Thursday, March 28, 2024
HomeARTICLEসাংবাদিক মিলন মহন্তৰ ওপৰত ভয়ংকৰ আক্ৰমণ এচাম দালালৰ

সাংবাদিক মিলন মহন্তৰ ওপৰত ভয়ংকৰ আক্ৰমণ এচাম দালালৰ

প্ৰকাশিত তাৰিখঃ ১৬ নৱেম্বৰ, ২০২০

চি এন ডেস্ক

ৰাজ্যখনৰ সাংবাদিকৰ ওপৰত এটাৰ পিছত এটা আক্ৰমণ। ৰসহ্যজনক গাড়ী দূৰ্ঘটনাৰে কাকপথাৰৰ নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাই মাৰ যোৱা নাই। সাংবাদিকগৰাকীৰ হত্যাকাৰীক বিচাৰি উচিত শাস্তি প্ৰদানৰ দাবীত এতিয়াও প্ৰতিবাদী সভা–সমিতি চলিয়েই আছে। তেনে সময়তে দক্ষিণ কামৰূপৰ মিৰ্জাত পুনৰ এক সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হ’ল।

ঘটনাৰ বিৱৰণীমতে– ১৫ নৱেম্বৰৰ ৰাতিপুৱাই খবৰ সংগ্ৰহৰ তাগিদাত সাংবাদিক মিলন মহন্তই ঘৰৰ পৰা ওলাই গৈছিল। মিলন মহন্ত ৰাজ্যখনৰ জনপ্ৰিয় বাতৰি কাকত অসমীয়া প্ৰতিদিনৰ মিৰ্জাৰ সংবাদদাতা। সেই অনুসৰি– অঞ্চলটোৰ বিভিন্ন ঠাইত খবৰ সংগ্ৰহ কৰি দুপৰীয়া প্ৰায় বাৰ (১২)মান বজাত মণিয়েৰী তিনিআলিত উপস্থিত হৈছিলহে মাত্ৰ। তেনেসময়তে কেইগৰাকীমান লোকে সাংবাদিকগৰাকীৰ গাড়ীখনত আগচি ধৰে আৰু তেখেতক গাড়ীৰ ভিতৰৰ পৰা টানি আনি বেয়াকৈ মাৰধৰ কৰে। কেৱল মাৰধৰ কৰিয়েই এৰি দিয়া নাছিল, ৰাষ্টাৰ কাষৰ বিদ্যুতৰ খুটা এটাত হাত দুখন পিছফালে বান্ধি পুনৰ সাংবাদিকগৰাকীক মাৰধৰ কৰি এক পৈশাচিক আনন্দ লভিছিল এই দানৱহতে। তেনেমুহুৰ্ততে কেইগৰাকীমান ব্যক্তি আহি সাংবাদিকগৰাকীৰ বান্ধ খুলি দিয়াত অন্ততঃ মৃত্যু মুখৰ পৰা হাত সাৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, দেৱালী উপলক্ষত অঞ্চলটোৰ চুকে–কোণে অবৈধভাৱে আয়োজন কৰা জুৱাখেলৰ বিৰুদ্ধে এক সংবাদ পৰিবেশন কৰিছিল কাকতখনত। সাংবাদিকজনৰ বাবে সেয়াই হ’ল ভয়ংকৰ অপৰাধ। সেয়ে এই জুৱাখেলৰ আয়োজক কেইগৰাকীমানে সাংবাদিকজনৰ ওপৰত হিংস্ৰ জন্তুৰ দৰে জপিয়াই পৰিছিল।

ইপিনে, সাংবাদিকগৰাকীৰ মাৰপিটৰ খবৰ অঞ্চলটোত বনজুইৰ দৰে বিয়পি পৰে। লগেলগে অগণন মানুহ তিনিআলিলৈ ঢাপলি মেলে। উপস্থিত হয় সংবাদ মাধ্যমৰ অন্যান্য সাংবাদিকসকলো। সকলোৱে লগলাগি সাংবাদিকগৰাকীক পলাশবাৰী আৰক্ষী থানাত লৈ আহে। পলাশবাৰী আৰক্ষীয়ে প্ৰথমে সাংবাদিকগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰে।

ঘটনা সন্দৰ্ভত সাংবাদিকগৰাকীয়ে মূল অপৰাধী সঞ্জয় ঠাকুৰীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। উক্ত এজাহাৰৰ ভিত্তিত পলাশবাৰী আৰক্ষী থানাই ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ৩৪১/ ৩২৪/ ৩২৫/ ৩৪ ধাৰাৰ অধীনত ৫১৫/ ২০ নম্বৰৰ এক গোচৰ ৰুজু কৰিছে। লগতে থানাৰ বিষয়াগৰাকীয়ে ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব বুলিও উপস্থিত থকাসকলক আশ্বাস প্ৰদান কৰে।

আনহাতে, ৰাজ্যখনত ধাৰাবাহিকভাৱে সাংবাদিকৰ ওপৰত চলিথকা আক্ৰমণক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে দোষী ব্যক্তিক উপযুক্ত শাস্তি প্ৰদানৰ দাবী তোলে অঞ্চলটোৰ সাংবাদিক মহলে। এই সন্দৰ্ভত, ই পি মিডিয়া ফ’ৰাম দক্ষিণ কামৰূপ, কামৰূপ জিলা সাংবাদিক সন্থা, ছয়গাঁও আৰু দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱ, দক্ষিণ ৰঙিয়া প্ৰেছ ক্লাৱ, আমৰাংগা বৰিহাট নাগৰিক মঞ্চ, বৰিহাট আঞ্চলিক লক্ষ্মীপূজা সমিতি, কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নীৰোদ দাস, অধিবক্তা তপন দাস, বিজেপি নেতা অনুপ কুমাৰ মেধি, অগপ নেতা পংকজ লোচন গোস্বামী লগতে অঞ্চলটোৰ বিভিন্ন দল, সংগঠন তথা ব্যক্তিয়ে দোষী সঞ্জয় ঠাকুৰীয়াক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্বৰ দাবী তুলিছে। যদি এই সময়ছোৱাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহিব নোৱাৰে তেনেহ’লে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তুলিব বুলিও ঘোষণা কৰে।

 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward