Thursday, March 28, 2024
HomeARTICLEলাম্পীত ফুৰিবলৈ যোৱা এদল লোকৰ ওপৰত খাছিলোকৰ আক্ৰমণ

লাম্পীত ফুৰিবলৈ যোৱা এদল লোকৰ ওপৰত খাছিলোকৰ আক্ৰমণ

প্ৰকাশিত তাৰিখঃ ২৭ জুলাই, ২০২০

চানডুবি নিউজ ডেস্ক

গুৱাহাটী মহানগৰীৰ পৰা ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত অসমৰ এখন ঠাই– লাম্পী। গৃহ চহৰ বকোৰ পৰা এই ঠাইখনৰ দূৰত্ব ৩৪ কিলোমিটাৰ। ল’ৱাৰ–আপাৰ উল্লেখেৰে লাম্পী আকৌ দুভাগত বিভক্ত হৈছে। ল’ৱাৰ লাম্পীৰ পৰা ৫ কিলোমিটাৰ অতিক্ৰম কৰাৰ পাছত আপাৰ লাম্পী পোৱা যায়। ল’ৱাৰ লাম্পীত গোৰ্খা আৰু আপাৰ লাম্পীত খাছি জনগোষ্ঠীৰ লোকে বসবাস কৰে। এই আপাৰ লাম্পীৰে এখন খাছি গাঁও– উমালি। য’ত– অসম বিৰোধী মেল–মিটিং আয়োজন কৰা এখন ঠাই বুলি জনাজাত। কেইবছৰমান আগতে লাম্পীলৈ খোজকাঢ়ি যোৱাৰ বাদে অন্য উপায় নথকা ঠাইখনলৈ এতিয়া গাড়ী–মটৰেৰে যাব পৰাকৈ ৰাষ্টাঘাতৰ ব্যৱস্থা এটা হৈছে।

আপাৰ লাম্পী খাছি বসতি প্ৰধান হ’লেও ই কিন্তু মেঘালয়ৰ নহয়, অসমৰ ভৌগোলিক সীমাৰ ভিতৰত পৰে। অসমৰ চৰকাৰৰ অৱহেলাৰ বাবে আপাৰ লাম্পী আজি মেঘালয়ৰ ৰাজত্ব চলিল। সেয়ে নহয় পাঁচ কিলোমিটাৰ নামি আহি ল’ৱাৰ লাম্পীতো আজি মেঘালয়ৰ আধিপত্য। নিজৰ ভৌগোলিক সীমাৰ ভিতৰতে এতিয়া অসমে কৰো বুলি একো কৰিব নোৱাৰা অৱস্থা এটা পাইছে। যোৱা ফেব্ৰুৱাৰী, ২০২০ চনত ল’ৱাৰ লাম্পীত অসম পুলিচৰ নিৰীক্ষণ চকী এটা নিৰ্মাণত মেঘালয়ে তীব্ৰ বাধা প্ৰদান কৰে য’ত– আজি পৰ্যন্ত আৰক্ষী চকীটোৰ নিৰ্মাণ কাৰ্য কৰিব পৰা নাই।

লাম্পীক লৈ এক সীমা কেন্দ্ৰীক সংঘাত চলি আছে অসম–মেঘালয়ৰ। দুয়োখন ৰাজ্যৰ মাজত এই সংঘাত আৰম্ভ হোৱা প্ৰায় ১৫ বছৰ মানেই হ’ল। সেয়ে সময়ে সময়ে লাম্পীয়ে সংবাদ শিৰোনাম হৈ পৰে। ২০১০ চনৰ ১৪ মে’ত এই লাম্পীতে সংঘটিত হৈছিল খাছি–নেপালীৰ মাজত ভাতৃঘাটী সংঘৰ্ষ। এই সংঘৰ্ষত ৪জন খাছিলোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু সংখ্যক লোক আহত হৈছিল। সংঘৰ্ষ শাম কটোৱাৰ নামত মেঘালয় আৰক্ষীয়ে অসম আৰক্ষীলৈ গুলি চালনাহে কৰিছিল বুলি সেইসময়ৰ বাতৰিত প্ৰকাশ।

আজি কেইদিনমান আগতে পুনৰ সংবাদ শিৰোনাম দখল কৰিলে। অৱশ্যে এইবাৰ সীমা সংঘাত নহয়। সংঘাত হ’ল লাম্পীৰ সৌন্দৰ্যক উপভোগ কৰিবলৈ যোৱা দলৰ লগতেহে। আজি কেইদিনমান আগতে লাম্পীৰ মনোৰম দৃশ্য ডিজিটেল মিডিয়া সমূহত বহুলভাৱে প্ৰচাৰ হ’ল। এই মুহুৰ্তত লাম্পীত ঠাণ্ডা পৰিছে। ছুৱেটাৰ–জেকেট নিপিন্ধাকৈ থাকিব নোৱাৰি। চিপচিপিয়া বৰষুণ, শুকুলা মেঘ, কুঁৱলীৰে ভৰা দৃশ্যই লাম্পীক অনন্য মাত্ৰা প্ৰদান কৰিছে। প্ৰাকৃতিক পৰিবেশেৰে ভৰপূৰ এই ঠাইখন শ্বিলং, চেৰাপুঞ্জী, মৌচিনৰাম অথবা দাৰ্জিলিঙতকৈ কোনোগুণে কম নহয়। সেয়ে ডিজিটেল মিডিয়াত প্ৰচাৰ হোৱাৰ লগে লগে ঠাইখনলৈ ভ্ৰমণ প্ৰিয় লোকৰ সোঁত ব’বলৈ ধৰে। ভ্ৰমণকাৰীয়ে আপডেট দিয়া লাম্পীৰ মনোৰম দৃশ্যৰাজীৰে ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্মত ভৰি পৰিল।

লাম্পীৰ মনোৰম দৃশ্যত আকৰ্ষিত হৈ ভ্ৰমণ কৰিব যোৱা দল এটা খাছিলোকৰ হাতত আক্ৰমণৰ বলি হ’বলগীয়া হয়। আক্ৰমণৰ বলি হোৱাসকল বকো আৰু ছয়গাঁৱৰ লোক। যোৱা ২৫ জুলাইত ল’ৱাৰ লাম্পীৰ পৰা আপাৰ লাম্পীলৈ গৈ থকা মুহুৰ্তত শিলগুটি, বাটলুগুটিৰে আক্ৰমণ কৰাই নহয় দলটোৰ মটৰ চাইকেল ৰখাই শাৰীৰিকভাৱেও প্ৰহাৰ কৰে। দলটোৱে কোনোমতে সেইস্থান ত্যাগ কৰিবলৈ সক্ষম হয়। ল’ৱাৰ লাম্পীত থকা ৪ৰ্থ অসম পুলিচ বেটেলিয়ন কেম্পক ঘটনা সন্দৰ্ভত অৱগত কৰে।

উল্লেখযোগ্য যে, মেঘালয়, অৰুণাচল, নাগালেণ্ড, মিজোৰাম আদি চুবুৰীয়া ৰাজ্যকেইখনে দীৰ্ঘদিনৰে পৰা অসমৰ ভূমি বেদখল কৰি আহিছে। ৰাজ্যকেইখনে সীমা ঠেলি নতুনকৈ অসমৰ বৃহৎ অঞ্চল দখল কৰি অহা বুলি প্ৰকাশ পাই আহিছে। সীমাক লৈ অসমে বিভিন্ন সময়ত ৰাজ্যকেইখনৰ সতে ভয়ানক সংঘাতৰ সন্মুখীণ হ’বলগীয়া হৈছে। আপাৰ লাম্পীও অসমৰে ভূমি অথচ তাত বসবাস কৰা খাছিলোক সকলে সেই ভূমি মেঘালয়ৰ দাবী কৰি আহিছে আজি দীৰ্ঘদিনৰ পৰা। লাম্পীত অসম প্ৰশাসনৰ আইন–কানুন নচলে, চলে মেঘালয় প্ৰশাসনৰহে। অসম চৰকাৰৰ সোপাঢিলা নীতিৰ বাবে খাছিয়াই আজি এই সাহস পোৱা নাই নে? সময় থাকোতে অসম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে ল’ব লাগে।   

   

শিৰোনামৰ ফটোঃ মৰ্মেশ্বৰ বড়ো

Title Pix: Marmeswar Boro

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward