প্ৰকাশিত তাৰিখঃ ১৭ ছেপ্টেম্বৰ, ২০১৮
চি এন ডেক্স –
আমাৰ মাটি আমাক ঘূৰাই দিব লাগে। কিয় হেৰুৱাম অসমৰ ওচৰত আমাৰ মাটি। যিকোনো উপায়ে আমাৰ মাটি আমি উদ্ধাৰ কৰিমেই। প্ৰয়োজনত আমি আইন বিশেষজ্ঞৰ ওচৰ চাপিম।
এই বুলি দাবী কৰে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ খাছি পাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদে। অলপতে এই সন্দৰ্ভত শ্বিলঙস্থিত দৰবাৰ হিমাৰ কাৰ্যালয়ত এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য এইচ এছ শ্বাইলাই অংশ গ্ৰহণ কৰি এইদৰে কয়– এই মুহুৰ্তত আমাৰ ১৫৪৭.৪২ বৰ্গ কিঃমিঃ এলেকা অসম চৰকাৰৰ অধীনত আছে। ১২ টা এলেকাৰ ২৭০০ বৰ্গ কিঃ মিঃ এলেকা বিবদমান বুলি চিহ্নিত কৰা হৈছে। তাৰ ভিতৰত ব্লক– ১ আৰু ব্লক– ২ (১৫৪৭.৪২ বৰ্গ কিঃমিঃ) হাহিম (৩.৫১বৰ্গ কিঃমিঃ), লাংপি (২৯৮.০৭ বৰ্গ কিঃমিঃ), তাৰাবাৰী (৪.৬৯ বৰ্গ কিঃমিঃ), বকলাপাৰ (১.৫৭ বৰ্গ কিঃমিঃ), বৰদুৱাৰ (১৪৭.৮৩ বৰ্গ কিঃমিঃ) খানাপাৰা–পিলিংকাটা (২.২৯ বৰ্গ কিঃমিঃ), খাণ্ডুলি–পিয়াৰ (৭৮.৮০ বৰ্গ কিঃমিঃ), ৰাটাছেৰা (১১.২০ বৰ্গ কিঃমিঃ) আৰু দেছ ডুমৰিয়া (৪৮৭.৭২ বৰ্গ কিঃমিঃ)।
উল্লেখযোগ্য যে ১৯৮৩ চনৰ ২৬ মে’ত অসম–মেঘালয়ৰ মুখ্যমন্ত্ৰীদুজনাৰ মাজত এক বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকৰ যুটীয়া চৰকাৰী কমিটীয়ে ১২টা এলেকা বিবদমান বুলি চিনাক্ত কৰে। বিবদমান এলেকাৰ বিবাদ সমাধানৰ বাবে দুয়ো ৰাজ্যই আলোচনা সমূহ চলাই নিয়াৰ সিদ্ধান্ত লৈছিল। কিন্তু আজিও কোনো এটা এলেকাৰে বিবাদ সমাধান কৰিবলৈ সক্ষম নহ’ল। যাৰ ফলত ৰাজ্য দুখনৰ সীমান্তত উত্তেজনপূৰ্ণ সমস্যাৰ সৃষ্টি হৈছে বিভিন্ন সময়ত। কিছুদিন আগতে ৰি–ভয় জিলাৰ উমৰু গাঁৱত অসম আৰক্ষীয়ে এক সীমান্ত নিৰীক্ষণ চকী নিৰ্মাণক লৈ যি উত্তেজনাৰ সৃষ্টি হ’ল তাৰেই ফল বুলিব পাৰি। অৱশ্যে দুয়ো ৰাজ্যৰ মুখ্য সচিবদ্বয়ৰ আলোচনাৰ বাবে বিষয়টো সাময়িকভাৱে নিষ্পত্তি হয় যদিও ভৱিষ্যতে ই পুনৰ প্ৰকাশ ঘটিব বুলি ভবাৰ অৱকাশ আছে।
শিৰোনামৰ ফটোঃ গুগল ইমেজেজ