Thursday, May 2, 2024
HomeNEWSদীপৰ বিলৰ পৌৰ নিগমৰ ডাম্পিং গ্ৰাউণ্ডত জুই

দীপৰ বিলৰ পৌৰ নিগমৰ ডাম্পিং গ্ৰাউণ্ডত জুই

প্ৰকাশিত তাৰিখঃ ১৯ ফেব্ৰুৱাৰী, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

দীপৰ বিলৰ পশ্চিম বৰাগাঁৱৰ বেলৰতলত স্থাপন কৰা গুৱাহাটী পৌৰ নিগমৰ দ্বিতীয়টো ডাম্পিং গ্ৰাউণ্ডত ১৫ ফেব্ৰুৱাৰীৰ পৰা জুইৰ ধোঁৱা উৰিয়েই আছিল। মাজে মাজে জুইয়ে দপদপাই জ্বলি উঠে। জুইয়ে ভয়াৱহ ৰূপ লোৱাৰ আগতে যোৱা ১৬ ফেব্ৰুৱাৰীৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীৰে পানী ছটিয়াই নিৰ্বাপন কৰিবলৈ চেষ্টা চলাই আছিল। কিন্তু অগ্নিনিৰ্বাপক বাহিনীয়ে পানী ছটিয়াই থকাৰ পিছতো ডাম্পিং গ্ৰাউণ্ডৰ জুই ১৮ ফেব্ৰুৱাৰী পৰ্যন্ত ভালদৰে নুমুৱালৈ সক্ষম হোৱা নাই। অইন দিনৰ দৰে জুইৰ ধোঁৱা উৰিয়েই আছে। ডাম্পিং গ্ৰাউণ্ডৰ জুই আৰু ধোঁৱা চাৰিওফালে বিয়পি পৰাত তাত বিচৰণ কৰা পশু–পক্ষীৰ জাক সমূহে তীব্ৰ খাদ্য সংকটত পৰিছে। পামহীৰ বিভিন্নলোকে প্ৰকাশ কৰা মতে– ডাম্পিং গ্ৰাউণ্ডৰ জুই একে দিনাই জ্বলি উঠা নাই। এই জুই কেতিয়াবাৰপৰাই তলে তলে জ্বলি আছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে ওপৰে ওপৰে পানী ছটিয়াই এই জুই নুমোৱালেও ই একেবাৰে শেষ হোৱাৰ সম্ভাৱনা নাই। ডাম্পিং গ্ৰাউণ্ডৰ ভিতৰত জুইৰ ফিৰিঙতি থাকিয়েই যাব। এই ফিৰিঙতিবোৰই এদিন আকৌ এনেদৰে জুই জ্বলি উঠিব।

দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই ডাম্পিং গ্ৰাউণ্ডৰ ঘটনা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে। তেওঁ ব্যক্ত কৰে যে, দীপৰ বিলৰ দৰে গুৰুত্বপূৰ্ণ আৰ্দ্ৰভূমি খণ্ডৰ জৈৱ–বৈচিত্ৰ সুৰক্ষাৰ স্বাৰ্থত গুৱাহাটী পৌৰ নিগমে স্থাপন কৰা দ্বিতীয়টো ডাম্পিং গ্ৰাউণ্ড সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ মঞ্চই এলানী আন্দোলন প্ৰক্ৰিয়া চলাই আহিছে। দীপৰ বিলৰ জৈৱ–বৈচিত্ৰ ৰক্ষাৰ হ’কে ইতিমধ্যে সুৰক্ষা মঞ্চই ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ ওচৰত এক গোচৰ তৰিছে। এই গোচৰ প্ৰক্ৰিয়াত– আৰ্দ্ৰভূমি সুৰক্ষিত কৰিব লাগিব, আৱৰ্জনাবোৰ নিয়ম অনুসৰি ব্যৱস্থা ল’ব লাগিব, জৈৱ–বৈচিত্ৰ ৰক্ষাৰ বাবে ছেনছিটিভ জ’ন ঘোষণা কৰিব লাগিব– বুলি দেশৰ সেউজ ন্যায়াধীকৰণে অসম চৰকালৈ নীতি নিৰ্দ্ধাৰণ কৰি দিছিল। সেই নীতি পালন কৰিবলৈ সেউজ ন্যায়াধীকৰণে ৰাজ্যৰ মুখ্য সচিবৰ নেতৃত্বত এখন কৰ্ণধাৰ কমিটিও গঠন কৰি দিয়া বুলি মঞ্চৰ সাধাৰণ সম্পাদক কলিতাই ব্যক্ত কৰিছে। কিন্তু বাস্তৱত সেউজ ন্যায়াধীকৰণৰ নীতি–নিৰ্দেশনাবোৰ চৰকাৰখনে পালন কৰিবলৈ সক্ষম হোৱা নাই। দীপৰ বিলৰ দৰে এখন গুৰুত্বপূৰ্ণ আৰ্দ্ৰভূমি সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কিয় মনোযোগ দিয়া নাই, সেয়া আজিৰ তাৰিখত এক চিন্তনীয় বিষয়। ডাম্পিং গ্ৰাউণ্ডৰ ঘটনা সন্দৰ্ভত বিহীত ব্যৱস্থাৰ বাবে দেশৰ সেউজ ন্যায়াধীকৰণৰ ওচৰত বাৰ্তা প্ৰেৰণ কৰা বুলিও সম্পাদকগৰাকীয়ে ব্যক্ত কৰে।

ইপিনে– খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতি, অসমৰ সভাপতি ৰমেশ মালীয়েও দীপৰ বিলৰ ধ্বংসমুখী জৈৱ–বৈচিত্ৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward