প্ৰকাশিত তাৰিখঃ ৮ ফেব্ৰুৱাৰী, ২০২১
নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –
ঘৰ–অট্টালিকা, নাওঁ, জাহাজ, গাড়ীৰ ব’ডি, ফাৰ্ণিচাৰৰ লগতে নিত্যব্যৱহাৰ্য সামগ্ৰী নিৰ্মাণৰ বাবে কাঠৰ প্ৰয়োজন। ৰাজ্যখনত নিৰ্মাণকাৰ্যৰ পৰিমাণ বাঢ়ি যোৱাৰ লগেলগে কাঠৰ প্ৰয়োজনীয়তাও বৃদ্ধি পাব ধৰিছে। অসমত মূলতঃ শাল, চেগুন, শিশু, গমাৰি, হলখ, হোলং এইবোৰেই হ’ল কাঠৰ উপযোগী গছ। কাঠৰ উপযোগী এইবোৰ গছৰ গুৰুত্ব দিনক দিনে বাঢ়ি গৈছে যদিও– ৰাজ্যখনত যিমান প্ৰয়োজন সেই পৰিমাণত কাঠৰ উপযোগী গছ–গছনিৰ উৎপাদন বৃদ্ধি হোৱা নাই। ইপিনে, দিনক দিনে চোৰাং কাঠ বেপাৰীৰ হাতোৰাত ৰাজ্যৰ বনাঞ্চলসমূহৰ মূল্যবান গছ–গছনিৰ সংখ্যাও ভয়াবহভাৱে হ্ৰাস পাই আহিছে। প্ৰয়োজন অনুপাতে গছ–গছনিৰ উৎপাদন বৃদ্ধি নোহোৱাত মানুহে এতিয়া কাঠৰ বিকল্প হিচাপে ষ্টীল, এলুমিনিয়াম, প্লাষ্টিক আদি ব্যৱহাৰ কৰিবলগা হৈছে। আনহাতে, প্ৰয়োজনীয় কাঠৰ অভাৱ পূৰণ কৰিবলৈ ইয়াৰ উপযোগী শাল–চেগুন, শিশু, গমাৰি আদি গছৰ বাগান ব্যক্তিগতভাৱে গঢ়ি তোলা লোকৰ সংখ্যাও প্ৰায় নখত গণিবপৰা অৱস্থাতে আছে।
আমাৰ ৰাজ্যখনত থকা স্থানীয়জাতৰ শাল, চেগুন, গমাৰি, শিশু, হলখ, হোলং আদি গছবোৰ কাঠৰ উপযোগী হোৱালৈ ক’মেও ২০–৩০ বছৰৰ প্ৰয়োজন। গতিকে এইবোৰ গছৰ বাগান বাণিজ্যিকভাৱে স্থাপন কৰিলেও উপাৰ্জনলৈ এক দীঘলীয়া সময় অপেক্ষা কৰিব লাগে। তদুপৰি, এইবোৰ গছৰ বাগান স্থাপন কৰিলে ওচৰে–পাজৰে অন্যান্য খেতিবাতিও কৰিব নোৱাৰি। এনেবোৰ কাৰণতে বোধহয় কোনোলোকে উক্ত গছ–গছনিৰ বাগান স্থাপনত আগ্ৰহী নহয়। সম্প্ৰতি, অষ্ট্ৰেলিয়াৰ এবিধ গছে আমাৰ ৰাজ্যখনৰ একাংশ লোকৰ মাজত চৰ্চ্ছালৈ আহিছে। গছবিধৰ নাম হ’ল– ‘অষ্ট্ৰেলিয়ান চেগুন’। অষ্ট্ৰেলিয়ান চেগুন এবিধ বিশেষ উদ্ভিদ যিয়ে প্ৰচুৰ বাণিজ্যিক সম্ভাৱনীয়তা কঢ়িয়াই আনিব পাৰে বুলি বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে। এইবিধ গছৰ লগত অসমৰ অধিক সংখ্যক লোক পৰিচিত নহয়। হয়তো বহুতেই এই গছবিধৰ নামেই শুনা নাই। অষ্ট্ৰেলিয়ান চেগুন হ’ল একাচিয়া প্ৰজাতিৰ এবিধ উদ্ভিদ। বৰ্তমান টিচ্যু কালচাৰৰ দ্বাৰা কৰ্ষণ কৰি এইবিধ গছৰ পৰা ১০–১২ বছৰতে উন্নতমানৰ কাঠ লাভ কৰিব পৰা ব্যৱস্থা এটা গঢ়ি তুলিছে। অতি মূল্যবান এইবিধ গছৰ কাঠকে জাহাজ, নাওঁ লগতে অত্যাৱশ্যকীয় সা–সামগ্ৰী নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হয়। অষ্ট্ৰেলিয়াৰ আন্তঃৰাষ্ট্ৰীয় কৃষি গৱেষণা কেন্দ্ৰই প্ৰকাশ কৰামতে– এই গছবিধে ১০–১২ বছৰতে প্ৰায় এশ ফুট ওখ আৰু ২–৩ ফুট ব্যাস হোৱাৰ লগতে কাঠ হিচাপে ব্যৱহাৰৰ উপযোগী হৈ পৰে। ২০ৰ পৰা ৪০ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা আৰু বাৰ্ষিক বৰষুণৰ পৰিমাণ ১২০০–২৫০০ মিমি হ’লে গছবিধৰ পৰা উৎপাদন হোৱা কাঠ উন্নত মানৰ হয়। যদিও, অতিপাত খৰাঙতো এই গছবিধে জীয়াই থাকিব পাৰে। প্ৰতিবিঘা মাটিত দুশৰ পৰা তিনিশ জোপা গছ ৰোপনেৰে বাণিজ্যিক ভিত্তিত বাগান স্থাপন কৰিব পাৰি। সাধাৰণতে উদ্ভিদ এজোপা জীয়াই থাকিবলৈ হ’লে নাইট্ৰ’জেন, ফ’চফ’ৰাছ আৰু প’টাছিয়ামৰ প্ৰয়োজন হয়। এই গছজোপাই প্ৰয়োজনীয় সকলোবোৰ উপাদান বায়ুমণ্ডলৰ পৰা নিজাববীয়াকৈ আহৰণ কৰিব পৰা গুণ আছে। তদুপৰি বায়ুমণ্ডলক ২৪ ঘণ্টাই অক্সিজেন যোগান ধৰিবপৰা শক্তিও আছে। এই বিশেষ গুণৰ অধিকাৰী হোৱা বাবে গছজোপাৰ গুৰিত অন্যান্য গছ–লতা যেনে– জালুক, পান, আদা, হালধী, জলকীয়া, ষ্টেভিয়া, চিত্ৰনলা আদিৰ খেতি উৎকৃষ্টমানৰ হয়। সচৰাচৰ গছ–বিৰিখৰ তলত অথবা ওচৰে–পাজৰে অন্যান্য খেতিবাতি ভাল হোৱা দেখা নাযায় যদিও অষ্ট্ৰেলিয়ান চেগুনৰ বাগিছাত উন্নতমানৰ বহুতৰপীয়া খেতিবাতিহে গঢ়ি তুলিব পাৰি।
আমাৰ দেশৰ কেইখনমান ৰাজ্যত অষ্ট্ৰেলিয়ান চেগুনৰ খেতি বাণিজ্যিকভাৱে আৰম্ভ কৰিছে। তাৰ ভিতৰত ছত্তিশগড় অন্যতম। ড০ ৰাজাৰাম ত্ৰিপাঠী নামৰ বৈজ্ঞানিক এগৰাকীয়ে টিচ্যু কালচাৰ পদ্ধতিৰে কৰ্ষণ কৰি অষ্ট্ৰেলিয়ান চেগুনৰ এখন বৃহৎ বাগান গঢ়ি তুলিছে। য’ত, পদ্ধতিগতভাৱে বহুতৰপীয়া খেতিবাতি সংযুক্ত কৰি অৰ্থনৈতিকভাৱে লাভান্বিত হৈছে আৰু নিজ ৰাজ্যৰ লগতে সমগ্ৰ দেশখনতে এক বিৰল আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। সেইজন ব্যক্তিৰ জন্ম ছত্তিশগড়ৰ মাওবাদী অধ্যুষিত জিলা বাষ্টাৰত। বাষ্টাৰ জিলা ৰাজ্যখনৰ ভিতৰতে অতি পিচপৰা আৰু সংবেদনশীল এক অঞ্চলৰূপে গণ্য কৰা হয়। ড০ ত্ৰিপাঠীয়ে ৰাজ্যখনৰ কোন্দাগাঁও জিলাত এক লাভজনক কৃষিৰ মডেল তৈয়াৰ কৰিছে। য’ত, এক বৃহৎ অঞ্চলক ঔষধি সম্পন্ন তথা মূল্যবান বিভিন্ন গছ–গছনি ৰোপনেৰে সেউজ কৰি তুলিছে। ৰাষ্ট্ৰসংঘই ৰেড ডাটা বুকত লিপিবদ্ধ কৰা উদ্ভিদৰ চাৰিশ প্ৰজাতিৰ ভিতৰত ২৫০ বিধ তেওঁৰ সেউজ অৰণ্য অঞ্চলত সংৰক্ষণ কৰিছে। তদুপৰি পৰিবেশ ভাৰসাম্য ৰক্ষাৰ বাবে তেখেতে তিনি লাখৰ অধিক বৃক্ষ ৰোপণ কৰিছে। প্ৰকৃতিলৈ উল্লেখনীয় অৱদান আগবঢ়োৱাৰ বাবে তেখেতক দেশৰ সেউজ যোদ্ধা বুলিও অভিহিত কৰা হয়।
বৰ্তমান আমাৰ ৰাজ্যখনৰ গুৱাহাটী মহানগৰীৰ দক্ষিণ–পশ্চিম প্ৰান্তত অষ্ট্ৰেলিয়ান চেগুন গছ পোন প্ৰথমবাৰ প্ৰৱেশ ঘটিছে। এইমুহুৰ্তত ৰাজ্যখনৰ অন্যান্য প্ৰান্তত গছবিধৰ খেতি আৰম্ভ হৈছেনে নাই তাৰ সঠিক তথ্য পোৱা নাযায়। যদিও, কামৰূপ গ্ৰাম্য জিলাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অসম–মেঘালয় সীমান্তৰ মাটাইখাৰ গাঁৱত অষ্ট্ৰেলিয়ান চেগুন গছৰ খেতি নতুনকৈ আৰম্ভ কৰিছে। আকাৰত সৰু হ’লেও অন্ততঃ গছবিধৰ খেতি আৰম্ভ হৈছে। গুৱাহাটীৰ তিলক মহন্ত নামৰ এজন সমাজসেৱী তথা প্ৰকৃতিক ভালপোৱা ব্যক্তিৰ নেতৃত্বতে অষ্ট্ৰেলিয়ান চেগুনৰ বাগানখন নতুনকৈ গঢ়লৈ উঠিছে। সাত মাহ আগতে বাৰ বিঘা মাটিত উক্ত প্ৰজাতিৰ বাৰশ জোপা গছ ৰোপণ কৰিছে। গছবোৰ ২ৰ পৰা ৫ফুট ওখ হৈছে। লগেলগে প্ৰতিজোপা গছত একোডালকৈ জালুকৰ পুলিও ৰোপণ কৰিছে। গছজোপা যিমান ওখ হ’ব জালুকৰ লতাও সিমান বগাই যাব। কিন্তু এশ ফুটলৈ ওখ হোৱা গছ এজোপাৰ পৰা জালুকৰ গুটি ছিঙিব কেনেকৈ! ভাবিলেও আচৰিত হ’বলগীয়া কথা। অৱশ্যে, গছজোপাৰ সৈতে ৰোপন কৰা জালুকবিধ বিশেষ প্ৰজাতিৰ আৰু টিচ্যু কালচাৰ পদ্ধতিৰে কৰ্ষণ কৰা। চেগুন আৰু জালুকৰ কলমবোৰ ছত্তিশগড়ৰ ড০ ত্ৰিপাঠীৰ উদ্যানৰপৰা আমদানি কৰি আনিছে। আমাৰ স্থানীয় প্ৰজাতিৰ জালুকবোৰত মানুহ বগাই যেনেকৈ ছিঙিব লাগে এইবিধ জালুকৰ গুটি তেনেকৈ ছিঙিব নালাগে। পৈণত হোৱা ফলবোৰ যেতিয়া পকিব তেতিয়া ই নিজে নিজেই তলত সৰিব। তলসৰা গুটিবোৰ সংগ্ৰহ কৰিলেই হ’ল। সাধাৰণতে অসম তথা উত্তৰ–পূবৰ অন্যান্য ৰাজ্যত ৰোপণ কৰা স্থানীয়জাতৰ জালুকৰ পৰা বছৰি ৩ৰ পৰা ৩.৫ কেজি উৎপাদন আহৰণ কৰিব পাৰে। কিন্তু ড০ ৰাজাৰাম ত্ৰিপাঠীয়ে বিশেষভাৱে উদ্ভাৱন কৰা এইবিধ জালুকৰ পৰা প্ৰতিজোপাত বছৰি প্ৰায় ২০–২৫ কিলো জালুক আহৰণ কৰিব পৰা যায়। ফলত এজন কৃষকে একেখিনি মাটিত আৰু একেখিনি শ্ৰমত বহুতৰপীয়া খেতি গঢ়ি তুলিব পাৰে য’ত অৰ্থনৈতিকভাৱে লাভালাভৰ পৰিমাণেই বেছি বুলি আশা কৰিব পাৰি। কিয়নো, দেশৰ এজন বৈজ্ঞানিক ড০ ত্ৰিপাঠীয়ে সফলতাৰ এই উদাহৰণ ইতিমধ্যে দাঙি ধৰিছেই।
গুৱাহাটী মহানগৰীৰ বাসিন্দা তিলক মহন্ত পেছাত এগৰাকী চৰকাৰী বিষয়া, যদিও সামাজিক কাম–কাজৰ লগতো তেখেত বিশেষভাৱে জড়িত। আধুনিক পদ্ধতিৰ নতুন নতুন সমল বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰে আৰু সেইবোৰ গাঁৱৰ আগ্ৰহী খেতিয়কৰ মাজত বিলাই দিয়ে। এয়াই তেখেতৰ মূল উদ্দেশ্য। আজি দুবছৰ আগতে ছত্তিশগড়ত থকা ড০ ৰাজাৰাম ত্ৰিপাঠীৰ সেই বিখ্যাত উদ্যানখন পৰিদৰ্শন কৰিছিল। উদ্দেশ্য আছিল নিজ ৰাজ্যখনতো ড০ ত্ৰিপাঠীৰ আৰ্হিত খেতিবাতি আৰম্ভ কৰি কৃষক এজন অৰ্থনৈতিকভাৱে লাভান্বিত হ’ব পাৰি নেকি? অসমৰ জলবায়ু এই আৰ্হিৰ খেতিৰ বাবে উপযোগী নে অনুপযোগী এই সন্দৰ্ভত ড০ ত্ৰিপাঠীৰ লগত বিশদভাৱে আলোচনা কৰিছিল। ড০ ত্ৰিপাঠীৰমতে– অসমৰ জলবায়ু অষ্ট্ৰেলিয়ান চেগুনৰ বাবে উপযুক্ত। অসমতো অষ্ট্ৰেলিয়ান চেগুনৰ বাগান স্থাপন কৰি একেখন ক্ষেত্ৰতে বহুতৰপীয়া খেতিবাতিৰে কৃষক এজন অৰ্থনৈতিকভাৱে লাভবান হ’ব পাৰে। প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এইবিধ গছৰ খেতিৰে ৰাজ্যখনৰ খেতিয়কক আগুৱাই নিবলৈ মহন্তই এক পৰিকল্পনা যুগুত কৰিছিল। কিন্তু পৰিকল্পনাবোৰক বাস্তৱৰূপ দিবলৈ হ’লে চৰকাৰী পক্ষৰো কিছু সহায়ৰ প্ৰয়োজন। এইসন্দৰ্ভত মহন্তই উক্ত পৰিকল্পনাৰ ওপৰত যুগুতোৱা প্ৰকল্প প্ৰতিবেদনখন অনুমোদনৰ বাবে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত প্ৰেৰণ কৰিছিল। যদিও, চৰকাৰে উক্ত প্ৰকল্প প্ৰতিবেদনখন আজিপৰ্যন্ত অনুমোদন নকৰিলে। সেয়ে চৰকাৰী অনুমোদনলৈ বাট নাচায় গাঁঠিৰ ধন ভাঙি সৰুকৈ হ’লেও নিজাববীয়াকৈয়ে কাম–কাজ আৰম্ভ কৰি দিলে। এই কৰ্ম আঁচনিয়ে ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ খেতিয়কসকলকো আগ্ৰহী কৰি তোলক। এই উদ্দেশ্যেৰে পশ্চিম গুৱাহাটীৰ মাটাইখাৰ গাঁওৰ বাসিন্দা কৃষক তথা গ্ৰাম্য পৰ্যটন উদ্যমী প্ৰাণেশ্বৰ ৰাভাক জড়িত কৰি উক্ত কামত আগবাঢ়িছে।
অৱশ্যে, অসমৰ জলবায়ু অষ্ট্ৰেলিয়ান চেগুনৰ বাবে উপযোগী নে অনুপযোগী এইসন্দৰ্ভত যোৰহাট বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰয়ো ইতিমধ্যে এলানি পৰীক্ষা–নিৰীক্ষা চলোৱা বুলি জানিবপৰা গৈছে। প্ৰতিষ্ঠানটোৱে এইগছ জোপাৰ গুটিৰ পৰা পুলি গঁজাই বনাঞ্চলত ৰোপণ কৰিছিল। ৰোপনৰ পাছত গছবোৰ অসমৰ জলবায়ুৰ লগত সম্পূৰ্ণৰূপে মিলি গৈছে। অতি মূল্যবান এই গছবিধে ৰাজ্যখনত ব্যৱসায়িক সম্ভাৱনা কঢ়িয়াই আনিব বুলিও আশা প্ৰকাশ কৰিছে। কিন্তু গুটিৰ পৰা ৰোপণ কৰা গছ কাঠৰ উপযোগী হোৱালৈ আমাৰ স্থানীয়জাতৰ চেগুনৰ সমানেই সয়মৰ প্ৰয়োজন হয়।
আমাৰ চৰকাৰে সময়ে সময়ে ৰাষ্টাঘাত, ঘৰ–অট্টালিকা নিৰ্মাণৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ নামত এক বিশাল পৰিমাণৰ গছ–গছনি ধ্বংস কৰিছে। আহিথকা দিনবোৰত চৰকাৰে হয়তো আৰু অধিক গছ–গছনি ধ্বংস কৰিব। ৰাজ্যৰ বিভিন্নক্ষেত্ৰ উন্নয়নৰ নামত অনিয়ন্ত্ৰিতভাৱে চলিথকা প্ৰকৃতি ধ্বংসৰ কুফল সকলোৱে ভোগ কৰিছে। অনিয়ন্ত্ৰিতভাৱে প্ৰকৃতি ধ্বংসৰ বিৰোধিতা কৰি ৰাইজে ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচীও পালন কৰা দেখা গৈছে। চৰকাৰে যি হাৰত প্ৰকৃতি ধ্বংস কৰে বিপৰীতে সেউজ কৰি তোলাৰ ক্ষেত্ৰত কিন্তু কোনো পদক্ষেপ গ্ৰহণ নকৰে। সেয়ে প্ৰকৃতি সেউজ কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰিব লাগে। য’ত প্ৰকৃতিও সেউজ হৈ উঠে আৰু অৰ্থ উপাৰ্জনৰো পথ এটাৰ সৃষ্টি হয় তেনেবোৰ গছ–গছনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰে এলানী কল্যাণমূলক আঁচনি গ্ৰহণ কৰক। বিশেষকৈ, পৰিবেশ ভাৰসাম্য নিয়ন্ত্ৰণৰ লগতে অৰ্থ উপাৰ্জনৰো প্ৰচুৰ সম্ভাৱনা থকা অষ্ট্ৰেলিয়ান চেগুনৰ ওপৰত চৰকাৰে আঁচনি যুগুত কৰিব পাৰে। তদুপৰি আগ্ৰহী কোনোলোক যিয়ে টকা–পইচা খৰচ কৰিবলৈ সক্ষম তেওঁলোকেও ব্যক্তিগতভাৱে এইবিধ গছৰ খেতিৰ কথা ভাবিব পাৰে। গছবিধৰ কাঠ বিক্ৰীৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীণ হ’লেও অন্ততঃ তাৰলগত কৰা জালুক, আদা, হালধি, ষ্টেভিয়া, চিত্ৰনলা, জলকীয়া আদি খেতিৰপৰা সম্পূৰ্ণ উপাৰ্জন লাভ কৰিবলৈ সক্ষম হ’ব। এইবিধ গছৰ খেতিৰ প্ৰতি আগ্ৰহী নতুন খেতিয়কসকলক তিলক মহন্তই কাৰিকৰী দিশত সহায়–সহযোগ আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰিছে।
শিৰোনামৰ ফটোঃ তিলক মহন্তৰ সৌজন্যত
Title Pix: Tilak Mahanta