প্ৰকাশিত তাৰিখঃ ২৫ ফেব্ৰুৱাৰী, ২০২৪
কল্প ৰঞ্জন গগৈ –
পণ্ডিতজীয়ে কৈছিল– কৃষিয়ে কাৰো বাবে ৰ’বলগীয়া হ’ব নালাগে (Everything carve wait agriculture cannot)। এখন কৃষি প্ৰধান দেশত কৃষকেই প্ৰথম স্থানৰ লগতে বিকাশৰ বাবে বাধাহীন পৰিৱেশ পাব লাগিব। কৃষি ক্ষেত্ৰলৈ আমূল পৰিৱৰ্ত আনিছিল ড০ এম এছ স্বামীনাথনে। সাৰ, উন্নত বীজ, কীটনাশক, হাইব্ৰীড আদিৰ প্ৰয়োগৰ পিতৃ। সেয়ে ভাৰতৰত্ন তেঁওৰ প্ৰাপ্য। কৃষকসকলৰ পক্ষত থিয় দিয়া বিজ্ঞানী। নেহেৰুৰ কথামতে ভাৰতবৰ্ষত কিন্তু কৃষি–কৃষকে প্ৰকৃত স্থান নেপালে। ইয়াৰ পৰাই স্পষ্ট কৃষি–কৃষকক–কৃষি বিজ্ঞানীক ভাৰতে কি স্থান দিয়ে। অসমৰ কথা নকলোৱেইবা কৃষকৰ মন বুজিবলৈ বহু বাকী। কাৰণ দেশৰ শাসক–বিৰোধী সকলোৱে কৃষক বিৰোধী। কৃষকৰ পক্ষত থিয় দিয়া ব্যক্তি–শিক্ষক সকলোৱেই বগা বঙালৰ মতে দেশদ্ৰোহী আছিল। বগা বঙালে ভাঙি থৈ যোৱা হিন্দুস্তান সেই কামোৰৰ পৰা আজিও মুক্ত নহয়। গণৰাজ্যৰ হীৰকজয়ন্তী বৰ্ষতো দেশৰ নেতাসকল কৃষক বিৰোধী।
যেন আমি সকলোৱে পণ্ডিতজী–নেতাজী–বাবাচাহেবসকলৰ বিৰুদ্ধে গ’লেহে দেশৰ উন্নতি হ’ব। জাতিৰ পিতাজনক গণৰাজ্য হোৱাৰ আগতেই হত্যা কৰা হ’ল। কাৰ স্বাৰ্থত? বুজিবলৈ চেষ্টা কৰক– ১৪২ কোটি ভাৰতীয়ই। ১৪২ কোটি মুৰত মগজু আছে বুলি প্ৰমাণ কৰক।
বিপ্লৱী শংকৰ–মাধৱে জ্ঞানৰ আন্দোলনৰ বাট মুকলি কৰি থৈ যোৱা চাওল্যুং চ্যুকাফাৰ ম্যুংডুনচুনখামত, কিৰাট–বৌদ্ধৰ অসমত কিহৰ বাবে এই বিপ্লৱ ছটা শতিকাৰ পিছত ৰৈ গ’ল আৰু কেনেদৰে আগবাঢ়ি যাব লাগিব তাক বিপ্লৱী জনগণে ঠিৰাং কৰক। শংকৰ বিদ্ৰোহী বিপ্লৱী তেওঁৰ শত্ৰু থাকিবই। এই পৰম্পৰাবাদীসকলক সাংস্কৃতিক যুদ্ধৰে বশ কৰিব লাগিব। ধনী জমিদাৰ–সত্ৰাধিকাৰ সকল শংকৰ–মাধৱৰ শত্ৰু। বৰভেটি গঢ়া মায়ামৰা জনগণেহে শংকৰ–মাধৱৰ বিপ্লৱক আগবঢ়াই নিব পাৰিব। (জুয়ে পোৰা নতুন অসমৰ বুৰঞ্জী)
বুদ্ধই দিছিল এই বিপ্লৱৰ অঙঠা–জ্ঞান–সংঘ আৰু নীতি। বুদ্ধৰ পথেদিহে এই বিপ্লৱক জনগণে আগবঢ়াই নিব লাগিব। আজি চৌদিশে হোৱা খেলিমেলিৰ মূল কাৰণ কি তাক সঠিকভাৱে অনুসন্ধান কৰিব লাগিব। ধৰ্মৰ অভাৱ, সংঘ বা সহযোগিতাৰ অভাৱ, জ্ঞানৰ অভাৱ, দূৰ্বল অৰ্থনীতি, ৰাজনীতি, চৰিত্ৰহীনতা, দৰ্শনহীনতা নে কি? ৰোগৰ প্ৰকৃত কাৰণ কি?
এই ৰোগৰ মূল কাৰণ বগা বঙালৰ পৰা আহৰণ কৰা নেকি? নে মানৰ দিনত ভগনীয়া হোৱা কালৰ নেকি? নে তাৰো আগতে গৌৰীনাথ সিংহৰ নিমন্ত্ৰণ ৰক্ষা কৰি অহা বগা বঙালৰ লগত ১৭৯৩ চনত হোৱা বেপাৰৰ চুক্তিৰ ফচল?
১৭৫৭ চনৰ পৰা পলাশীৰ যুদ্ধৰ পৰাই বগা বঙাল বণিয়াৰ দখলত হিন্দুস্তান। ১৯৪৭ চনতে বগা বঙালে হিন্দুস্তানক বিভক্তিৰে দাস কৰি গুচি গ’ল। যোৱাৰ পিছত পুনৰ ১৯৯০ চনৰ পৰা দখলস্বত্ব নৱীকৰন কৰি থৈ গ’ল। ইয়াৰ প্ৰভাৱ ভিন্ন ৰূপত সমাজৰ সকলোৰে ওপৰত আৰু ইয়াৰ ফচল বিশেষকৈ ছাত্ৰ শক্তিৰ বিভ্ৰান্তিৰ মাজেদি স্পষ্ট হৈ পৰিল। স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) প্ৰক্ষেপ কৰি যোৱা যুৱ–শক্তি বিভ্ৰান্ত, শক্তিহীন হৈ পৰা দেখা গ’ল। সেয়ে বৰ্তমানৰ যুৱশক্তি বীৰ্যহীন।
ভগৱান বুদ্ধই কৈছিল– জ্ঞানৰ অধিক্যৰ বাদে সকলো বস্তুৰ অধিক্যই হৈছে বৰবিহ। এই বৰবিহে সকলোকে পংগু কৰি পেলাইছে। ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি, সমাজ– একেবাৰে তৃণমূললৈ এই বৰবিহৰ প্ৰভাৱ। ইয়াৰ পৰা সমাজক মুক্ত কৰাই আমাৰ কাম।
সমাজৰ সকলোতকৈ পৰিস্কাৰ মনৰ মানুহ শংকৰ গুৰুৰ কৰ্মী বাহিনী কৃষকসকলেই একলৱ্যৰ দৰে সাধনাৰে ইতিহাস লিখিব লাগিব।
নতুন বৰঞ্জী লিখাৰ আগেয়ে অসমীয়াই সাহসেৰে তুলি ধৰিব লাগিব নিজৰ বিচ্যুতি–বিভ্ৰান্তিবোৰ। আমাৰ যুৱ–ছাত্ৰসকলে কঠোৰ আত্মসমালোচনাৰ অগনিৰে পুৰিব লাগিব।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chadubi News