Tuesday, June 24, 2025
HomeNEWSভূমিৰ অধিকাৰ বিচাৰি পলাশবাৰী ৰাজহ চক্ৰত বৰদুৱাৰ চাহ বাগিচাৰ ৰায়তসকল

ভূমিৰ অধিকাৰ বিচাৰি পলাশবাৰী ৰাজহ চক্ৰত বৰদুৱাৰ চাহ বাগিচাৰ ৰায়তসকল

প্ৰকাশিত তাৰিখঃ ২০ মে’, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰদুৱাৰ চাহ বাগিচাত অৱস্থিত তিনিখনকৈ ৰাজহ গাঁও। উল্লেখ্য যে বৰদুৱাৰ চাহ বাগিচা স্থাপনৰ বহু বছৰ আগৰেপৰাই ১, ২ আৰু ৩নং বাগান ৰাজহ গাঁও তিনিখনত জনজাতি লোকে বসবাস কৰি আহিছিল। বৰ্তমান ৰাজহ গাঁও তিনিখনত ২,১০০ৰো অধিক পৰিয়াল বসবাস কৰি আছে। অতি পুৰণি গাঁওকেইখনত বসবাস কৰা ভূমিপুত্ৰ জনজাতিসকলৰ নিজ নামত আজিও মাটি নাই। দূৰ্ভাগ্যজনকভাৱে তেওঁলোক আজি চাহ বাগিচাৰ মালিকৰহে ৰায়ত। গাঁওকেইখনৰ প্ৰায় ৬০০ গৰাকী কৃষকৰ অস্থায়ী ৰায়তী খতিয়ান আছে। গাঁওকেইখনৰ ৰায়ত সকলে বছৰ বছৰ ধৰি চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰি আহিছিল। কিন্তু বসবাস কৰি থকা ভূমিখিনি চৰকাৰে আজিও ম্যাদীকৰণৰ ব্যৱস্থা নকৰিলে।

এই সন্দৰ্ভত ১৯ মে’ত বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিয়ে ভূমি ম্যাদীকৰণৰ দাবীত এক কাৰ্যসূচী গ্ৰহণ কৰে। সেই কাৰ্যসূচী অনুসৰি মিৰ্জাৰ আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা শোভাযাত্ৰা কৰি পলাশবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত হয়। লগতে ৰায়তী আইন ১৯৭১ অনুসৰি তিনিওখন ৰাজহ গাঁৱৰ ১১৪গৰাকী ৰায়তে ৫ আৰু ৬নং ৰায়তী প্ৰ–পত্ৰ পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ হাতত অৰ্পন কৰে।

উল্লেখ্য যে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ বিষয়ববীয়া সকলৰ পৰা ৰায়তী প্ৰ–পত্ৰ সমূহ গ্ৰহণ কৰে। সেই সময়ত ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে এনেদৰে ব্যক্ত কৰে– বৰদুৱাৰ বাগান ৰাজহ গাঁৱৰ ভূমিৰ জৰীপ চলাবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি চক্ৰ বিষয়া গৰাকীয়ে বৰদুৱাৰ বাগানৰ ভূমিৰ পুনঃজৰীপ কাৰ্য চলাই আছে। তেওঁ কয় যে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰী কৰ্তৃপক্ষই চক্ৰ বিষয়াৰ কাৰ্যালয়ত বৰদুৱাৰ বাগান ৰাজহ গাঁৱৰ ভূমিৰ ওপৰত বিতং তথ্য বিচাৰিছে। তেওঁ পুনৰ কয়– বৰদুৱাৰ টী এণ্ড টিম্বাৰ কোম্পানীয়ে ১৯২২ চনৰ পৰা ২০২২লৈ ৯৯ বছৰৰ বাবে লোৱা লীজ মতে এতিয়াও বাগিচাখন কোম্পানী কৰ্তৃপক্ষই চলাই আহিছে। অতি শীঘ্ৰে বাগিচাখনৰ ভূমি অসম চৰকাৰে ক্ৰয় কৰিব। উল্লেখ্য যে ৰায়তী প্ৰ–পত্ৰ সমূহ কামৰূপ জিলাৰ আয়ুক্তলৈ প্ৰেৰণ কৰিব। লগতে অতি শীঘ্ৰে সংশ্লিষ্ট গাঁও সমূহ পৰিদৰ্শন কৰিব বুলিও চক্ৰ বিষয়াগৰাকীয়ে ব্যক্ত কৰে।

আমাৰ দাবী চৰকাৰে মানি নল’লে পৰৱৰ্তী সময়ত জোৰদাৰ প্ৰতিবাদী কাৰ্যসূচী চলাই যাম বুলি প্ৰকাশ কৰে বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ মুখ্য সমন্বয়ক গোবিন্দ ৰাভাই। উক্ত কাৰ্যসূচীত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰ, বৃহত্তৰ ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ আহ্বায়ক প্ৰণৱ দ’লে, কৃষক সভাৰ ৰাজ্যিক সভাপতি টিকেন দাস, সম্পাদক জয়ন্ত গগৈ, চিটু’ৰ বিষয়ববীয়া দেৱেশ্বৰ দাস, মদন তালুকদাৰ আদিকৰি ভূমি পট্টন দাবী সমিতিৰ বিষয়ববীয়া লগতে অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward