Tuesday, November 29, 2022
HomeARTICLEজ্যোতিপ্ৰসাদৰ ‘লভিতা'

জ্যোতিপ্ৰসাদৰ ‘লভিতা’

প্ৰকাশিত তাৰিখঃ ১৭ অক্টোবৰ, ২০২২

কল্প ৰঞ্জন গগৈ –

বিপ্লৱ মুখী সমাজ গতিশীল। বিপ্লৱৰ ৰূপকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ (১৯০৩–১৯৫১) জীৱনকাল ৪৮ বছৰ। ঔপনিৱেশিক যুগত জন্মলাভ কৰিলেও স্বাধীন ভাৰতবৰ্ষ দেখি গৈছিল। ঔপনিৱেশিক যুগৰ সপোনে উত্তৰ ঔপনিৱেশিক কালত বাস্তৱ ৰূপ পাইছিল নে নাই– তেওঁৰ মতে? আজি আমি এই কথা বুজিবলৈ পুনৰায় তেওঁৰ ৰচনাৱলী পুনৰীক্ষণ কৰিব লাগিব। শিল্পীৰ পৃথিৱী, নতুনৰ পূজা, নতুন দিনৰ কৃষ্টি, অসমীয়া সংস্কৃতি, পোহৰলৈ আদিৰ দৰে লিখনি পুনৰ অধ্যয়ন কৰিব লাগিব– অসমীয়া জাতিয়ে। এইক্ষেত্ৰত আমাৰ সাহিত্যিক–সাংবাদিকসকলে অসমীয়াক নিৰ্মমভাৱে সমালোচনা কৰিব লাগিব– প্ৰহাৰ কৰিব লাগিব। এইক্ষেত্ৰত উদাৰপন্থী হ’লে নহ’ব। ২১শতিকাত জনতাই নতুন দিনৰ সংস্কৃতি গঢ়িব বিচাৰে নে, পোহৰলৈ গতি কৰি সমাজখনক নতুন ৰূপ দিব বিচাৰে! নে স্থিতাৱস্থাক সাৱটি ধৰি বিপ্লৱবিমুখ জাতিৰূপে গঢ়ি বিচাৰে?

জ্যোতিপ্ৰসাদে বিপ্লৱৰ এই গঠনমুখী আৰু প্ৰগতিশীল ভূমিকাত গভীৰভাৱে বিশ্বাস ৰখাৰ বাবে গাইছিল– ‘তোৰ আন্ধাৰক নাশিবলৈ তোৰ বুকুতেই বিপ্লৱী হৈ জাগিম’।

সাম্ৰাজ্যবাদী যুগৰ অন্ত পৰিল– জ্যোতিপ্ৰসাদেও অসময়ত আমাক এৰি থৈ গ’ল। মুক্তিযোদ্ধা অসমীয়াৰ নয়নৰ মণি জ্যোতিপ্ৰসাদ– সাম্ৰাজ্যবাদৰ মহাশত্ৰু। আমাৰ সন্মুখত জ্বলন্ত প্ৰশ্ন– ইংৰাজ উপনিৱেশ আঁতৰি যোৱাৰ লগে লগে ভাৰতবৰ্ষৰ বুকুৰ পৰা উপনিৱেশবাদৰ অন্ত পৰিল নেকি? তাৰ উত্তৰ স্পষ্ট– অন্ত পৰা নাই আৰু ইয়াৰ ধ্বংসাত্মক দমনৰ প্ৰক্ৰিয়া আজিও অব্যাহত আছে। আজি ‘লভিতা’ৰ নব্য সংস্কৰণৰ জড়িয়তে যি বিকৃতি দেখা গৈছে ইয়াৰ বাবে দায়ী আমাৰ মাজৰ এচাম। যি অসমীয়া জাতিৰ গঠনশীল, বিকাশশীল ৰূপটোক ভাঙি ইয়াক প্ৰাগ ঐতিহাসিক স্তৰলৈ লৈ যাব বিচাৰে। দুৰদৃষ্টিহীন স্বাৰ্থান্ধ মধ্যশ্ৰেণীৰ সমৰ্থিত নেতৃত্বই ইয়াক সন্ধানহীন, অবিশ্বাস আৰু ভাঙোনমুখী চিন্তাই গ্ৰাস কৰা এক অপৰাধপ্ৰৱন সমাজৰূপে গঢ়ি বিচাৰে।

তেনে এটা ক্ষণতে অসমীয়াই লভিতাৰ যোগেদি জ্যোতিপ্ৰসাদে দিয়া বাণী বুজিবলৈ চেষ্টা কৰা উচিত। লভিতাৰ নায়ক গোটেই অসমীয়া ৰাইজ– মুক্তিযুদ্ধৰ সময়ৰ– স্বাধীনতাৰ প্ৰাকক্ষণ।

লভিতাই কৈছিল– ‘তুমি নক’বা আজি দিনৰ ডেকা বুলি’ যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই সি আজিৰ দিনৰ ডেকা হ’বই নোৱাৰে। ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশৰ চলি থকা অন্যায়ৰ নিয়ম–কাৰণ, মুৰ্খ সমাজৰ সংকীৰ্ণ মনৰ মানুহৰ নিৰপৰাধী নিমাখিতৰ ওপৰত অন্যায়–অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ–সম্পদ, আনকি জীৱনকো দি যি ডেকাৰ থিয় হ’বলৈ মনত ব’ল নাই, বুকুত শক্তি নাই, সি আজিৰ ডেকা হ’বই নোৱাৰে’।

আজিৰ পৰা ৭৫ বছৰৰ আগৰ এই ৰচনা। ইয়াক বিচ্যুত কৰিব বিচাৰিলে অসমীয়াই শুই থাকিলে ভুল হ’ব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward