Friday, March 29, 2024
HomeARTICLEপশ্চিম গুৱাহাটী সমষ্টিৰ শিলপুতাত সুঁৱৰি উৎসৱ উদযাপন

পশ্চিম গুৱাহাটী সমষ্টিৰ শিলপুতাত সুঁৱৰি উৎসৱ উদযাপন

প্ৰকাশিত তাৰিখঃ ২২ এপ্ৰিল, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

আজি শিলপুতা আঞ্চলিক সুঁৱৰি উদযাপন সমিতিৰ উদ্যোগত প্ৰথমবাৰ আয়োজন কৰা হয় সুঁৱৰি উৎসৱ। পশ্চিম গুৱাহাটী সমষ্টি তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ শিলপুতাত আঞ্চলিক ভিত্তিত আয়োজিত সুঁৱৰি উৎসৱত ৯টা বিগ্ৰহ স্থাপন কৰে। বিভিন্ন জাতি–বৰ্ণৰ লোকৰ উৎসাহজনক অংশ গ্ৰহণে শিলপুতাক এক উৎসৱমুখৰ কৰি তোলে।

উল্লেখযোগ্য যে, সমষ্টিটোৰ কুমাৰবড়ীস্থিত মাটিফুটা ফুটুকীবাৰী দেৱালয়, বৰফুলগুৰি চতুৰ্ভূজ সত্ৰ, ধোপগুৰি আৰু বেহেনাপাৰা চতুৰ্ভূজ সত্ৰই আঞ্চলিকভাৱে বহুৱাত পালন কৰি আহিছিল সুঁৱৰি উৎসৱ। আজি কিছু বছৰ আগতে গোঁসাইডুবি ৰাইজেও আঞ্চলিক সুঁৱৰি কমিটিত অংশ গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, দৌল উৎসৱৰ পিছৰ সাত দিনত আৰু ৮ ব’হাগ (৯ বিহু)ত আঞ্চলিকভাৱে সুঁৱৰি উৎসৱ পালন কৰি আহিছিল। কথিত আছে যে– প্ৰথমটোক বেলখোৱা আৰু দ্বিতীয়টোক আমখোৱা সুঁৱৰি বুলি কোৱা হৈছিল।

প্ৰায় ১৭ শতিকাৰ পৰা প্ৰচলন ঘটা সুঁৱৰি উৎসৱ আয়োজনৰ বাবে সমিতিৰ হাতত নিজা ভূমি নাছিল। সেয়ে অন্য গৰাকীৰ ভূমিতহে এই উৎসৱ পালন কৰিবলগীয়া হৈছিল। সমিতিয়ে সুঁৱৰি উৎসৱ আয়োজনৰ বাবে স্থায়ী ভূমিৰ চিন্তা–চৰ্চ্ছা কৰি আহিছিল। সেই অনুসৰি– পশ্চিম গুৱাহাটী সমষ্টি তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ শিলপুতা নামৰ ঠাইখন নিৰ্বাচন কৰে।

তদুপৰি– পূৰ্বৰ পাঁচখন গাঁৱৰ সৈতে আৰু চল্লি, কাৰিপাৰা আৰু হাটখোৱাপাৰা গাঁওকেইখনে নতুনকৈ অংশ গ্ৰহণ কৰে। আজি নতুন ঠাইখনত বহল ভিত্তিত সুঁৱৰি উৎসৱ আয়োজন কৰা হয়। সুঁৱৰি উৎসৱৰ প্ৰথম বছৰ উপলক্ষে আয়োজক সমিতিয়ে বিভিন্ন কাৰ্যসূচী অন্তৰ্ভক্ত কৰে।

সেই অনুসৰি– আজি দিনৰ ১২ বজাত শিলপুতাৰ মুকলি পথাৰত গোঁসাই স্থাপন কৰে। সুঁৱৰি উৎসৱস্থলী আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ শিলপুতা সমষ্টিৰ প্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰশ্মিবালা ৰাভাই। আজিৰ অনুষ্ঠানত কাৰিপাৰা ৰাইজৰ ফালৰ পৰা আয়তী নাম আৰু ওজাপালি পৰিবেশন কৰা হয়। দধিমন্থন পৰিবেশন কৰে বৰফুলগুৰি চতুৰ্ভূজ সত্ৰই। কুমাৰবড়ীৰ বড়ো কৃষ্টি, জয়পুৰ আৰু বেৰিগাঁও ৰাইজৰ পৰা বগেজাৰী নৃত্য প্ৰদৰ্শন কৰা হয়।

আজিৰ সুঁৱৰি উৎসৱত সমষ্টিটোৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিশিষ্ট্য অতিথিৰূপে উপস্থিত থাকে। লগতে ভূমিৰ দাতা পলাশবাৰী হুদুমপুৰৰ বাসিন্দা পৰেশ ঠাকুৰীকো সুঁৱৰি উৎসৱ সমিতিয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chancubi News    

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward