Thursday, March 28, 2024
HomeARTICLEনিখিল ৰাভা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষৰ সফল সামৰণি

নিখিল ৰাভা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষৰ সফল সামৰণি

প্ৰকাশিত তাৰিখঃ ২৭ ফেব্ৰুৱাৰী, ২০২৩

চানডুবি নিউজৰ প্ৰতিবেদন –

১৯৬৫ চনত কামৰূপ জিলাৰ লোহাৰঘাটতে অনুষ্ঠিত হৈছিল ‘বহুৰঙী উৎসৱ’। এই বহুৰঙী উৎসৱত মুখ্য অতিথিৰূপে উপস্থিত আছিল কলাগুৰু বিষ্ঞুৰাভা। বিষ্ঞ ৰাভাৰ লগত আহিছিল জয়ন্ত হাজৰিকাকে আদিকৰি বৰেণ্য শিল্পীসকলৰ এটি দল। বিষ্ঞু ৰাভাই লোহাৰঘাট সন্দৰ্ভত এনেদৰে বৰ্ণনা কৰিছিল– লোহাৰঘাটৰ কাষেৰে বৈ গৈছে বাথা নদী। এই নদীৰে লোহাচান্দ নামৰ বণিক এজনে যাতায়ত কৰিছিল। লোহাৰঘাট আছিল বণিকজনৰ নাওঁ চপোৱা ঘাট। কালক্ৰমত লোহাচান্দৰ পৰা লোহাৰঘাট হৈছিল।

সুদীৰ্ঘ ৫৮বছৰ পিছত লোহাৰঘাটত আৰু এটি তেনে উৎসৱ। কিয়নো নিখিল ৰাভা সাহিত্য সভাই সোণালী জয়ন্তী বৰ্ষ পালনৰ বাবে এই লোহাৰঘাটকে নিৰ্বাচন কৰিছিল। উল্লেখযোগ্য যে, অধিবেশনস্থলী নিৰ্মাণৰ বাবে প্ৰায় তিনিমাহ জোৰা প্ৰস্তুতি চলি আছিল। তদুপৰি আজি এমাহ ধৰি সমগ্ৰ ঠাইখন একেবাৰে উচৱমুখৰ হৈ পৰিছিল।

কিয়নো সোণালী জয়ন্তীৰ অনুষ্ঠানৰ বাবে কোনোবাখিনিত ৫০জনী মহিলাৰ বগেজাৰী নাচৰ আখৰা, কোনোবাখিনিত স্বেচ্ছাসেৱক সকলৰ অনুশীলন আৰু কোনোবাখিনিত গান–বাজানা। নিখিল ৰাভা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষ আৰু ৩৬সংখ্যক অধিবেশনৰ ২৬ ফেব্ৰুৱাৰী হ’ল অন্তিম তথ শেষ দিন। সেয়ে   এই পৰিবেশ ২৬ ফেব্ৰুৱাৰীৰ নিশা অন্ত পৰিল।      

সোণালী জয়ন্তী বৰ্ষৰ মুকলি সভাৰ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড হিমন্তবিশ্ব শৰ্মাই উপস্থিত থাকে। জনপ্ৰিয় মুখ্যমন্ত্ৰী গৰাকীক এবাৰ ওচৰৰ পৰা চোৱাৰ বাবে লোকে লোকাৰণ্য হৈ পৰে সোণালী জয়ন্তীৰ বগেজাৰী সমন্বয় ক্ষেত্ৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক সম্বন্ধি এনেদৰে কয়– ‘অসমৰ অন্যতম ভূমিপু্ত্ৰ ৰাভাসকলৰ ঐতিহ্য, বুৰঞ্জী আৰু সমসাময়িক চেতনাবোধক প্ৰমাণ কৰি তোলা মহান অনুষ্ঠান হ’ল নিখিল ৰাভা সাহিত্য সভা। নিখিল ৰাভা সাহিত্য সভাই জন্ম লগ্নৰে পৰাই জনগোষ্ঠীটোৰ বাবে ভাষা–সাহিত্য বিকাশৰ দিশত লৈ অহা ভূমিকাই ৰাজ্যৰ সমাজ জীৱনত বলিষ্ঠতাৰে আগুৱাই যাবলৈ গতি দিছে। ৰাভা জনগোষ্ঠীৰ লোকসকল হৈছে– এক সমৃদ্ধ লোকজীৱন আৰু লোককৃষ্টিৰ অধিকাৰী। বৰ্ণিল এই কলা সংস্কৃতিৰ মাজতেই গঢ় লৈ উঠিছে ৰাভা সাহিত্য। ৰাভা সাহিত্যৰ মাজেদি প্ৰকাশিত চিন্তা–চৰ্চা আৰু চেতনাই অসমৰ সাহিত্য ক্ষেত্ৰখনক সাৰুৱা কৰি তুলিছে। এই ৰাভা সাহিত্য আৰু সংস্কৃতিৰ সুপৰিকল্পিত বিকাশ সাধনত ৰাভা সাহিত্যই লোৱা ভূমিকাই জনগোষ্ঠীটোৰ নতুন লেখকসকলক উৎসাহিত কৰি আহিব। বাহাৰ–স্তান–ই–ঘাইবিত ৰাভা ভাষা প্ৰয়োগৰ কথা দেখা যায়। প্ৰাচীন ৰাভা সাহিত্য বুলিলে অলিখিত লোক কৃষ্টিকে বুজা গৈছে। লোক সাহিত্যত ৰাভাসকল অতি চহকী। হৈমাৰু গীত, নিচুকনি গীত, মুখে মুখে বাগৰি অহা লোক কাহিনী, দেৱ–দেৱীৰ শ্ৰুতকলা আদিৰে ৰাভা সাহিত্যৰ ভৰাল ভৰপূৰ হৈ আছে। গান্ধীজীৰ প্ৰসংগৰে তেওঁ কয়, দুৱাৰ–খিৰিকী খোলা ৰাখিব লাগে আৰু ভৰিৰ তলৰ মাটি এৰি দিব নালাগে। মুখ্যমন্ত্ৰী গৰাকীয়ে উৎকৃষ্ট সাহিত্য সমূহ ৰাভা, অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত অনুবাদ কৰিবলৈ নিখিল ৰাভা সাহিত্য সভাক আহ্বান জনায়। নিখিল ৰাভা সাহিত্য সভাই এইবাৰ ১০০খন গ্ৰন্থ প্ৰকাশ কৰি যি নজীৰ স্থাপন কৰিছে তাক প্ৰশংসা কৰাৰ লগতে ছপা খৰচৰ বাবে ৫০লাখৰ অনুদান ঘোষণা কৰে। লগতে সাহিত্য সভাৰ আন্তগাঁথনিৰ বাবে ২কোটি অনুদান ঘোষণা কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক আৰু অধিক সক্ৰিয় কৰি তুলিবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব এই বৰ্ষতে।  

মুকলি সভাৰ পৌৰহিত্য কৰে নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰসিংহ কোচে আৰু উদ্বোধন কৰে বিশিষ্ট্য লেখক, লোকশিল্পৰ গৱেষক ভূবিন ৰাভাই। তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা কলাগুৰু বিষ্ঞু প্ৰসাদ ৰাভাৰ সুযোগ্য সন্তান পৃথ্বীৰাজ ৰাভাই সাংস্কৃতিক কাৰ্যসূচী মুকলি কৰে।

সভাৰ আদৰণি ভাষণ পাঠ কৰে আদৰণি সমিতিৰ সভাপতি ৰাধাচৰণ ৰাভাই। নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দাই নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে।   

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। যদিও– দুয়োগৰাকী জনপ্ৰতিনিধিয়ে প্ৰতিটো দিনতে উপস্থিত থাকি কাম–কাজৰ তত্বাৱধান লৈ থকা দেখা গৈছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward