প্ৰকাশিত তাৰিখঃ ২৪ মাৰ্চ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ ঐতিহাসিক চানডুবি বিলৰ কাষৰীয়া কঠালগুৰী শান্তিবিল আঞ্চলিক নৱজ্যোতি সংঘৰ ৰূপালী জয়ন্তী ২২ মাৰ্চত এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰে। সেই অনুসৰি– পুৱা ৫ বজাত মিনি মাৰাথন দৌৰ প্ৰতিযোগিতাৰে ৰূপালী জয়ন্তীৰ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰা হয়। বিশিষ্ট লোকৰ দ্বাৰা পুৱা ৮ বজাত ৰূপালী জয়ন্তীৰ ২৫খন পতাকা উত্তোলন লগতে ২৫গছি বন্তি প্ৰজ্বলন কৰা হয়। সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক মোহন দাস আৰু সদস্যসকলে গছপুলি ৰোপন কৰে।
আবেলিৰ মুকলি সভা পৌৰহিত্য কৰে বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুভাষ চিনালে। আদৰণি ভাষণ পাঠ কৰে উদযাপন সমিতিৰ সভাপতি সিদ্ধেশ্বৰ ৰাভাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে নিখিল ৰাভা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক দেৱজিৎ নাফাই উপস্থিত থাকে। লগতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে লোক–সংস্কৃতিৰ গৱেষক ভূবিন ৰাভা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰশ্মিবালা ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অশোক নংবাগে। সন্ধিয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন পাৰিষদ দিলীপ কুমাৰ ৰাভাই বন্তি প্ৰজ্বলন কৰে।
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন পাৰিষদ নৃপেন চন্দ্ৰ ৰাভাই মঞ্চ মুকলি কৰে। উক্ত অনুষ্ঠানত নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে সংঘৰ প্ৰতিষ্ঠাপক সভাপতি দ্বীপেন ৰাভা, সম্পাদক মোহন দাস, কঠালগুৰী ৰাইজৰ গাঁওবুঢ়া মণিৰাম ৰাভা, কঠালগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক দিগেন মজুমদাৰ, প্ৰধান শিক্ষয়িত্ৰী দিপিকা দাস, সহশিক্ষয়িত্ৰী শৰ্মিলা ভৰালীয়ে। আনহাতে, নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি ধনঞ্জয় ৰাভা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ সভাপতি গোপীনাথ ৰাভা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সত্যজিৎ ৰাভা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কমলেশ্বৰ ৰাভা, ডিফু মেডিকেল কলেজৰ সহকাৰী অধ্যাপক ডাঃ গুণমণি ৰাভা, সাংবাদিক–লেখক নুৰুল ইছলামকে আদিকৰি বহুসংখ্যক লোক।
নিশা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ, শৰ্মিলা মহন্ত, কৰৱী কছাৰী, অনিৰূদ্ধ ৰাভাই অংশ গ্ৰহণ কৰে। সৰুৰাণী ৰাভা বাংচুমৈ হাঞ্জা কৃষ্টি দল, মৰিগাঁৱৰপৰা অহা তিৱা কৃষ্টি দল দুটাই লোকনৃত্য পৰিৱেশন কৰাৰ লগতে স্থানীয় শিল্পী, কৃষ্টি দল সমূহেও গীত–নৃত্য পৰিৱেশন কৰে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News