Thursday, March 28, 2024
Homeবাতৰিসপ্তমসংখ্যক চানডুবি উৎসৱ’ৰ লাইখুঁটা স্থাপন

সপ্তমসংখ্যক চানডুবি উৎসৱ’ৰ লাইখুঁটা স্থাপন

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

অহা ১ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব সপ্তমসংখ্যক চানডুবি উৎসৱৰ। সেই উপলক্ষে যোৱা ২৯ নৱেম্বৰত চানডুবিৰ সমীপৰ নগৰ বাকৰিত উৎসৱৰ লাইখুঁটা স্থাপন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাই।

বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা (বাৰছু) আৰু ৰাভা মহিলা পৰিষদ (আৰ ডব্লিউ চি) এ আয়োজন কৰা সভাখনত চানডুবি উৎসৱৰ পৰিবৰ্তে এক জাতীয় উৎসৱলৈ পৰিবৰ্তন হোৱা বুলি দোহাৰে স্থানীয় বিধায়ক গৰাকীয়ে। উৎসৱৰ সময়ত প্ৰয়োজনীয় সকলোধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা তেওঁ গ্ৰহণ কৰিব বুলিও দোহাৰে। সভাখনত অঞ্চলটোত খ্যাতি থকা বিশিষ্ট লেখক, লোক–সংস্কৃতিৰ পৰ্যালোচক ভূবিন ৰাভাই ঐতিহ্যমণ্ডিত চানডুবি বিল সৃষ্টি সন্দৰ্ভত বক্তব্য দান কৰে। অন্য এজন বিশিষ্ট ব্যক্তি তথা অৱসৰপ্ৰাপ্ত শিক্ষক, লেখক নলিনী কুমাৰ ৰাভায়ো চানডুবি উৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰে। সভাখনত ৰাভা জনগোষ্ঠীৰ ‘হামজাৰ নৃত্য’ প্ৰদৰ্শন কৰে ৰাজাপাৰা বিষ্ঞু ৰাভা সংঘৰ শিল্পীসকলে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward