Friday, May 3, 2024
HomeNEWSভাল্লাত সংগ্ৰহালয় উন্মোচন আৰু সাংস্কৃতিক অনুষ্ঠান

ভাল্লাত সংগ্ৰহালয় উন্মোচন আৰু সাংস্কৃতিক অনুষ্ঠান

প্ৰকাশিত তাৰিখঃ ১৯ ফেব্ৰুৱাৰী, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

পশ্চিম গুৱাহাটী সমষ্টিৰ ভাল্লা গাঁৱৰ লক্ষ্মী মন্দিৰ প্ৰাংগনত সংগ্ৰহালয় উন্মোচন আৰু সাংস্কৃতিক অনুষ্ঠান উপলক্ষে ১৭ ফেব্ৰুৱাৰীৰপৰা দুদিনীয়া কাৰ্যসূচীৰে এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্যসূচী অনুসৰি ১৭ ফেব্ৰুৱাৰীৰ বিয়লি ‘পাৰিপাৰ্শ্বিকতাৰ সামূহিক অৱধাৰণা’ শীৰ্ষক এক মুকলি আলোচনা চক্ৰৰ আয়োজন কৰা হয়। উক্ত আলোচনা চক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট ভূ–তাত্বিক,লিখক অৱনী কুমাৰ ভাগৱতী, পৰিৱেশ–কৰ্মী ‘হাতী–বন্ধু’ৰ অন্যতম প্ৰতিষ্ঠাতা বিনোদ দুলু বৰা, পৰিৱেশ–কৰ্মী তথা দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতা, ৰাণীৰ বেলগুৰীস্থিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ মুখ্য বিষয়া শচীন ৰাণাডে অংশ গ্ৰহণ কৰে। সন্ধিয়াৰ অনুষ্ঠানত পৰিচালক বিশ্বজিৎ দাসৰ তথ্যচিত্ৰ ‘কেয়াৰ টেকাৰ’ প্ৰদৰ্শন কৰা হয়।

আনহাতে, আজি নৱ নিৰ্মিত সংগ্ৰহালয়টোৰ দ্বাৰ উন্মোচন কৰে ভাল্লা হৰি মন্দিৰ ৰাইজ গয়ৰহৰ সভাপতি লংকেশ্বৰ নাথে। উল্লেখ্য যে, গুৱাহাটীস্থিত অংগ আৰ্ট কালেক্টিভ নামৰ বেচৰকাৰী সংস্থা এটিয়ে ভাল্লা হৰি মন্দিৰ ৰাইজ গয়ৰহৰ সহযোগত এই সংগ্ৰহালয়টো নিৰ্মাণ কৰিছিল। আজিৰ সংগ্ৰহালয় উন্মোচনী অনুষ্ঠানত নগালেণ্ডৰ বাসিন্দা তথা কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা, গৱেষক, লেখিকা ডলী কিকন, একেখন বিশ্ববিদ্যালয়ৰে গৱেষক তথা কলকাতাৰ বাসিন্দা পূজিতা গূহ, বিশ্বৰ বিভিন্ন ঠাইত ‘আৰ্ট কেউৰেটৰ’ হিচাপে সেৱা আগবঢ়োৱা বাংলাদেশৰ ঢাকা চহৰৰ বাসিন্দা তথা চামদানি আৰ্ট ফাউণ্ডেচনৰ প্ৰতিনিধি ছুইলেন হ’কে অংশ গ্ৰহণ কৰে। বিয়লি ‘পৰিৱৰ্তনৰ ধামখুমীয়া আৰু স্থানিক কল্পনাৰ প্ৰত্যাহ্বান’ শীৰ্ষক আলোচনা চক্ৰত ‘চইল’ৰ প্ৰতিষ্ঠাপক দীপাংকৰ গোহাঁই আৰু লাইট বক্সৰ হৃষিকেশ চৌধুৰীৰ শিল্পকৰ্ম সমূহ শ্লাইদ শ্ব’যোগে প্ৰদৰ্শন কৰে। সন্ধিয়া ৰীমা দাসৰ কথাছবি ‘বুলবুল কেন ছিং’ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানৰ মাজে মাজে কবিতা আবৃত্তি, নৃত্য–গীতৰ লগতে চল্লিৰ বগেজাৰী, ভাল্লাৰ জেং বিহু আৰু নামতি দলৰ শিল্পীসকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰে। আজিৰ অনুষ্ঠানত ভাল্লা হৰি মন্দিৰ ৰাইজ গয়ৰহৰ উপদেষ্টা মাণিক ৰাভা, সম্পাদক গোপাল ৰাভা, উপ–সভাপতি অচ্যুত ভাগৱতী, প্ৰদীপ সাউদ, অংগ আৰ্টৰ সদস্য ধৰ্মেন্দ্ৰ প্ৰসাদ, ইন্দ্ৰজিৎ নাথ, ধ্ৰুৱজিৎ শৰ্মা, পংকজ শৰ্মা, সঞ্জীৱ কলিতা সুদক্ষণা গগৈ, বিদ্যুৎ সাগৰ বৰুৱা, কুলদীপ শৰ্মা, কাৰ্তিক লহকৰ, ময়ুৰ ৰাজবংশীকে ধৰি স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে।

ফটোঃ চানডুবি নিউজ
Pix: Chadubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward