Thursday, April 25, 2024
HomeARTICLEস্বাধীনতাৰ অৰুণোদয়– সকলোৰে বাবে

স্বাধীনতাৰ অৰুণোদয়– সকলোৰে বাবে

প্ৰকাশিত তাৰিখঃ ৫ ছেপ্টেম্বৰ, ২০০২

কল্প ৰঞ্জন গগৈ –

ভাৰতবৰ্ষৰ প্ৰথম সন্মিলিত মহাবিদ্ৰোহ– ১৮৫৭ চনত সাম্ৰাজ্যবাদৰ বিৰুদ্ধে ঐক্যৱদ্ধ জাগৰণ। ব্ৰিটিছে নাম দিছিল এমুঠিমান হিন্দুস্তানী চিপাহীৰ বিদ্ৰোহ বুলি, কিন্তু শিয়ান সাম্ৰজ্যবাদী শক্তিয়ে ঠিকেই বুজিলে যে ই এটা ফিৰিঙটিহে। তোষানলৰ পৰা দাবানল হোৱাৰ আগতে শাসন পদ্ধতিৰ কিছু সালসলনিৰ প্ৰয়োজন– ইয়াক মেনেজ কৰি ৰাখিবলৈ। সেয়ে কোম্পানীৰ পৰা ক্ষমতা ইংৰাজ চৰকাৰলৈ হস্তান্তৰ। সাল–সলনি ক্ষুদ্ৰ ক্ষুদ্ৰ ৰূপত কিন্তু মূল শক্তি লণ্ডনত। লক্ষ্য ল’লে নিজৰ শক্তিৰ কোনো পৰিৱৰ্তন নঘটাবলৈ আমাৰ মাজৰ পৰাই এক সমৰ্থনকাৰী শক্তি গঢ়ি তুলিব লাগিব এক নিয়ন্ত্ৰিত শিক্ষা ব্যৱস্থাৰ (Regulated Education System) সহায়ত। এনেদৰে ১৯৪৭ চনৰ ১৫ আগষ্টলৈ বিভিন্ন ধৰণৰ কাৰুকাৰ্যৰে সাম্ৰাজ্যবাদী ব্যৱস্থাটো চলাই লৈ গ’ল।

কিন্তু সমাজ বিকাশৰ আহোম নিয়ম মতে পৰিৱৰ্তনৰ বাবে জনগণৰ প্ৰচেষ্টা– সাধাৰণ প্ৰজাৰ প্ৰচেষ্টাক (Apprising of the common masses) ৰোধ কৰিব নোৱাৰিলে। সমাজৰ ঘাই ভেটি খেতিয়কসকলে এই জাগৰণৰ গুৰি ধৰি থাকিল।

অৱশেষত ত্ৰিৰংগ পতাকা উৰিল, সংবিধানো ৰচনা হ’ল– সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ গঠন কৰিম বুলি দেশবাশী (We the people of India) প্ৰতিশ্ৰুতিৱদ্ধ হ’ল। আজি কিন্তু দেশৰ ক্ষেত্ৰত এই বিশেষণ কিমান প্ৰযোজ্য সি এটা প্ৰশ্নবোধক চিন। কিমান ধৰ্মনিৰপেক্ষ, সমাজতান্ত্ৰিকৰ লগতে প্ৰজাৰ দ্বাৰা পৰিচালিত প্ৰজাতন্ত্ৰ তাক প্ৰশ্ন কৰিলেও ক’বই লাগিব– গিলাচটো আধা ভৰ্তি (The glass is half full)। সেয়ে ইয়াক সম্পূৰ্ণ কৰিবলৈ আমি সংগ্ৰাম কৰিবই লাগিব। কিমান সাৰ্বভৌম সি আচল কথা নহয়– সাৰ্বভৌম হ’বলৈ ব্ৰিটিছে এৰি থৈ যোৱা ম’দ, কানি সকলোবোৰ পৰিস্কাৰ কৰিব লাগিব। Start on a new slate। চুইডেনৰ ভি–ডেম ইনষ্টিটিউটে (V–dam–Institute) ভাৰতবৰ্ষক নামাকৰণ কৰিছে ইলেক্ট্ৰ’ৰেল অট’ক্ৰেচি (Electoral Autocracy) বুলি। একৈশ শতিকাত দেশৰ চিনাকী।

ভাৰতবৰ্ষৰ উন্নয়ন–বিকাশ নোহোৱা বুলি নেতিবাচক মন্তব্য দিলেও ভুল হ’ব। কিন্তু প্ৰশ্ন থাকি যাব শিক্ষা, স্বাস্থ্য উৎপাদনৰ ক্ষেত্ৰ, আমদানী–ৰপ্তানীৰ কাৰ্য আৰু বিশেষকৈ উদ্যোগ গঢ়ি কিমানৰ সংস্থাপন দিয়া হ’ল? ভোটাৰ কাৰ্ড দিয়াৰ লগে লগে সংস্থাপনৰ গ্যেৰাণ্টি দিয়া হ’ল নে নাই? এই মৌলিক প্ৰশ্নবোৰৰ উত্তৰ নোপোৱালৈকে গণতন্ত্ৰৰ প্ৰশ্নটো মূলতুবি ৰাখিব লাগিব।

যোৱা ৭৫ বছৰৰ কথাবোৰৰ সঠিক মূল্যায়ন হ’ব লাগিব নিৰপেক্ষ আৰু প্ৰকৃত আৰু খাচ বুদ্ধিজীৱিৰ দ্বাৰা– পক্ষপাতিত্ব কৰা সুবিধাজীৱিৰ দ্বাৰা নহয়। আজি একৈশ শতিকাত খাচ বুদ্ধিজীৱিৰ লগে লগে এলিট সুবিধাজীৱি বা উচ্চ শ্ৰেণীৰ সুবিধাভোগী কিছু ‘বস্তুও’ দেশত আছে– ব্ৰিটিছে এৰি থৈ যোৱা। এইসকলক চিনাক্ত কৰি সময় নষ্ট কৰাতকৈ আমি গঢ়ি তুলিব লাগিব এখন খাচ দেশপ্ৰেমী বুদ্ধিজীৱিৰ ঐক্যমঞ্চ– দেশৰ মুক্তিযোদ্ধা সকলৰ প্ৰকৃত উত্তৰসূৰী। আমাৰ দেশপ্ৰেমী বুদ্ধিজীৱি আৰু খাচ মুক্তিযোদ্ধা সকলে এটা কথালৈ মন কৰক– এন্ধাৰ যুগৰ অৱসান আৰু ভাৰতবৰ্ষৰ স্বাধীনতাৰ অৰুণোদয়ৰ সময়ত– ১৫ আগষ্ট ১৯৪৭ (বৃহস্পতিবাৰৰ মাজৰাতিৰ পৰা আৰম্ভ হোৱা) স্বাধীনতা দিৱসৰ দিনা জাতিৰ পিতা মহাত্মাই ২৪ ঘণ্টা ব্যাপী অনশন অৱলম্বনৰ সিদ্ধান্ত লৈছিল কিয়?? প্ৰশ্ন কৰক আজি স্বাধীনতাৰ বতাহে বুৰাই দিয়া ৭৫ বছৰৰ ভাৰতবাসীয়ে। ধৰি লোৱা হ’ল যে মহাত্মা ‘মহাত্মা নায়ক’ নহয়– মাও–জে–ডংৰ দৰে, কিন্তু হত্যা কৰিবলগীয়া খলনায়ক আছিল জানো?

স্বাধীনতাৰ অমৃত পান কৰিবলৈ যাওঁতে ৰেডক্লিফ নামৰ চাহাবজনে বিভক্ত কৰি থৈ যোৱা মেপখনৰ ফলশ্ৰুতি সাধাৰণ প্ৰজাৰ চকুপানীৰ কথাও মনত পেলাব লাগিব। অমৃত মঠোতে বিষ উপজিছিল– সেয়ে নতুন ভাৰতবৰ্ষলৈ কিছুদূৰ আছে।

এলিট ভাৰতবাসীয়ে কৰি থৈ যোৱা এই ভুলৰ মাচুল নভৰালৈকে অৰুণোদয় অসম্ভৱ।

কথাখিনি জানি বুজি ‘ডেৰ ফুটীয়া’ জ্ঞানী হ’লেই নহ’ব। কাৰণ আমি জানো যে সুস্থ আদৰ্শগত চেতনাইহে জনগণক পৰিৱৰ্তনকামী বিপ্লৱী কৰিব পাৰে। সুস্থ আদৰ্শগত চেতনা সমাজৰ সমূহীয়া সৃষ্টি। কোনো একক ব্যক্তিৰ সাধনাৰ ফলত ইয়াৰ জন্ম নহয়। বৰং ই মানুহৰ সমাজ বৈজ্ঞানিক অনুসন্ধানৰ অবিৰত প্ৰচেষ্টাৰ ফল।

এই পৰিৱৰ্তনশীল সামাজিক প্ৰচেষ্টাত ধীমান ব্যক্তিসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ধীমানসকল এইক্ষেত্ৰত স্পষ্ট– বাধা কোনে দিব বা ইয়াৰ ফল কি হ’ব? বিকাশৰ পথ ত্বৰান্বিত কৰিবলৈ এই ধীমান সকলে ঐক্যমঞ্চ গঢ়ক– পথ দেখুৱাওক। ভৱিষ্যতৰ সৈনিক তৈয়াৰ কৰক।

পাৰ হৈ যোৱা সময় আৰু এই সময়ৰ তথ্য ইতিহাস বৰ নিৰ্মম। সেয়ে ধীমান সকলে শিকাওক দেশৰ সকলোকে– নিৰ্মম আত্মসমালোচনা– প্ৰকৃত অৰুণোদয়ৰ বাবে য’ত সূৰ্য্য উদয় হ’ব ১৩০ কোটি ভাৰতীয়ৰ বাবে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward