Saturday, December 14, 2024
HomeNEWSবিষ্ঞু ৰাভা যুৱ সংঘৰ সোণালী জয়ন্তীবৰ্ষৰ লাইখুঁটা স্থাপন

বিষ্ঞু ৰাভা যুৱ সংঘৰ সোণালী জয়ন্তীবৰ্ষৰ লাইখুঁটা স্থাপন

প্ৰকাশিত তাৰিখঃ ৯নৱেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ ঐতিহাসিক চানডুবি বিলৰ কাষৰীয়া গাঁও ৰাজাপাৰা। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ এই গাঁওখনত গঠন হৈছিল ৰাজাপাৰা বিষ্ঞু ৰাভা যুৱ সংঘৰ। বিভিন্ন ঘাতপ্ৰতিঘাতৰ মাজেৰে যুৱ সংগঠনটোৱে এইবাৰ সোণালী জয়ন্তীবৰ্ষত ভৰি দিছে। আগন্তুক ২০২৫ বৰ্ষৰ ২২ আৰু ২৩ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তীবৰ্ষ উদযাপন কৰিব।

সেই উপলক্ষে ৬ নৱেম্বৰৰ দুপৰীয়া ১২ বজাৰ আগতে ৰাজহুৱা খেলপথাৰখনত সোণালী জয়ন্তীবৰ্ষৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। অনুষ্ঠানৰ উপস্থিত ৰাইজে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীক লাইখুঁটা স্থাপন হ’বলগীয়া ক্ষেত্ৰলৈ আদৰি আনে।

ইয়াৰ পিছত ৰাজাপাৰা জনজাতীয় মহিলা সমিতিৰ সদস্যাসকলৰ এটি বৃহৎ দলে বগেজাৰী নাচ পৰিৱেশন কৰে। বগেজাৰী নাচৰ পিছত পুজাৰীয়ে ৰাভা সমাজৰ ৰীতি–নীতিৰে প্ৰধান উপাস্য দেৱতা লাঙাবুঢ়ালৈ নৈবদ্য আগবঢ়ায়। মাংগলিক কাৰ্যৰ মাজেৰে মুখ্যকাৰ্যবাহী টংকেশ্বৰ ৰাভাই সোণালী জয়ন্তীবৰ্ষৰ লাইখুঁটা স্থাপন কৰে।

লাইখুঁটা স্থাপন কাৰ্যত ৰাভা হাছং পৰিষদীয় এলেকাৰ চানডুবি সমষ্টিৰ সাধাৰণ সদস্য নৃপেন চন্দ্ৰ ৰাভা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুভাষ চিনাল, ৰাজাপাৰা গাঁও আৰু যুৱ সংঘৰ মুৰব্বীসকলে সহযোগ কৰে।

লাইখুঁটা স্থাপন কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয়– গাঁৱৰ যুৱ প্ৰজন্ম, জ্যেষ্ঠ ব্যক্তিসকলে সংঘ, ক্লাৱ গঠন কৰি সন্মিলিত প্ৰচেষ্টাত পঞ্চাশটা বছৰ অতিক্ৰম কৰিবপৰা কাৰ্যও এক গৌৰৱৰ কথা। আজিৰপৰা ত্ৰিশ বছৰলৈ উভতি গ’লে আমি দেখা পাওঁ সংঘ, ক্লাৱ বুলিলে গাঁওখনৰ সৰ্বদিশত কেৱল উন্নয়নৰ কথাই চিন্তা কৰা হৈছিল। কিন্তু বিজ্ঞান–প্ৰযুক্তি বিদ্যাই যুৱ প্ৰজন্মক বেলেগ পথলৈ লৈ গ’লেও ক্লাৱ ক্লাৱেই, সংঘ সংঘই। যি চিন্তাৰে এসময়ত যুৱ সংঘটোৰ জন্ম হৈছিল সেই চিন্তাক আজিও প্ৰাসংগিক কৰি তুলিবলৈ যুৱ সংঘৰ সদস্য–সদস্যাসকলৰ প্ৰতি তেখেতে আহ্বান জনায়।

মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ ভাষণৰ পিছত ৰাজাপাৰা বিষ্ঞুৰাভা যুৱ সংঘৰ সদস্য–সদস্যাসকলে ৰাভাসকলৰ ছাথাৰ নাচ পৰিৱেশন কৰে। ইয়াৰ লগে লগে লাইখুঁটা স্থাপন কাৰ্যসূচীৰ সামৰণি পৰে।

উল্লেখ্য যে, লাইখুঁটা স্থাপন অনুষ্ঠানত ৰাজাপাৰাৰ কাষৰীয়া কঁঠালগুৰী আৰু জৰামুখুৰীয়া গাঁৱৰ লোকেও সহযোগ আগবঢ়ায়। সোণালী জয়ন্তীবৰ্ষৰ দুদিনীয়া কাৰ্যসূচীত অঞ্চলবাসী ৰাইজৰ সহায়–সহযোগিতা কামনা কৰিছে– উদযাপন সমিতিৰ সভাপতি ৰাতুল ৰাভা, সম্পাদক প্ৰাঞ্জল ৰাভা আৰু যুৱ সংঘৰ সভাপতি মহেশ্বৰ ৰাভা, সম্পাদক সন্তুৰাম ৰাভাই।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward