Friday, May 3, 2024
HomeNEWSদক্ষিণ কামৰূপৰ কৃষি ভূমিত অবাধ খনন

দক্ষিণ কামৰূপৰ কৃষি ভূমিত অবাধ খনন

প্ৰকাশিত তাৰিখঃ ১২ ফেব্ৰুৱাৰী, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসমত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণেৰে উন্নয়নৰ বতৰা আনিছে। বিপৰীতে ঘাইপথ উন্নয়নৰ গইনা লৈ এচাম অসাধু বেপাৰীয়ে কৃষিভূমিত ব্যাপক হাৰত ধ্বংস যজ্ঞ চলাই খেতিয়ক পৰিয়াললৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। উদাহৰণ স্বৰূপে দক্ষিণ কামৰূপৰ কথাই উল্লেখ কৰিব পাৰি। দক্ষিণ কামৰূপৰ জীয়াকুৰ-জেজাবৰী গাঁৱত কৃষিভূমি খনন আৰু মাটি কঢ়িওৱা ডাম্পাৰৰ চলাচলে একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, যাৰফলত ক্ষোভিত হৈ পৰিছে ৰাইজ-সংগঠন।

উল্লেখনীয়ে যে, কলহী (কুলশী) নদী আৰু দৰাবিলৰ মাজত বিশাল পৰিমাণৰ সেউজ কৃষিভূমি আছে। আজি কিছুদিনৰ পৰা জীয়াকুৰ–জেজাবৰী অঞ্চলৰ কৃষিভূমিত এচাম দুখীয়া কৃষকৰপৰা ভূমি ক্ৰয় কৰি অবাধ হাৰত খনন চলাই বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি কৰিছে। কৃষিভূমিৰ পৰা মাটি কঢ়িওৱা ডাম্পাৰ চলাচলে গাঁও দুখনৰ লোকসকলক বিপৰ্যস্ত কৰি তুলিছিল। যাৰ ফলত গাঁওখনৰ গঞাই মাটি কঢ়িওৱা ডাম্পাৰকে আগভেটি ধৰিছিল। ইয়াৰ ফলত সাময়িকভাৱে দুই–তিনি দিন মাটি কঢ়িওৱা ডাম্পাৰৰ চলাচল বন্ধ হৈ পৰিছিল। কিন্তু এই অসাধু চক্ৰই আৰক্ষী-প্ৰশাসন, বনবিভাগ আৰু খনি বিভাগৰ একাংশ বিষয়া আৰু কৰ্মচাৰীক মেনেজ কৰি পুনৰ সক্ৰিয় হোৱাৰ যো–জা চলাইছে। সাধাৰণতে মাটি খননৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰে ৰাজ্যৰ খনিজ সম্পদ বিভাগে। বেপাৰীসকলে জীয়াকুৰ আৰু জেজাবৰী গাঁৱত মাটি খননৰ বাবে ৰাজ্যৰ সংশ্লিষ্ট বিভাগৰ পৰা অনুজ্ঞাপত্ৰ লোৱা হৈছে নে নাই সেয়াও ৰহস্যৰ আৱৰ্তত। গাঁও দুখনৰ বিভিন্ন লোকে প্ৰকাশ কৰা মতে– ‘আমি অসম চৰকাৰৰ পৰা মাটি খননৰ অনুমতি লাভ কৰিছোঁ। মাটি খননৰ ক্ষেত্ৰত আমাক কোনেও বাধা দি ৰখাব নোৱাৰে বুলি মাটি বেপাৰীসকলে অফাইদং মাৰিছিল।’ কিন্তু অফাইদং মৰা সেই সকল বেপাৰীয়ে দুই–এজন গঞাৰ আপত্তিত ৰহস্যজনকভাৱে মাটি খনন বন্ধ কৰি ৰাখিছিল। খেতিয়কসকলে ব্যক্ত কৰা মতে– মাটি কঢ়িওৱা ডাম্পাৰ চলাচল কৰাৰ ফলত বহু খেতিয়কৰ কৃষি ভূমি নষ্ট হৈ পৰিছে। ভুক্তভোগী খেতিয়ক পৰিয়ালসকলে তেওঁলোকৰ ভূমি পুনৰ কৃষি-উপযোগী কৰি দিবলৈ দাবী জনাইছে, যদিও– বেপাৰীসকলে কৃষক পৰিয়ালৰ দাবীৰ প্ৰতি ভ্ৰুক্ষেপ কৰা নাই।

উল্লেখনীয় যে, জীয়াকুৰ আৰু জেজাবৰী গাঁৱৰ কৃষিভূমি জৈৱ বৈচিত্ৰৰে ভৰা। বৃহৎ অঞ্চলটোত প্ৰায় ১০ হাজাৰ বিঘা কৃষিভূমি আছে। দক্ষিণ–পূব এছিয়া খ্যাত ৰিভাৰ ডলফিনৰ মূল আবাসস্থল হিচাপে চিহ্নিত কলহী নদী আৰু দৰাবিলৰ সংযোগৰ সুঁতি এই কৃষিভূমিৰ মাজেৰেই প্ৰৱাহমান। এই সুবিশাল কৃষি ভূমিত অবাধ হাৰত মাটি খনন লগতে মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মই জৈৱ–বৈচিত্ৰ আৰু দুখীয়া খেতিয়ক পৰিয়াল উভয়লৈ প্ৰবল ভাবুকি কঢ়িয়াই আনিছে। ইপিনে– লোহাৰঘাট, ৰাণী, মিৰ্জাৰ মালিয়াতা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বিভিন্ন খেতিপথাৰতো ব্যাপক হাৰত কৃষি ভূমিত খনন চলি আছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward