Sunday, April 28, 2024
HomeNEWSবেলি একাডেমিত শিক্ষক-প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

বেলি একাডেমিত শিক্ষক-প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

প্ৰকাশিত তাৰিখঃ ১৯ ফেব্ৰুৱাৰী, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

বেলি শিক্ষা-গৱেষণা আৰু সামাজিক ন্যাস, অসমৰ উদ্যোগত দক্ষিণ কামৰূপৰ বৰিহাটস্থিত বেলি একাডেমিত দুদিনীয়াকৈ এটি শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণৰ বিষয় আছিল তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ গণিত আৰু ইংৰাজী বিষয়ৰ ফলপ্ৰসু শিক্ষণ পদ্ধতি।

এই কাৰ্যসূচীত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডালিম দাস, কটন বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক নৱজিৎ তালুকদাৰ, কৃতী শিক্ষকৰ ৰাজ্যিক বঁটাপ্ৰাপক পল্লৱী পাঠকৰ লগতে শিক্ষক উত্তম দাসে।

সমল ব্যক্তিসকলে ছাত্ৰ–ছাত্ৰীক ফাইভ ই পদ্ধতি ছাত্ৰ-ছাত্ৰীৰ বাবে ফলপ্ৰসু শিক্ষণ পদ্ধতি বুলি অভিহিত কৰে। পল্লৱী পাঠকে ছাত্ৰ-ছাত্ৰীক গণিতৰ ফৰ্মুলা শিকোৱাৰ বিপৰীতে নিজা চিন্তাশক্তি ব্যৱহাৰৰ জৰিয়তে ধাৰণা গঠনৰ ওপৰত মনোনিৱেশ কৰিবলৈ শিক্ষকসকলক পৰামৰ্শ আগবঢ়াই।

এই কাৰ্যসূচীত বেলি একাডেমিৰ উপৰি চানডুবি জনজাতীয় জাতীয় বিদ্যালয়ৰ লগতে চণ্ডিকা এম ই স্কুলৰ কেইবাগৰাকী শিক্ষকে অংশ গ্ৰহণ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward