ৰামৰ মাজেদি এদিন সমাজ প্ৰতিষ্ঠা কৰিম। মোৰ এই সাহসৰ বিজয়ী ইচ্ছা কোনো দিন থমকি নৰ’ব। কিন্তু নিয়তিৰ কি পৰিহাস! মোৰ সমাজৰ প্ৰতি থকা আস্থা আৰু দ্বায়িত্ব পালন কৰিবলৈ সময়ে সুবিধা কণ নিদিলে। মা তুমি মোৰ ভালৰ কাৰণে আমাৰ স্কুলৰ প্ৰবাল গোস্বামীক চাৰক ক’বলৈ কৈছিলা, ‘যে মোৰ ল’ৰাটোৱে খাদ্য কমকৈ খায়। দিনত মাথো দুবাৰ খায়। ভাত খাবলৈ ক’লে ভোক লগা নাই। ডাক্তৰৰ মতে তাৰ কোনো বেমাৰ আজাৰ নাই কিন্তু আন ল’ৰা–ছোৱালীৰ তুলনাত খাদ্য খুবেই কম। তাতে বাঢ়ি থকা সৰু ল’ৰা ভাত নেখালে বিদ্যালয়ৰ কিতাপ বুজিবলৈ টান পাব গতিকে আপুনি তাক ক’ব যাতে খাদ্য বেছিখাবলৈ ধৰে।’ মা, মোক শ্ৰেণীত সকলো ল’ৰা-ছোৱালীৰ আগত থিয় কৰাই মাৰ কথা সঁচানে বুলি প্ৰশ্ন কৰাত মই নিৰ্ভীকভাৱে উত্তৰত কৈছিলো কথাটো সঁচা। চাৰে মোক পুনৰবাৰ প্ৰশ্ন কৰিলে মই কিয় খাদ্য কমকৈ খাওঁ। মই কৈছিলো আমি নোখোৱাকৈ নমৰো আজি পৃথিৱীৰ বিভিন্ন দেশত খাদ্যৰ পৰা বহুতো লোক বঞ্চিত হৈ আছে তোমাৰ মুখত শুনিছিলো চোমালিয়াত বহু শিশু খাদ্য নেপাই পুষ্টিহীনতাত ভোগী আছে,বহুত মৃত্যু হৈছে। তুমি মিটিংত প্ৰায়ে কৈ থকা আমি সদায়েই মানুহৰ মাজত সোমাই সহায় কৰা উচিত। মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম্ম। এই মানৱ পৃথিৱীৰ য’তেই নাথাকক কিয় আমাৰ জীৱন কেৱল মানৱ জাতিৰ বাবে উৎসৰ্গ কৰা উচিত। মই দুসাজ ভাত নিতৌ খাই আছো, এসাজ সিঁহতৰ বাবে এৰিছিলো। তদুপৰি কণী, ফলমুল মইতো মাক কমকৈ আনিব কৈছিলো। আচলতে মোৰ বেছিকৈ খাবলৈ মন যায়। কিন্তু চোমালিয়াৰ শিশু আৰু আমাৰ চহৰত বেগ লৈ ফুটপাথত প্লাষ্টিকৰ বটল বিচাৰি ফুৰা শিশুবোৰৰ ছবি মোৰ বুকুৰ মাজত সোমাই বেজিয়ে বিন্ধা দি বিন্ধে আৰু সিহঁতৰ কথা ভাবি ফলমুলকে ধৰি সকলোধৰণৰ খাদ্য মই কমকৈ খাওঁ আৰু এই আদৰ্শ লৈছো তোমালোকৰ পৰা।

মা–দেউতাৰ কথা কোৱাৰ লগে লগে চাৰ প্ৰবাল গোস্বামীয়ে অতি নিন্দা সুচক হাঁহিৰে ক’বলৈ ধৰিলে বাঃ আদৰ্শ পৰিয়ালৰ আদৰ্শ সৎ সন্তান। হেৰৌ তোৰ মাৰাই তোক ক’বলৈ কৈছে, তই বোলে পিতৃ–মাতৃৰ কোনো কথাই গুৰুত্ব নিদিয়া। আজি আকৌ পিতৃ-মাতৃৰ গুণ বখানিবলৈ ধৰিছা। শ্ৰেণীত ৰোল নং কিমান? এইবোৰ চোকা ছাত্ৰ–ছাত্ৰীয়ে ভাবিব তোৰ দৰে কেঁচা ছাত্ৰৰ কাম নহয় এই কথা ভাবিব কল্পনা, হিৰক আৰু সবিতাহঁতে। সকলো ছাত্ৰ–ছাত্ৰীয়ে এটা ইতিকিং সুৰত তালৈ চালে, একে চাৱনি চাৰৰ দুচকুত। মা চাৰে মোক শ্ৰেণীত বিশেষকৈ ছোৱালীবোৰৰ আগত তাকো আপোনালোকক কৰা অপমানে মোৰ মন মগজু ঘৃণা আৰু উপহাসেৰে ক্ষোভৰ অপমানত জৰ্জৰিত হৈ পৰিছো। মই এইখন বিদ্যালয়ত কেনেকৈ পঢ়িম। নতুবা আন ক’ত ভৰ্তি কৰি দিবি। ওচৰত নাই কোনো বিদ্যালয়। দূৰৰলৈ নিলে মানুহে মা হতঁক কি ভাবিব। মা বিদ্যালয়ত মই যি অপমানিত হ’লো। সেই অপমানক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি নিৰ্মম আত্মহত্যাৰ পথ বাচি ল’লো মা, মোৰ আত্মহত্যাৰ দাৰুণ চিন্তাই তোমাক বৰকৈ বিব্ৰত কৰি তুলিব, ভীষণভাৱে হয়তো অস্হিৰ হৈ পৰিবা। দেউতাৰ দুৰন্ত আশা থমকি ৰ’ব। জীৱনত পোৱা-নোপোৱা হিচাপবোৰে তোমালোকৰ হৃদয়ৰ গোপন কক্ষত অশান্তিয়ে হাত বাউল দি মাতি থাকিব।কাৰণ মইয়েই আছিলো তোমালোকৰ একমাত্ৰ সন্তান। মই গভীৰ আৰু দৃঢ় বিশ্বাস কৰিছো মোৰ সিদ্ধান্তটো ভুল, মোৰ ইচ্ছা মৃত্যু পাপ। কিন্তু মোৰ সন্মুখত আন পথ নাছিল তাতে মই আছিলো আত্মঅহংকাৰী। আত্মসন্মান মোৰ বাবে সকলোতকৈ উৰ্দ্ধত। মই স্বপ্ন দেখিছিলো এখন বিশাল মৰ্যাদাপূৰ্ণ সমাজৰ। কিন্তু চাৰৰ কথাখিনিয়ে অনিশ্চিত ভবিষ্যতৰ দিশে আকৰ্ষিত কৰি মোক বৰ দূৰ্বল কৰি তুলিলে। মই দেউতা আৰু তোমাৰ কথা চিন্তা কৰি সিদ্ধান্তৰ ওচৰত কেতিয়াবা উন্মাদ হৈ পৰো। কিয়নো তোমালোকৰ সামাজিক সচেতনতাই মোৰ অন্তৰ চুই গৈ জীৱনটো অনুপম কৰি তুলিছিল। মা, আমাৰ ওচৰৰ বাবুদা বৰ ভাল ল’ৰা। সি মোৰ কামত সদায়েই সমৰ্থন কৰি আহিছে, মোক সি কৈছিল ডাঙৰ হ’লে মোৰ লগত মিলি সমাজৰ কাম কৰিব। বাবুদাই জানো পৰিয়ালটোৰ একমাত্ৰ সন্তান নহয়। আমি দুয়ো প্ৰতিজ্ঞাৱদ্ধ হৈছিলো মোৰ অবৰ্তমানত আমাৰ পৰিয়ালটো সি চাব আৰু তাৰ অবৰ্তমানত মই চাম। মই তোমালৈ শত-কোটি ক্ষমাৰ প্ৰাৰ্থনা কৰিছো মোক ভুল নুবুজিবি, কিন্তু যুঁজি যাবি এখন বিপদসংকুল শ্বাসৰুদ্ধকাৰী সমাজ উদ্ধাৰ কৰিবলৈ। মা সকলো নাৰীয়েই মাতৃ নহয় নতুবা নাৰী বুলি দাবী কৰিব নোৱাৰে, তেনেদৰে সকলো শিক্ষকেই শিক্ষক নহয়। বিদ্যালয়ত এখন নিযুক্তি পত্ৰ পালেই শিক্ষক হ’ব নোৱাৰে। একচাম ধুৰন্ধৰ শিক্ষকে দেশৰ সৰ্ব্বোচ্চ সন্মানীয় পদটি কলুষিত কৰা প্ৰবাল গোস্বামী চাৰৰ দৰে লোকক সমাজে ক্ষমা কৰিব নেলাগে। মা মোৰ অনুৰোধ থাকিল পৰজীৱি লতাৰ দৰে শুহি খোৱা মই পঢ়া সেই ব্যক্তিগত দামী বিদ্যালয়খনৰ সহকাৰী শিক্ষক চাৰ প্ৰবাল গোস্বামীক এক শোভাযাত্ৰা কৰি, বিশাল মিছিল উলিয়াই হাতকেৰেয়া পিন্ধাই ৰাস্তাৰে লৈ গৈ মানৱতাক নিৰ্মমভাৱে ভূ–লুন্ঠিত কৰা কদৰ্যময় কাৰাগাৰৰ লক্আপত ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব, মোৰ আত্মাই তেতিয়া শান্তি লাভ কৰিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

(মোৰ আত্মাই শান্তি পাব’ ছুটি গল্পটিৰ লেখক চবিন চন্দ্ৰ নাথ কামৰূপ জিলাৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত চল্লী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক)

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward