Sunday, November 27, 2022
HomeARTICLEসুবিধাবাদী এচামৰ বাবে সীমান্ত অঞ্চলৰ পৰিৱেশৰ অশান্ত হোৱাৰ সম্ভাৱনা

সুবিধাবাদী এচামৰ বাবে সীমান্ত অঞ্চলৰ পৰিৱেশৰ অশান্ত হোৱাৰ সম্ভাৱনা

প্ৰকাশিত তাৰিখঃ ২১ মাৰ্চ, ২০২২

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা–

অসম–মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধান প্ৰক্ৰিয়া চলি আছে। যোৱা বিগত বৰ্ষৰ ২৩ নৱেম্বৰত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ জিমিৰিগাঁও, লুংখুং, বাখালাপাৰা, কুণ্ডিল নগৰ, পাটগাঁও, উমচুৰ, শালসেৰ, বিলপাৰ, লংচাই, ৰাণীবাৰী আদি সীমান্ত অঞ্চলৰ গাঁওসমূহ দুয়ো ৰাজ্যৰ প্ৰতিনিধি বৰ্গই পৰিদৰ্শন কৰে। অসমৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকা, স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মেঘালয় চৰকাৰ উপ–মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচং লগতে দুয়ো ৰাজ্যৰ প্ৰশাসনীয় বিষয়াসকলে সীমান্ত অঞ্চল পৰিদৰ্শন কাৰ্যত অংশ গ্ৰহণ কৰে। পাটগাঁও, জিমিৰিগাঁও, লুংখুং আৰু বাখালাপাৰাত ৰাজহুৱা সভা পাতি স্থানীয় লোকসকলৰ লগত মতবিনিময় কৰে। এই সভাত স্থানীয় ৰাইজক ইচ্ছানুযায়ী মতদান প্ৰকাশ কৰাৰ অধিকাৰ দিছিল কোনে কোন ৰাজ্যত থাকিব। সভাত তিনিখন গাঁৱৰ ৰাইজে অসমত থকাৰ ইচ্ছা প্ৰকাশ কৰি মতদান কৰিছিল। কিন্তু বাখালাপাৰা গাঁওখন কেৱল ব্যতিক্ৰম দেখা গৈছিল। মুষ্টিমেয় কেইজনমানৰ বাদে অধিক সংখ্যক লোকে মেঘালয়ত থকাৰ ইচ্ছা প্ৰকাশ কৰি মতদান কৰিছিল।

চলিত বৰ্ষৰ ৮ ফেব্ৰুৱাৰীত ৰাজ্যখনৰ ৫টাকৈ ছাত্ৰ সংগঠনৰ প্ৰতিনিধি বৰ্গ ক্ৰমে– সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ, সম্পাদক শংকৰজ্যোতি বৰুৱা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দা, নিখিল বড়ো ছাত্ৰ সন্থাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি অবিনাশ নাৰ্জাৰী, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰী, গাৰো ছাত্ৰ সন্থাৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ফলডিন আৰ মাৰাক পশ্চিম গুৱাহাটী সমষ্টিৰ বাখালাপাৰাত উপস্থিত হয়। ছাত্ৰ সংগঠন কেইটাৰ নেতৃবৰ্গ আৰু ৰাইজৰ মাজত এক বৈঠক অনুষ্ঠিত হয়। উক্ত মতবিনিময় অনুষ্ঠানত বাখালাপাৰাবাসীয়ে  স্পষ্টভাৱে কৈছিল– আমি অসমীয়া, জীৱনে–মৰণে অসমতে অসমীয়া হৈ থাকিম। গাঁওখনৰে কেইজনমান সুবিধাবাদীৰ স্বাৰ্থৰ কাৰণে আমি কিয় মেঘালয়ৰ লগত চামিল হ’ম? প্ৰায় ১৯৮৫ চনৰ পিছত গাঁওখনৰ কেইজনমানে মেঘালয়ৰ সুবিধা লাভৰ কাৰণে ৰাজ্যখনক সমৰ্থন কৰিছিল। কিন্তু ’৮৫ ৰ আগত গাঁওখনত এজনো মেঘালয়ৰ সমৰ্থনকাৰীলোক নাছিল। সমৰ্থনকাৰী সেই ল’বীটোৰ সংখ্যাত আজি কেইজনমান বৃদ্ধি হৈছে। মেঘালয়ৰ সীমাডাল আজি পাহাৰখনৰ পৰা নামি আহি গাঁওখনক চুইছে। কিন্তু আগতে সেই সীমাডাল পাহাৰখনৰ মুধচত আছিল। কেনেকৈ আৰু কাৰ সহযোগত এই সীমাডাল নামি আহি গাঁওখনৰ কাষ পালেহি আমি টলকিবই নোৱাৰিলো– গাঁওখনৰ জ্যেষ্ঠলোকসকলে এই কথা প্ৰকাশ কৰিছিল। কিন্তু লক্ষণীয়ভাৱে সেইদিনৰ সভাখনত মেঘালয়ৰ সমৰ্থক এজনো দেখা নগ’ল। উল্লেখযোগ্য যে, বাখালাপাৰা গাঁৱৰ ১০৪ পৰিয়ালৰ ভিতৰত ৭৭টা পৰিয়ালে অসমৰ লগত থাকিম বুলি সভাখনত মত প্ৰকাশ কৰিছিল। বাখালাপাৰাবাসীৰ বিপদৰ সময়ত ৰাজ্যখনৰ ৰাজহাড় সদৃশ ছাত্ৰ সংগঠন আছু’ৰ নেতৃবৰ্গৰ উপস্থিতিয়ে ৰাইজৰ মনোবল বৃদ্ধি কৰা বুলি সন্তোষ প্ৰকাশ কৰিছিল। লগতে সেইসমূহ পৰিয়ালৰ সদস্যসকলে স্বাক্ষৰ কৰা স্মাৰক পত্ৰ এখনো প্ৰতিনিধি দলটোৰ জৰিয়তে প্ৰশাসনলৈ প্ৰেৰণ কৰিছিল।

অসমৰ ৰাইজে মেঘালয়ৰ আগ্ৰাসনৰ স্বৰূপ পিলিংকাটা, পাটৰকুছি, হাঁহিম, লাম্পী আদি সীমান্তৰ বিভিন্ন অঞ্চলত দেখি–শুনি আহিছে। সীমান্ত অঞ্চলৰ বাসিন্দাক কেনেকৈ ভয়–ভাবুকি, বিভিন্ন প্ৰলোভন দি মেঘালয়ৰ সমৰ্থকৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰিছে সেইবোৰো দেখি–শুনি আহিছে। দুয়ো ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ দিশে অগ্ৰসৰ হৈ থকা সময়তে এনে এটি গৰিহণাযোগ্য ঘটনা সংঘটিত হৈছে পশ্চিম গুৱাহাটী সমষ্টিৰ উমচুৰ আৰু বাখালাপাৰাৰ কুণ্ডিল নগৰত। সম্প্ৰতি, ৰাজ্যখনত ভূমি সমস্যা সমাধানৰ বাবে ৰূপায়ণ কৰিছে বসুন্ধৰা আঁচনি। শেহতীয়াভাৱে অসম চৰকাৰৰ ভূমি–ৰাজহ বিভাগে সীমান্ত অঞ্চলৰ নন্‌ কেডেষ্ট্ৰেল (এন চি) গাঁও সমূহতো ‘বসুন্ধৰা আঁচনি’ ৰূপায়ণৰ বাবে এলানী জৰীপ কাৰ্য চলাইছিল। উক্ত জৰীপ মৰ্মে অসমৰ গাঁওসমূহৰ খেতিপথাৰৰ মাজে মাজে পীলাৰ স্থাপন কৰিছিল। অসম চৰকাৰৰ এই জৰীপ কাৰ্য স্থায়ী সীমা নিৰ্ধাৰণৰ বাবে নহয়। মাত্ৰ বসুন্ধৰা আচঁনি ৰূপায়ণৰ বাবেহে এই জৰীপ কাৰ্য সমাপন কৰিছিল। সীমান্তৰ স্থায়ী জৰীপ কাৰ্য সমাপন কৰে ছাৰ্ভে অৱ ইণ্ডিয়াইহে। কিন্তু বসুন্ধৰা আঁচনিৰ বাবে ৰাজ্যৰ ভূমি–ৰাজহ বিভাগে সমাপন কৰা এই জৰীপৰ বিষয়ে মেঘালয়ত অশুভ বাৰ্তাৰ জুই বিয়পি পৰিছিল। সেয়ে যোৱা ১২ আৰু ১৪ মাৰ্চত মেঘালয়ৰ এদল খাছিলোকে উমচুৰ আৰু বাখালাপাৰাৰ কুণ্ডিল নগৰত ২টা পীলাৰ ভাঙি–ছিঙি লণ্ড–ভণ্ড কৰে। ইপিনে, খাছি লোকসকলে পীলাৰ ভঙা কাৰ্যত পূৰ্ণ সহযোগ আগবঢ়াইছে মেঘালয়ৰ ঘোৰ সমৰ্থনকাৰী অসমৰে এজন যুৱক সন্তোষ কছাৰীয়ে। সন্তোষ কছাৰীয়ে পূৰ্বতে বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ‘কোনোবাই মেঘালয়ক সমৰ্থন আগবঢ়ালেও মই সদায় অসমৰ পক্ষত থাকিম’ বুলি প্ৰতিশ্ৰুতি দিছিল। এইকথা ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়া সকলৰ পৰা জানিব পৰা গৈছে। কিন্তু সেইজন সন্তোষে আজি ওলোটা খৰ মাৰিলে। পীলাৰ ভাঙিবলৈ অহা মেঘালয়ৰ দলটোৰ লগত পূৰ্ণ সহযোগ কৰি তেওঁ ব্যক্ত কৰিছে যে, বাখালাপাৰা কেতিয়াও অসমৰ নাছিল। সেইখন বাখালাপাৰাত কি যুক্তিৰে অসম চৰকাৰে পীলাৰ স্থাপন কৰিছে? এয়া সম্পূৰ্ণ অবৈধ কাৰ্য বুলি ওলোটাই অসমকহে জবাবদিহি কৰিছে। উল্লেখ্য যে, সন্তোষহঁতৰ দৰে ব্যক্তিৰ কাৰণে খাছিলোকৰ দলটো সীমান্তৰপৰা ৪–৫ কিলোমিটাৰ দূৰত থকা গাঁৱৰ পৰা আহি অসমত এই দূষ্কাৰ্য সংঘটিত কৰিবলৈ সাহস কৰিছে।

উল্লেখযোগ্য যে, খাছিলোক সকলে পীলাৰ উভালি থকা সম্পূৰ্ণ দৃশ্যাৱলী আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যসহ বাতৰি প্ৰচাৰ হৈছিল ৰাজ্যখনৰ এটি ইউটিউব চেনেলত। অসমে পীলাৰ স্থাপন কৰা কাৰ্যত মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল। মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ অসন্তুষ্টিৰ বাবেই অসমৰ মাটিত স্থাপন কৰা পীলাৰ সমূহ ততাতৈয়াকৈ উঠাই দিবলগা হ’ল। যোৱা ১৬ মাৰ্চত দুয়ো ৰাজ্যৰ পুলিচ প্ৰশাসন আৰু অসমৰ ভূমি–ৰাজহ বিভাগৰ বিষয়া–কৰ্মী আটাইয়ে মিলি অসমে স্থাপন কৰা পীলাৰ সমূহ উঠাই দিয়ে। 

অসম–মেঘালয় সীমা সমস্যাৰ ওপৰত যুগুত কৰা প্ৰতিবেদন সমূহত এই সম্পৰ্কে মই বহুবাৰ উল্লেখ কৰিছো। মেঘালয় অসমৰ এখন প্ৰশাসনীয় জিলা হিচাপে থকাৰ সময়তো বাখালাপাৰা সেই পাহাৰীয়া জিলাখনৰ লগত অন্তৰ্ভূক্তি নাছিল। ইপিনে সুকীয়া ৰাজ্যৰ মৰ্যাদা লাভ কৰাৰ পিছতো নাছিল। কোনে ক’ত ভোট দি আহিছিল প্ৰমাণৰ বাবে ভোটাৰ তালিকা পৰীক্ষা কৰিলেই হ’ল। আজি কেনেকৈ বাখালাপাৰা মেঘালয়ৰ অন্তৰ্ভূক্ত হ’ল? ই কেৱল সম্ভৱ হৈছে কেইজনমান দালাল প্ৰকৃতিৰ লোকৰ বাবেহে। যাৰ উদ্দেশ্য কেৱল ব্যক্তিগত লাভালাভ। এই লাভালাভৰ বাবে ওচৰ–পাজৰৰ কেইটামান পৰিয়ালক বশ কৰি ৰাখিছে। তেওঁলোকৰ কাৰণে আজি বাখালাপাৰাক মেঘালয়ৰ এখন গাঁও হিচাপে অন্তৰ্ভূক্ত কৰি ল’বলৈ সাহস পাইছে। মেঘালয়ৰ সমৰ্থনকাৰী এই চক্ৰটোৰ প্ৰৰোচনাতেই সেই চৰকাৰখনৰ উন্নয়নমূলক কামকাজৰ গুণ গৰিমা প্ৰচাৰ হৈ থাকে। সততে সেইচামৰ মুখত শুনা যায়– অসমতকৈ মেঘালয়ে আমাক বেছি সুবিধা প্ৰদান কৰিছে। চৰকাৰখনে আমাক ৰেচন, বিদ্যুৎ, খোৱাপানী, আৱাস গৃহ, ৰাষ্টা আদি সুবিধা দিছে। অথচ গাঁওখনত সেইবোৰ আঁচনিৰ প্ৰথম আৰম্ভণি অসমেহে কৰিছিল। কিন্তু সেই চক্ৰটোৰ প্ৰৰোচনাতে হিতে–বিপৰীত হৈছিল। অঞ্চলটোত পথ পকীকৰণৰ কাম প্ৰথমে অসমেহে আৰম্ভ কৰিছিল। কিন্তু অসম বিদ্বেষী চক্ৰটোৱে ছলে–বলে কৌশলে পথ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছিল। তাৰ কাষেৰে মেঘালয় চৰকাৰে অন্য এটি বিকল্প পথৰ ক্ষীপ্ৰ গতিত নিৰ্মাণকায্য সম্পন্ন কৰি তুলিছিল। অসমে অঞ্চলটোৰ যাতায়তৰ প্ৰধান পথকেইটা ইতিমধ্যে সম্পূৰ্ণৰূপে পকীকৰণ কৰি তুলিছে, বহুকেইখন কংক্ৰীটৰ দলং নিৰ্মাণ কৰিছে। সচৰাচৰ অন্যান্য ঠাইৰ মানুহে যেনেদৰে বিজুলী, পানী যোগানৰ সেৱা লাভ কৰে সেইদৰেই সীমান্তৰ লোকসকলেও লাভ কৰিছে। মেঘালয়ে পথ নিৰ্মাণ কৰিছে কিন্তু ঠেক, বিজুলী সংযোগ দিছে কিন্তু যোগান অনিয়মীয়া। পাহাৰীয়া নিজৰা এটি ভেটা দি তাৰপৰা পাইপ সংযোগ কৰি নঙলাত পোৱাৰ ব্যৱস্থা কৰি দিছে, সেইটোৱেই সূচল পানী যোগানৰ ব্যৱস্থানে? অঞ্চলটোৰ লোকসকলে ৰেচন, বিদ্যুৎ, খোৱাপানী, আৱাস গৃহ অসমৰ পৰা নাই পোৱা বুলি গ্যাৰান্তি দি ক’ব নোৱাৰে। বহুক্ষেত্ৰত সেইবোৰ উন্নয়নমূলক কামকাজৰ সফল ৰূপায়নতহে বাধা প্ৰদান কৰি আহিছে। তেনে এটি উদাহৰণ– যোৱা ২০২০–২১ বৰ্ষত বাখালাপাৰাৰ দুগৰাকী ব্যক্তিৰ নামত দুটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ আৱণ্টন হৈছিল। এই গৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰীৰ ফটো, বেংক পাছবুক, ভোটাৰ, পান কাৰ্ড আদি নথিপত্ৰৰ প্ৰয়োজন হৈছিল। পঞ্চায়ত কাৰ্যালয়ে উক্ত নথিপত্ৰসমূহ হিতাধিকাৰী দুগৰাকীৰ পৰা বাৰংবাৰ বিচাৰি থকা সত্বেও সেইবোৰ নথিপত্ৰ দিয়া নাছিল। মানে দিবলৈ অমান্তি হৈছিল। অমান্তি হোৱাৰ কাৰণ হ’ল মেঘালয়ৰ সমৰ্থনকাৰী চক্ৰটোৰ উপৰ্যুপৰি হেঁচা। অসমৰ ঘৰ গ্ৰহণ কৰিলে মেঘালয়ে খেদি দিব, বিভিন্ন সা–সুবিধাৰ পৰা বঞ্চিত কৰিব। সেই ভয়ত হিতাধিকাৰী দুগৰাকীয়ে অসমৰেই মানুহ হৈ আৰু অসমৰেই সা–সুবিধা ল’বলৈ অমান্তি হৈছিল। এয়া কেইটামান উদাহৰণহে মাথো, হিচাপ কৰিলে আৰু বহু ওলাব।            

সাধাৰণতে, মেঘালয়ত মাটিবাৰীৰ পট্টাকৰণ পদ্ধতিসমূহ বৰ সহজ সৰল। ভূমিৰ কেঁচা পট্টা তেওঁলোকৰ পৰম্পৰাগত এলেকাধিপতি (চিয়েম, ৰজা)ৰ পৰা লাভ কৰে। যিকোনো ব্যক্তি এজনে গাঁওখনৰ মুৰব্বীজনৰ (চৰ্দাৰ) পৰা আপত্তি বিহীন প্ৰমাণ পত্ৰ লৈ চিয়েমৰ ওচৰত আবেদন কৰিব পাৰে। দহ টকা গাঁঠি দি কৰা আবেদন পত্ৰখন মঞ্জুৰ হ’লে পৰৱৰ্তী সময়ত দুশৰ পৰা পাঁচশ টকা চিয়েমৰ কাৰ্যালয়ত আদায় দিয়াৰ পাছত ভূমিৰ কেঁচা পট্টা লাভ কৰে। পৰৱৰ্তী সময়ত এই কেঁচা পট্টা ম্যাদীকৰণ কৰিবলৈ জিলা উপায়ুক্তৰ কাৰ্যালয় নতুন স্বায়ত্তশাসিত জিলা পৰিষদৰ কাৰ্যালয়ত আবেদন কৰিব পাৰে। অৱশ্যে এই কাৰ্য বাধ্যতামূলক নহয়। ইতিমধ্যে, পশ্চিম গুৱাহাটীৰ সীমান্ত অঞ্চলত বসবাস কৰা বহু অসমীয়াই নিজ ভূমিৰ কেঁচা পট্টা তলেতলে মেঘালয়ৰ চিয়েমৰ পৰা সংগ্ৰহ কৰিছে। লগতে, সীমান্তৰ আন একাংশ অসমীয়াই এনে পট্টা লাভৰ বাবে নতুনকৈ কৰা আবেদন প্ৰক্ৰিয়াও চলি আছে আৰু হয়তো ভৱিষ্যতেও চলি থাকিব পাৰে। সুবিধাবাদী একাংশ অসমীয়াৰ অবিবেচকী কাণ্ডত সীমান্তৰ বহু পৰিমাণৰ ভূমিত মেঘালয়ে নিজৰ অধিকাৰ দাবী কৰি আহিছে। মেঘালয়ৰ সহজ সৰল ভূমি–নীতি নিশ্চয় প্ৰশংসা কৰিবলগীয়া। কিন্তু খাছি আৰু গাৰোৰ বাদে এই ভূমি নীতিৰ সা–সুবিধা স্থায়ীভাৱে কোনেও ভোগ কৰিব নোৱাৰে, মানে সুৰক্ষিত নহয়। খাছি আৰু গাৰোৰ বাহিৰে মেঘালয়ত মাটিবাৰী কোনেও বেচা–কিনা কৰিব নোৱাৰে। বড়ো, কছাৰী, ৰাভাসকল মেঘালয়ত পাৰ্বত্য জনজাতি নহয়, আনকি ৰাজ্যখনৰ সুৰক্ষিত শ্ৰেণীৰলোকো নহয়। ই অন্যান্য জনজাতি শ্ৰেণীৰহে। ৰাভা, বড়ো, কছাৰী, কাৰ্বি, ন’গা, মণিপুৰী, মিজো, অৰুণাচলী আদি সকলো জনগোষ্ঠী মেঘালয়ত অন্যান্য জনজাতি শ্ৰেণীৰ অন্তৰ্ভূক্ত। মেঘালয়ত অন্যান্য জনজাতিৰ সা–সুবিধা মাত্ৰ ৫% সংৰক্ষণ কৰা আছে। উন্নত জীৱন শৈলী, শিক্ষা–দীক্ষাত আগবঢ়া ন’গা, মণিপুৰী, মিজো, অৰুণাচলীৰ সৈতে কোনো ৰাভা, বড়ো, কছাৰী, কাৰ্বিয়ে ফেৰ মাৰিব পাৰিব নে? তাত সন্দেহ আছে। গতিকে সীমান্তবাসী অসমীয়াই আন্ধাৰে–মুন্ধাৰে মেঘালয়ৰ সমৰ্থক হৈ ভৱিষ্যত প্ৰজন্মক বিপদৰ মাজত ঠেলি দিয়াৰ আগতে এশবাৰ চিন্তা কৰক। কাৰণ মেঘালয়ত দীয়া, পাটৰ, দলৈ, দ’খাৰ, ছোহখ’ৱাই আদি উপাধি লিখা এইসকল খাছিলোক বৰ্তমান সকলোক্ষেত্ৰতে বঞ্চিত, অৱহেলিত। তেওঁলোকক চিনাক্তকৰণৰ বাবে মুলসূঁতিৰ খাছিসকলে ‘ভয়’ (বৈষম্য) শব্দটো ব্যৱহাৰ কৰে। ৰাজ্যখনত প্ৰায় ডেৰশ–দুশ বছৰ পুৰণি এই জনগোষ্ঠীটোৰ পূৰ্বৰ বংশধৰসকল অসমীয়া আছিল। তেওঁলোকে মেঘালয়ত থাকি তাৰ বায়ু–পানী সেৱন কৰি, ভাষা–কৃষ্টিৰ লগত বিলীন হৈ নিজকে এজন খাছিলোক হিচাপে গঢ়ি তুলিছে। আজিৰ তাৰিখত দুখৰ বিষয়টো হ’ল– তেওঁলোক ৰাজ্যখনৰ পাৰ্বত্য জনজাতিৰ মৰ্যাদাপ্ৰাপ্ত লোক নহয়। কিছু সংখ্যকে মুলসূঁতিৰ খাছিলোকৰ সমানে সা–সুবিধা আদায় কৰিবলৈ সক্ষম হৈছে। যদিও, মুলসূঁতিৰ খাছি সংগঠনসমূহে সেইবোৰ সা–সুবিধা লাভৰ সদায়েই বিৰোধিতা কৰি আহিছে। আনকি সেই সা–সুবিধা সমূহ কৰ্তনৰ দাবীত মুলসূঁতিৰ খাছি সংগঠনসমূহে ৰাজ্যজুৰি আন্দোলন চলাই অহাও দেখা গৈছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward