Tuesday, June 24, 2025
HomeNEWSএছ চি চি’ৰ কামৰূপ জিলাৰ পূৰ্ণাংগ সমিতি গঠন

এছ চি চি’ৰ কামৰূপ জিলাৰ পূৰ্ণাংগ সমিতি গঠন

প্ৰকাশিত তাৰিখঃ ২৬ মে’, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

ৰাজ্যিক পৰ্যায়ৰ শিক্ষামূলক স্বেচ্ছাসেৱী সংগঠন চমুকৈ এছ চি চি’ৰ কামৰূপ জিলাৰ পূৰ্ণাংগ সমিতি গঠনৰ বাবে ২৫ মে’ত কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি সভা অনুষ্ঠিত কৰা হয়। জিলা সমিতিৰ আহ্বায়ক তথা এছ চি চি’ৰ ৰাজ্যিক সাংস্কৃতিক মুৰব্বী সম্পাদক উৎপল দাসে আঁত ধৰা উক্ত সভাত সভাপতিত্ব কৰে এছ চি চি’ৰ ৰাজ্যিক সভাপতি ছাব্বিৰ হুছেইনে।

উক্ত সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ৰাজ্যিক সাধাৰাণ সম্পাদক সঞ্জয় শৰ্মা আৰু ৰাজ্যিক ক্ৰীড়া সম্পাদক সঞ্জীৱ দাস। উৎপল দাসে উদ্দেশ্যে বাখ্যা কৰা সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰে জিলা সমিতিৰ আহ্বায়ক তাপত্য ডেকাই।

দেশ মাতৃৰ সেৱাৰ্থে আৰু অসমৰ শিক্ষাৰ্থী সকলৰ কল্যানাৰ্থে সেৱা আগবঢ়োৱাৰ মূলমন্ত্ৰৰে এছ চি চি’ৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰপৰা ন-উদ্যমী শিক্ষিত যুৱক-যুৱতীসকলে উক্ত সভালৈ আহি সংগঠনটোৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে এছ চি চি’ৰ কামৰূপ জিলাৰ পূৰ্ণাংগ সমিতিখনত সভাপতি সঞ্জীৱ দাস, উপ–সভাপতিত্ৰয় কৃষ্ণ কলিতা, ভাস্কৰ দাস আৰু জেচমিনিৰা আহমেদ, সাধাৰণ সম্পাদক নীল কমল কলিতা, সম্পাদক আব্দুল কৰিম, সহসম্পাদক হামিজুৰ আলী, প্ৰশিক্ষণ বিভাগৰ মুৰব্বী প্ৰণৱ শৰ্মা আৰু মনিকা দাস, প্ৰশিক্ষণ সম্পাদক তাপত্য ডেকা, চম্পা ৰাভা, জিতুমণি দাস, বিকাশ দাস, চুইটি দাস, জুলফিক, সুৰেশ দাস, সীমা কলিতা‌ আৰু হিমাদ্ৰী দাসক প্ৰচাৰ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হয়।

আটাইকেইগৰাকী নৱনিযুক্ত বিষয়ববীয়ালৈ ৰাজ্যিক সভাপতি ছাব্বিৰ হুছেইনে একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায়। এই সভাতে প্ৰতিগৰাকী নৱনিযুক্ত বিষয়ববীয়াই অনাগত সময়ত এছ চি চি’ৰ উত্তোৰণৰ হকে কাম কৰি যোৱাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward