Saturday, April 20, 2024
Homeবাতৰিশিশু ফুটবলাৰ চন্দন বড়োসহ উত্তৰ–পূবৰ ৩৬গৰাকী খেলুৱৈৰ সোণালী অধ্যায়ৰ ইতি পৰিব নেকি?

শিশু ফুটবলাৰ চন্দন বড়োসহ উত্তৰ–পূবৰ ৩৬গৰাকী খেলুৱৈৰ সোণালী অধ্যায়ৰ ইতি পৰিব নেকি?

প্ৰকাশিত তাৰিখঃ ৫ নবেম্বৰ, ২০১৮

চি এন ডেক্স

বিশ্বখ্যাত ফুটবলাৰ মেছিৰ দেশত ফুটবলৰ সোণালী অধ্যায় ৰচিবলৈ যাত্ৰা কৰিছিল চন্দন বড়োসহ উত্তৰ–পূবৰ ৩৬গৰাকী খেলুৱৈ। শিশু খেলুৱৈ কেইগৰাকীয়ে সোণালী অধ্যায়ৰ সূচনাহে মেলিছিল। কিন্তু সেই সোণালী অধ্যায় আধাতে সমাপ্ত হোৱাৰ পথত।

যোৱা ২০১৬ চনৰ ১৬ এপ্ৰিলত টাটা ট্ৰাষ্ট আৰু ইউ স্প’ৰ্টছে কোকৰাঝাৰ ছাই কেন্দ্ৰত ফুটবলৰ এটি বাছনি শিবিৰ আয়োজন কৰিছিল। এই বাছনি শিবিৰত আয়োজকসকলক মোহিত কৰিবলৈ সক্ষম হোৱা চন্দন বড়োক জাৰ্মানীত ছয় বছৰীয়া ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচন কৰিছিল। নিজৰ দুই ভৰিৰ যাদুৰে সকলোকে মোহিত কৰি ক্ৰীড়া জগতত প্ৰৱেশ কৰা চন্দন বড়োসহ উত্তৰ–পূবৰ ৩৬গৰাকী শিশু ফুটবলাৰ সম্প্ৰতি টাটা ট্ৰাষ্ট আৰু ইউ স্প’ৰ্টছৰ চূড়ান্ত প্ৰতাৰণাৰ বলি হোৱা বুলি জানিব পৰা গৈছে।

বিগত বৰ্ষৰ ২০১৭ চনৰ ১৩ জানুৱাৰী মাহত চন্দন বড়োসহ উত্তৰ–পূবৰ পৰা নিৰ্বাচিত ৩৬গৰাকী খেলুৱৈক লৈ টাটা ট্ৰাষ্ট আৰু ইউ স্প’ৰ্টছে জাৰ্মানীলৈ উৰা মাৰিছিল। ছয় বছৰীয়া প্ৰশিক্ষণৰ বাবে ওলাই যোৱা খেলুৱৈ কেইগৰাকীক চলিত বৰ্ষৰ ২২ জুলাইত এমাহৰ বাবে ছুটী দিছিল। এমাহ ঘৰত ছুটী কটোৱাৰ পিচত ৯ আগষ্টত আটাইকেইগৰাকী ফুটবলাৰ পুনৰ জাৰ্মানলৈ উভতি যোৱাৰ কথা আছিল।

উল্লেখযোগ্য যে, এমাহৰ বাবে ছুটীত অহা আটাইকেইগৰাকী খেলুৱৈক ওভোতাই নিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই টাটা ট্ৰাষ্ট আৰু ইউ স্প’ৰ্টছে। খেলুৱৈ কেইগৰাকীৰ ভিছা এই পৰ্যন্ত যুগুত কৰিব পৰা নাই বুলি ব্যক্ত কৰিছে টাটা ট্ৰাষ্ট আৰু ইউ স্প’ৰ্টছে। এটা অদ্ভূত ধৰণৰ যুক্তি দৰ্শাই প্ৰকৃততে খেলুৱৈ কেইগৰাকীৰ সৈতে টাটা ট্ৰাষ্ট আৰু ইউ স্প’ৰ্টছে চুক্তি বাতিল কৰিব ওলোৱা বুলি সংবাদ মহলত প্ৰকাশ।

প্ৰকাশিত সূত্ৰমতে, টাটা ট্ৰাষ্ট আৰু ইউ স্প’ৰ্টছৰ কৰ্মকৰ্তাসকলে যোৱা ২৩ ছেপ্টেম্বৰত চন্দন বড়োৰ পিতৃ–মাতৃ নৃপেন বড়ো আৰু বীণা বড়ো লগতে ঘৰুৱা প্ৰশিক্ষক ছেমুৱেল বসুমতাৰীক গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ মাতি আনিছিল। পিতৃ–মাতৃ তথা ঘৰুৱা প্ৰশিক্ষকৰ আগত প্ৰতিষ্ঠান দুটাৰ কৰ্মকৰ্তাসকলে ‘চন্দনক জাৰ্মানীলৈ নিয়া নহ’ব’ বুলি প্ৰকাশ কৰি আপত্তি বিহীন পত্ৰত চহী কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। মুহুৰ্ততে কাহানিও নভবা এইষাৰ কথাত হতভম্ব হৈ পৰিছিল চন্দনৰ পিতৃ–মাতৃ। যদিও উক্ত আপত্তি বিহীন পত্ৰত কিন্তু চহী কৰা নাছিল পিতৃ–মাতৃহালে।

কেন্দ্ৰই অসম তথা উত্তৰ–পূৰ্বাঞ্চলক বহু ক্ষেত্ৰত কৰি অহা প্ৰতাৰণাৰ দৰে দেশৰ আগশাৰীৰ সামাজিক সংস্থা সমূহেও যেন ৰাজ্যকেইখনক আৰম্ভ কৰি দিছে এটাৰ পিচত এটা প্ৰতাৰণা। ছয় বছৰৰ বাবে নিৰ্বাচিত প্ৰশিক্ষাৰ্থী সকলক ডেৰ বছৰতে সমাপ্ত কৰি দিয়া মানে কি বুজায়? বিষয়টো মীমাংসাৰ বাবে ৰাজ্য চৰকাৰ, জাতীয়তাবাদী নেতা, দল–সংগঠন সমূহে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়েহে ক’ব।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward