26.6 C
Guwahati
Thursday, August 13, 2020
Home প্ৰবন্ধ ৰাণীহাট আৰু কিছু ঐতিহাসিক সমল

ৰাণীহাট আৰু কিছু ঐতিহাসিক সমল

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ ২০১৬

 

ধৰ্মেশ্বৰ বড়ো –

ঐতিহাসিক ৰাণী অঞ্চলটো গুৱাহাটীৰ প্ৰায় ২৭–২৮ কি. মি. দূৰত্বৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত। বৰ্তমানৰ ৰাণী নামৰ ঠাইখনৰ স্থাপন হয় প্ৰায় দশম বা একাদশ শতিকাৰ ভিতৰত। অৱশ্যে তেতিয়া ৰাণী নামেৰে নামাকৰণ কৰা হোৱা নাছিল। ৰাণীৰ প্ৰাচীন নাম আছিল ‘ৰাজ্ঞী’। ব্ৰাহ্মণ আৰু বৌদ্ধ শাস্ত্ৰত পাৰ্গতালি দেখুওৱা সৰহপ্পা বা ৰাহুল ভদ্ৰ আছিল ৰাজ্ঞীৰ প্ৰথম অসমীয়া কবি। পিচে এই ৰাজ্ঞীয়েই হ’ল পৰৱৰ্তী সময়ত ৰাণী ৰাজ্য আৰু তাৰ পাছত ৰাণী বা ৰাণীহাট হ’লগৈ।

ৰাণীহাটৰ আছে বহু দীঘলীয়া এক ইতিহাস। প্ৰায় ১৫–১৬ শতিকাৰ ৰাণীহাটৰ অতীত ইতিহাসৰ বিষয়ে আলোচনা কৰিব লাগিলে গভীৰ অধ্যয়নৰ প্ৰয়োজন। সাধাৰণ অধ্যয়নৰ দ্বাৰা এই লেখা যুগুতোৱা হৈছে। বিষয় এটাৰ ওপৰত গভীৰ অধ্যয়ন অবিহনে ভালকৈ অনুধাৱন কৰা আৰু লেখনি এটা যুগুতোৱাত অসুবিধা হয় যদিও চেষ্টাৰ ক্ৰুতি নাই। মোৰ এটাই আক্ষেপ– এই অঞ্চলটোত বহু বিজ্ঞ লোক আছে। কিন্তু অধ্যয়ন পুষ্ট ব্যক্তিসকলেও এইক্ষেত্ৰত আগভাগ লোৱা দেখা নাই। এয়া আমাৰ উঠি চামৰ বাবে বৰ পৰিতাপৰ বিষয়। যা হওক ৰাণীহাটখনে অতীজৰ পৰাই আমাক অৰ্থনৈতিকভাৱে কিছু পৰিমাণৈ হ’লেও সৱল কৰি অহা দেখিছো। হাটখনক কেন্দ্ৰ কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’বলৈ যত্নপৰ হৈছে। যুগ যুগ ধৰি হাটখনত সংঘতিত হোৱা ঘাত-প্ৰতিঘাতৰ ইতিহাসৰ বিষয়ে কোনোৱে বহল ভিত্তিত, সকলোৱে চাব পৰাকৈ আলোকপাত কৰিলে জনসাধাৰণ উপকৃত হ’ব বুলি মোৰ দৃঢ় বিশ্বাস।

ৰাণীহাটৰ উৎপত্তিঃ ধনীৰাণী আছিল ৰাণীদেশৰ (ৰাজ্য) দ্বিতীয় শাসনকৰ্তা। তেওঁৰ মাক আছিল ধৰ্ময়ন্তী। ধনী ৰাণীৰ শাসন কাল সম্ভৱ ১৫শ শতিকাৰ একেবাৰে শেষ বা ১৬শ শতিকাৰ প্ৰথমাৰ্দ্ধৰ পৰা শেষাংশলৈকে। তেতিয়া তেওঁৰ ৰাজধানী বা বাসস্থান আছিল সম্ভৱ চত্তহৰ্দ্দো বা বৰ্তমানৰ চকৰদো। বাটপথ নথকা ৰাজধানীখনৰ তিনিওফালে সু-বিশাল পাহাৰেৰে আৱৰা। কি পাহাৰ কি সমভূমি, গভীৰ বন-বননি, গছ-গছনিৰে ভৰপূৰ। ৰাজধানীখনৰ পৰা ৰাজ্যৰ অইন ঠাইলৈ যোৱাৰ বাবে যাতায়তৰ কোনো ব্যৱস্থা নাই। হাট-বজাৰ, দোকান আদিৰ কথাটো আহিয়েই নপৰে।

পস্ছিমৰ গৰমনু স্যেকৃতত কৰিলা।
গৰখায়ে এক ভৈলানন্দি। …………….
(হৰি ভক্তি বিলাসৰ পৰা লোৱা হৈছে)

কোৱা হৈছে যে ৰাণী অঞ্চলৰ প্ৰজাবৰ্গৰ খবৰ লৱৰ বাবে অহা-যোৱা কৰিবলৈ এটি গড় সাজি লৈছিল। এই গড় আলিডাল চত্তহৰ্দ্দোৰ পৰা বৰ্তমানৰ মাটিয়া পাহাৰ হৈ পৰৱৰ্তীকালৰ পাটগাঁও ৰাজধানীৰ পশ্চিম অংশৰে ৰাণীলৈ যাব পৰাকৈ মানুহে সজা গড় আলি, বৰ্তমান ৰাণী-মাইৰাং পথৰ পূব দিশৰ গাতে লাগি থকা গড় আলি। এই গড় আলি বাটেৰে ৰাণীলৈকে যাব পৰা তেতিয়াৰ একমাত্ৰ সুগম পথ।

সেই সময়ৰ ৰাণী ৰাজ্যৰ পৰিধিও বৃহৎ অঞ্চলজুৰি পৰিবেষ্টিত আছিল। পূবে নৰকৰ আলি, পশ্চিমত পলাশবাৰীৰ কুকুৰীয়া আৰু বৰহেৰামদো, উত্তৰত- মজলী, শুৱালকুচী আৰু সৰু বংশৰ, দক্ষিণত- মৈৰাপুৰদ্বাৰ বা মইনাপুৰ। এই বৃহৎ অঞ্চলত নাছিল কোনো যাতায়তৰ সু-ব্যৱস্থা, নাছিল কোনো হাটবজাৰৰ ব্যৱস্থা। ৰাজ্যখনত প্ৰজাৰ দৈনন্দিন জীৱন জীৱিকাৰ সংগ্ৰাম। তেনে এক পৰিবেশৰ মাজত উৎপত্তি হ’ল ৰাণীহাট, গড়চুক পামহীৰ বজাৰৰ। এই দুয়োখন বজাৰৰ আশে-পাশে পাহাৰ-ভৈয়ামত বাস কৰিছিল মংগলীয়ান মূলৰ কছাৰী, ৰাভা, গাৰো, মিকিৰ, খাছি আদি লোকসকল। ইয়াৰ উপৰিও পাহাৰৰ পাদদেশৰ ভৈয়ামত আছিল দাস, কলিতা, নাথ, বৰুৱা, দেউৰী, কেওঁট, কৈৱৰ্ত আদি সম্প্ৰদায়ৰ লোকসকল। অঞ্চলটোৰ জনসংখ্যা আছিল তেনেই নগণ্য। গতিকে ৰাণীহাট হৈছিল এক নিৰ্দিষ্ট সৰু ক্ষেত্ৰ এটাত, সাপ্তাহিক প্ৰতি সোমবাৰে।

ৰাণীহাটলৈ পাহাৰৰ কাৰ্বি (মিকিৰ) গাৰো আৰু খাছিসকলে প্ৰায় ৪০–৫০ মাইল দূৰত্ব বাটকুৰি বাই ৰাতিপুৱা সোমবৰীয়া বজাৰ পায়হি। তেওঁলোকে আগদিনাখনেই বিশেষকৈ মহিলাসকলে পিঠিত তেওঁলোকৰ হস্তনিৰ্মিত লুখা (থাপা)ত বেচিবলগীয়া খাদ্য সামগ্ৰী সমূহ কঢ়িয়াই লৈ আনে। হাতত বাঁহৰ জোৰ লৈ আগদিনা প্ৰায় সন্ধ্যা সময়তেই যাত্ৰা আৰম্ভ কৰে। সেই সময়ত কেৰাচিনৰ প্ৰচলন নাছিল। গতিকে ৰাতিৰ যাত্ৰা কালত বাঁহৰ জোৰ জ্বলাই পোহৰৰ ব্যৱস্থা কৰিছিল। সাধাৰণ প্ৰজাবৰ্গই নিজ ঘৰত কেৰাচিনৰ বিকল্প হিচাপে ভোটোৰা গুটি জ্বলাই অথবা এৰা গুটিৰ তেল ঘৰুৱাভাৱে প্ৰস্তুত কৰি চাকি জ্বলাই পোহৰৰ ব্যৱস্থা কৰিছিল। কেৰাচিন তেলৰ আৱিস্কাৰ আৰু প্ৰচলন ইংৰাজৰ দিনত আৰম্ভ হোৱা। ওৰে ৰাতিটো পাহাৰৰ ওখ-চাপৰ সুৰসুৰীয়া অতি দুৰ্গম পথ অতিক্ৰম কৰি পাইছিলহি ৰাণীহাট। উক্ত সময়ৰ ৰাজ্যখনত নাছিল মুদ্ৰাৰ প্ৰচলন। অৱশ্যে কোচ ৰাজত্বৰ সময়ত নাৰায়ণী মুদ্ৰা প্ৰচলন হৈছিল অকল ৰাজপৰিয়াল আৰু বণিক সকলৰ মাজত, অকল ব্যৱসায়ৰ সুবিধাৰ্থে। সাধাৰণ প্ৰজাবৰ্গই সেই মুদ্ৰা সম্পৰ্কে জ্ঞাত নাছিল।

খাদ্য দ্ৰব্যৰ আদন-প্ৰদানঃ ৰাণী ৰাজ্যৰ অন্তৰ্গত পাহাৰীয়া অঞ্চলৰ লোকসকলে পৰিয়ালৰ ভৰণ-পোষণ তথা জীৱন-জীৱিকাৰ বাবে বিভিন্ন ঘাত-প্ৰতিঘাত অতিক্ৰম কৰিব লগা হৈছিল। পাহাৰৰ পৰা নমাই আনিছিল তেওঁলোকৰ উৎপাদিত কৃষিজাত খাদ্য দ্ৰব্য– আদা, হালধি, ৰঙা লাউ, জলকীয়া, ঘৰুৱা-বনৰীয়া জাতৰ বিভিন্ন জাতৰ শাক-পাচলি, কচু, সুৰচীপাত (জনজাতীয় সমাজত স্থানীয় ভাৱে সুৰা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ এবিধ লতাৰ পাত) ইত্যাদি। তেওঁলোকে লৈ অহা খাদ্যদ্ৰব্য সমূহ বেচা-কিনা নহৈছিল, ভৈয়ামৰ লোক অথবা বেপাৰী বিলাকৰ সৈতে বিনিময়হে চলিছিল। বিনিময়ৰ জৰিয়তে তেওঁলোকে ভৈয়ামৰ পৰা খাদ্যদ্ৰব্য যেনে– চাউল, ধান, মাহ, শুকান মাছ, নিমখ, বড়া চাউল আদি পাহাৰলৈ লৈ গৈছিল। ৰাণীহাটত অকল খাদ্যদ্ৰব্যৰে বিনিময় হোৱা নাছিল, হৈছিল বিভিন্ন জাতি-জনগোষ্ঠী সকলৰ হিয়াৰ আদান-প্ৰদান। গঢ়ি উঠিছিল অনৈক্যৰ মাজত ঐক্য, সংহতিৰ। ৰাজ্যখনৰ এক অস্থিৰ অৰ্থনৈতিক সংজকট মোচনৰ হেতু ৰাণী বা ৰজাই প্ৰজাগণৰ মাজত ৰচদ পাতি যোগান ধৰিছিল বিভিন্ন মাধ্যমৰ জৰিয়তে। ৰজা বা ৰাণীয়ে ৰাণীহাটত বিনিময় কৰি পোৱা খাদ্য দ্ৰব্য সমূহ ৰাজধানী চত্তহৰ্দ্দো, আজাৰা, ধাৰাপুৰ, মাজগাঁও (মাজিৰগাঁও) পলাশবাৰী, কুকুৰীয়ালৈকে যোগান ধৰিছিল। ইয়াৰ উপৰিও বৰহেৰামদো, মালিয়াটা (গোঁসাইহাট) ৰাইবড়ী আদি ঠাইবোৰলৈকে এই ব্যৱস্থা আছিল।

ৰাণীহাটৰ উৎপত্তিৰ বিষয়ে তেতিয়াহে জানিব পাৰিলো যেতিয়া ১৫১৯ খ্ৰীষ্টাব্দৰ মে’ মাহত তুৰ্কী বা মোগল বা মুছলমান সকলে ৰাণী ৰাজ্য তৃতীয়বাৰৰ বাবে আক্ৰমণ কৰাৰ সময়ত। মোগল সেনাপতি মিৰ্জানামুনে ৰাণী ৰাজ্যৰ ৰাণীহাট দখল কৰে। সেই আক্ৰমণৰ সময়ত Glimpses in to The History of Assam, Page–149ত ৰাণীহাট বুলিহে উল্লেখিত হৈ আছে। উক্ত চনৰ ছেপ্টেম্বৰ মাহত মুছলমানক খেদি পুনৰ ৰাণীহাট উদ্ধাৰ কৰে। গতিকে সন্দেহৰ অৱকাশ নাই। সেই সময়ৰ ৰাজ্যত হেনো নিমখৰ অভাৱ আছিল। কথিত আছে যে– এসময়ৰ ছয়গাঁওৰ চান্দসদাগৰে লোহাৰঘাটৰ পৰা কেঁচা লোঁ লৈ নৌকাৰে ব্ৰহ্মপু্ত্ৰৰে ভটিয়াই গৈ ৰাৱণৰ দেশ লংকাত নি তাৰ পৰা লোণ আনি নিজৰ সদাগৰী বেপাৰ চলাইছিল। আৰু সেই লোণ ৰাণীৰ শাসনকৰ্ত্তাই ৰাণীহাটত মজুত কৰিছিল আৰু তাৰ পৰাই প্ৰজাবৰ্গক বিনিময় প্ৰথাৰে যোগান কৰিছিল। ১৮২৬ খ্ৰীষ্টাব্দৰ পৰা আৰম্ভ হ’ল ইংৰাজ শাসন-শোষণৰ অধ্যায়। তেতিয়া ৰাজ্যত পাই, আনা, টকা আদি মুদ্ৰা প্ৰচলনৰ সময়। কিন্তু সাধাৰণ ৰাইজৰ অৰ্থনৈতিক ক্ষেত্ৰখন বহু জটিল পৰ্যায়ৰ আছিল। তেতিয়াৰ সময়ত ৰাণীহাটখনক কছাৰীসকলে ‘ৰাজা সাথাই’ বুলি কৈছিল। ইংৰাজ সকলে নিজৰ সুবিধাৰ্থে ৰাণীহাটত উলু খেৰেৰে বিষয়া সকলৰ বাবে বাংলা সাজিলে, সৈন্য সামন্ত ৰখাৰ বিৰাট সৈন্য ছাউনী সাজিলে, খাৰ-বাৰুদ, সামৰিক আৰু প্ৰজাবৰ্গ উভয়ৰ বাবে ৰচদ পাতিৰ গুদাম সাজিলে। সময়টো আছিল ইংৰাজী ১৯৩৯ চন, দ্বিতীয় বিশ্বযুদ্ধৰ ভৰপুৰ সময়। তেতিয়াৰ পৰাই সম্ভৱ ৰাণীহাটক ৰাণী গুদাম বুলিও কোৱা হ’ল। ইয়াৰ পাছত কিন্তু ৰাণীহাট বা ৰাণী গুদামৰ সলনি পাহাৰৰ মানুহবোৰে ৰাণী বজাৰ বুলিহে কোৱা হ’ল।

ৰাণী বজাৰৰ বৰ্তমানৰ অৱস্থাঃ চাওতে চাওতে পূৰ্বৰ তুলনাত বৰ্তামানৰ ৰাণীহাটত স্থানীয় লোকৰ বাদেও প্ৰব্ৰজিত লোকৰ বসতিও ভালে সংখ্যক হ’ল। ব্যৱসায়ৰ গইনা লৈ অনা অসমীয়াৰ লোকো ভৰি পৰিল। আৰম্ভ হ’ল দৌৰাত্ম। সহজ-সৰল স্থানীয় লোকসকল যেন নিজৰ ঠাইত নিজে ভগনীয়া, তেনে অৱস্থা এতিয়া ৰাণী অঞ্চল। প্ৰতিটো সোমবাৰ এতিয়া বহিৰাগত সৰু-ডাঙৰ ব্যৱসায়ীৰ কব্জাত ‘ৰাণী বজাৰ’। পূৰ্বতে ৰাজহুৱা শাসন চলা ৰাণী বজাৰ এতিয়া প্ৰশাসনৰ জৰিয়তেহে পৰিচালিত হয়। সময়ৰ সোঁতত জনসংখ্যা বৃদ্ধি, লগে লগে দৈনন্দিন জন-জীৱনৰ অভাৱ পূৰাবলৈ দোকান-পোহাৰ বৃদ্ধি হ’ল। সৰু-বৰ কৈ থলুৱা সকলেও ব্যৱসায় আৰম্ভ কৰিলে। কিন্তু এই ব্যৱসায়ৰ দ্বাৰা থলুৱা লোক অৰ্থনৈতিকভাৱে কিমানদূৰ সফল হৈছে? এই ধাৰাবাহিকতা ৰক্ষা কৰি চলিব পাৰিবনে? সেয়াহে আজিৰ তাৰিখত লাখটকীয়া প্ৰশ্ন।

 

শিৰোনামৰ ছবিঃ ইষ্টাৰ্ণ ফটো ছাৰ্ভিচ

4 COMMENTS

  1. Greetings from California! I’m bored to death at work so I decided to check out your website on my iphone during lunch break. I enjoy the knowledge you present here and can’t wait to take a look when I get home. I’m shocked at how fast your blog loaded on my cell phone .. I’m not even using WIFI, just 3G .. Anyways, fantastic site!

    online store

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

লকডাউনৰ প্ৰভাৱে ৰাণী অঞ্চলক ভ্ৰমণ উপযোগী কৰি তুলিছে      

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – লকডাউন প্ৰকৃতিৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। লকডাউনে মানুহক অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত কৰিলেও ইয়াৰ বহুখিনি ইতিবাচক প্ৰভাৱ...

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ কপিকূলক ফল যোগান ধৰিছে এগৰাকী মহিলাই, গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ চৌহদত ফটোঃ বিশাল বড়ো  Pix: Bishal Boro

ডিমা হাচাও জিলাৰ ‘পানীমুৰ জলপ্ৰপাত’

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ চি এন ডেক্স – পানীমুৰ এটা বিখ্যাত জলপ্ৰপাত। স্থানীয় পৰ্যটককে নহয় দেশী–বিদেশী পৰ্যটকক আকৰ্ষণ কৰা এটি জলপ্ৰপাত। জলপ্ৰপাতটোত গোটেই বছৰজুৰি দেশী–বিদেশী...

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ নিখিল ৰাভা মহিলা পৰিষদৰ ২৭সংখ্যক প্ৰতিষ্ঠা দিৱস পালন, গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ছাটাৰ গাঁৱত। ফটোঃ প্ৰভাত ৰাভা  Pix: Prabhat Rabha

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward