Saturday, December 14, 2024
HomeARTICLEকবিগুৰু, স্বামীজী, বীৰচা মুণ্ডা

কবিগুৰু, স্বামীজী, বীৰচা মুণ্ডা

প্ৰকাশিত তাৰিখঃ ১৯ ছেপ্টেম্বৰ, ২০২২

কল্প ৰঞ্জন গগৈ –

১৮৯৩ চনৰ ১১ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ আমেৰিকাৰ চিকাগোত বহা বিশ্ব ধৰ্ম সভাত স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) কি ভাষণ দিছিল তাক সঠিক মূল্যায়নৰ সময় সমাগত। বিশেষকৈ ভাৰতবৰ্ষ  বিশ্বগুৰু হ’বলৈ যি প্ৰচেষ্টা আৰু তাৰ বাবে যুৱ শক্তিৰ যি কৰ্মী বাহিনী লাগিব তাক নিৰ্ধাৰণ কৰিবলৈকে এই ভাষণাৱলীৰ মৰ্মবস্তু জনা উচিত।

স্বামীজীৰ প্ৰথম কথা– কূপমুণ্ডক বা নাদৰ ভেকুলী নহ’বা। এই পৃথিৱীখন হৈছে এক বিশাল নৈতিক ব্যয়ামাগাৰ (Moral Gymnaium)। ঠাকুৰ ৰামকৃষ্ঞ পৰমহংসৰ কথা– খালি পেটত ধৰ্ম নহয় (Religion is not for empty stomachs)। জীৱই শিৱ– জীৱক সেৱা কৰাই হ’ব লাগিব আমাৰ লক্ষ্য। মানুহ সকলোৱে পাগল– কোনোবা ধন–ক্ষমতা–কামিনী–কাঞ্চনৰ বাবে আৰু কোনোবা জ্ঞান আহৰণ– মানৱ সেৱা বাবে।

ঠাকুৰ ৰামকৃষ্ঞ– স্বামী বিবেকানন্দৰ উত্তৰসুৰী সকল হৈছে সেই জ্ঞান আহৰণ কৰি মানৱ– সেৱাত ব্ৰতী সমাজমুখী ব্যক্তিসকল।

Why we disagree– আমি কিয় ঐক্যমত নহঁও– কাৰণ কোনোবাজন নাদৰ বেং আৰু কোনোবাজন সাগৰৰ বেং। ভিন্নমত, মতান্তৰ, মতানৈক্য– ই সম্পূৰ্ণ পৃথক আৰু গুণগত বৈশিষ্ট্যহে– কাৰণ জ্ঞানৰ বিকাশৰ বাবে লাগে মহাবিতৰ্ক। সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু বস্তুবাদী বিতৰ্ক। সেয়ে স্বামীজীয়ে কৈছিল– Buddhism is the logical conclusion of Hinduism– হিন্দুত্ববাদৰ যুক্তিবাদী সিদ্ধান্ত আছে বুদ্ধৰ শিক্ষাত আৰু এজন নাস্তিকৰ চিন্তা বেছি জ্ঞানদায়ক– There are more truths in the version of atheists– য’ত সত্যৰ পৰিমাণ গুণগতভাৱে বেছি।

ভৱিষ্যতৰ স্বাধীন ভাৰতবৰ্ষ হ’ব লাগিব প্ৰকৃত চৰিত্ৰ আৰু ৰাষ্ট্ৰগঠনৰ শিক্ষাৰ Man Making, Nation Building and Character Building Education– দ্বাৰা গঠিত আৰু Vedantic Brain and Islamic Body– বেদান্তৰ দ্বাৰা পৰিচালিত মগজু আৰু ইছলামৰ দেহা। আমি তেনে এক ভাৰতবৰ্ষ– তেজস্বী ভাৰতবৰ্ষ গঢ়িবলৈ গৈ আছো আৰু তাৰ বাবে ৰাজনৈতিক– অৰ্থনৈতিক– সাংস্কৃতিক বুনিয়াদ গঢ়িব লাগিব বেদান্ত নিৰ্দেশিত সমাজবাদ– Vedantic Socialism।

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম ১৮৬১ চন। স্বামীজীতকৈ দুবছৰে ডাঙৰ। ভাৰতীয় নৱযুগৰ মূল কেন্দ্ৰ আছিল কলকাতা। সেয়ে দুয়ো এই ৰেনেছাঁৰ ফচল। কবিগুৰুৱে কৈছিল– হেথায় আৰ্য্য– হেথায় অনাৰ্য্য, শক–হুন– মোগল–পাঠান– সকলো ভাৰতবৰ্ষত হ’ল বিলীন। এওঁলোকৰ বীৰত্ব ভাৰতবাসীৰ তেজে– তেজে। ১৮৫৭ চনৰ মহাবিদ্ৰোহ এই তেজৰ ফচল।

দুয়োজনেই দেশৰ স্বাধীনতা দেখি যোৱা নাই। স্বামীজীয়ে ৰুছ বিপ্লৱ (১৯১৭) দেখি যোৱা নাই। কবিগুৰুৱে ৰুছ বিপ্লৱ– লেনিনৰ ছোভিয়েট ইউনিয়ন দেখি গৈছে কিন্তু স্বাধীন ভাৰতবৰ্ষ নেদেখিলে। ১৯৪১ চনত তেওঁ দেহত্যাগ কৰে।

দুয়োজনৰ সমসাময়িক বীৰ বীৰচা মুণ্ডা (১৮৭২/৭৫–১৯০০) ইংৰাজ চৰকাৰৰ বিৰুদ্ধে ‘উল–গুলান’। ২২ আগষ্ট ১৮৯৫ তাৰিখে বীৰচাক বন্দী। ১৮৬০ চনত লিখা ভাৰতীয় দণ্ডবিধি আইনমতে বীৰচা দেশদ্ৰোহী। অনুচ্ছেদ ৩৫৩ আৰু চি আৰ পি. চি– ৫০৫ মতে গ্ৰেপ্তাৰ। দুবছৰৰ বাবে জে’ল।

কাৰণ বীৰচাই ক’লে– চাহাবৰ চৰকাৰ খতম। মই এক নতুন ধৰ্ম প্ৰচাৰ কৰিছো– চৰকাৰে ইয়াক কেনেদৰে বন্ধ কৰিব?

বীৰচা মুণ্ডাৰ মৃত্যুৰ ৪৭ বছৰৰ পিচত দেশ স্বাধীন হ’ল। স্বামীজীৰ মৃত্যুৰ ৪৫ বছৰৰ পিচত আৰু কবিগুৰুৰ মৃত্যুৰ ৬ বছৰ পিচত। তিনিওজনেই স্বাধীনতাৰ ভৱিষ্যত দ্ৰষ্টা। ডেকা শক্তিৰ পথ প্ৰদৰ্শক।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward