Saturday, January 28, 2023
HomeARTICLEযুগ সন্ধিৰ প্ৰশ্ন

যুগ সন্ধিৰ প্ৰশ্ন

প্ৰকাশিত তাৰিখঃ ২৩ জানূৱাৰী, ২০২৩

কল্প ৰঞ্জন গগৈ –

এক ভয়াৱহ যুগসন্ধিত বাস কৰিছো আমি। পৃথিৱীৰ, মানৱ সমাজৰ উত্তৰনৰ পথত এনেধৰণৰ হেজাৰ–বিজাৰ যুগসন্ধি মানুহে পাৰ হৈ আহি আছে। এইক্ষেত্ৰত মানুহে অহৰহ সমাজ– বৈজ্ঞানিক অনুসন্ধান কৰি আহি আছে। অবিৰতভাৱে আৰু এনেকৈয়ে সঠিক সামাজিক চেতনাৰ বিকাশ ঘটিছে।

মানুহ যিহেতু প্ৰকৃতাৰ্থত সামাজিক প্ৰাণী সেয়ে এনেধৰণৰ সামাজিক প্ৰচেষ্টাইহে মানুহক মানুহ কৰি তুলিছে। আজিৰ সময়ত সমাজৰ বস্তুগত উৎপাদন আৰু বজাৰ নিয়ন্ত্ৰণ কৰা ‘বৈশ্য শক্তিয়ে’ মানুহৰ চিন্তা, চেতনা আৰু প্ৰেৰণাক নিয়ন্ত্ৰণ কৰিবলৈ অহৰহ আৰু অবিৰত চেষ্টা কৰি আছে। নিজৰ হাতৰ মুঠিত ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিছে। তাৰে প্ৰতিফলন ঘটিছে শাসক–নেতাসকলৰ কাম–কাজত। ইয়াৰ প্ৰভাৱ জনতাৰ ওপৰত পৰা তেনেই স্বাভাৱিক। জনতা বিভ্ৰান্ত হৈছে সাময়িকভাৱে।

কৰ্তৃত্বশীল শক্তিৰ যি চিন্তাধাৰা তাৰ সম্প্ৰসাৰণৰ লগে লগে সমগ্ৰ সমাজ প্ৰথমে হতভম্ব হৈ পৰে। সেয়ে পৃথিৱীত কেৱল যোগ্যজনহে থাকিব। এই ধাৰণাৰ বশৱৰ্তী হৈ একাংশই আত্মহননৰ পথলৈ গতি কৰে।

বুদ্ধই বাৰ্দ্ধক্য, জড়া আৰু মৃত্যু এই তিনি সত্যৰ মুখামুখি হৈয়েই প্ৰচাৰ কৰিছিল সংঘ–জ্ঞান আৰু নীতি বা মনুষ্যত্বত শৰণ লোৱাৰ কথা। ভাৰতবৰ্ষৰ পৰা এই মহান আদৰ্শ বিতাৰিত হোৱাৰ ফলৰত সমাজ বহুত পিছুৱাই গ’ল। ভাৰতবৰ্ষই বিশ্বগুৰু হোৱাৰা ক্ষমতা হেৰুৱাই পেলালে। পুনৰ আদিম বৰ্বৰ যুগলৈ উভতি যোৱাৰ সময়তে আমাৰ যিসকলে স্থিতাৱস্থা ভাঙিবলৈ বিচাৰে সকলোৰে জীৱনলৈ প্ৰকৃত পোহৰ আৰু আনন্দ আনিবলৈ বিচাৰে সেইসকলে মানুহৰ মাজত ঐক্য আৰু সমন্বয় গঢ়িবলৈ অবিৰাম প্ৰচেষ্টা চলাই যাব লাগিব। কাৰণ আমি বিশ্বাস কৰো যে সমাজৰ যোগ্য–অযোগ্য–সকলোকে বসুন্ধৰা ভোগৰ বাবে যোগ্য কৰি তুলিব লাগিব।

এই পৰিৱৰ্তনশীল সামাজিক প্ৰচেষ্টাত বুদ্ধিজীৱি, ধীমান ব্যক্তিসকল, শিল্পী–সাহিত্যিকে, মানুহ গঢ়াৰ কাৰিকৰ শিক্ষকসকলৰ লগতে কলা–কুশলীসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ভাদ মাহত স্পষ্ট হৈ দেখা দিয়া ছবিখন হ’ল নামঘৰৰ দৰে অনুষ্ঠানক গতি দিছিল বিশেষকৈ আমাৰ নাৰী বাহিনীয়। সমাজৰ প্ৰকৃত সৈনিক তেওঁলোকহে। মানুহৰ উত্তৰোত্তৰ উন্নতিৰ প্ৰয়াস কৰিব পৰা ক্ষমতা নাৰীৰ আটাইতকৈ বেছি।

আমাৰ বুদ্ধিজীৱিসকলে কেৱল দিগদৰ্শক হিচাপে কাম কৰিব লাগিব। ধীমান লোকসকলৰ এই প্ৰয়াস শ্ৰমিক আৰু কৃষক সকলৰ জীয়াই থকাৰ প্ৰচেষ্টাৰ লগত সংযুক্ত হ’লেহে প্ৰকৃতাৰ্থত বিকাশৰ পথ ত্বৰান্বিত হ’ব পাৰে।

সকলো মানৱতাবাদী আৰু মানুহৰ পূৰ্ণবিকাশৰ বাবে অহৰহ শ্ৰম কৰি থকা বুদ্ধিজীৱিসকল একমত যে মানৱ সভ্যতা আজি ধ্বংসৰ ওচৰত (At the edge of destruction)। পাৰমাণৱিক যুদ্ধ, অতিমাৰি, জলবায়ু পৰিৱৰ্তন, বিশ্বব্যাপী আৰ্থিক বিপৰ্যই ইত্যাদি ঘটনাই আমাক শেষ পৰিণতিৰ ফালে লৈ গৈছে। ইয়াৰ পৰা ৰক্ষা পাবলৈ আমাক লাগিব বিশ্বজুৰি সমবায়–সংহতিৰ সংস্কৃতি।

ভাৰতবৰ্ষৰ ১৩৪কোটি জনসংখ্যাৰ ভিতৰত ৩৪কোটি পৰিয়াল মহাধনী। এজন আদানী–আম্বানী বিশ্বশ্ৰী–শ্ৰেষ্ঠ ধনী। আজি ভাৰতীয়ৰ জনমুৰি আয় হৈছে ২০৩৬ ড’লাৰ। চুবুৰীয়া চীনৰ ৯৬০৮ ড’লাৰ, বাংলাদেশৰ ১৭৪৫ ড’লাৰ, পাকিস্তানৰ ১৫৫৫ ড’লাৰ।

একালৰ প্ৰভূ ইংলণ্ডৰ জনমুৰি আয় ৪২,৫৫৮ ড’লাৰ, বিশ্বৰ ১নং দেশ মাৰ্কিন যুক্তৰাজ্যৰ ৬৪,০৪১ ড’লাৰ। সমবায়–সংহতি ভাৰতে কাৰ লগত গঢ়িব? আজি একৈশ শতিকাত প্ৰতিজন ভাৰতীয়ৰ সন্মুখত প্ৰশ্ন।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward