Friday, April 26, 2024
Homeবাতৰিড্ৰ’নেৰে নিৰীক্ষণ কৰিব ভাৰত–বাংলাদেশ সীমান্তৰ নদী এলেকা

ড্ৰ’নেৰে নিৰীক্ষণ কৰিব ভাৰত–বাংলাদেশ সীমান্তৰ নদী এলেকা

প্ৰকাশিত তাৰিখঃ ১৭ ছেপ্টেম্বৰ, ২০১৮  

চি এন ডেক্স

ভাৰত–বাংলাদেশৰ দুয়োখন ৰাষ্ট্ৰৰ নদী এলেকা সমূহ ড্ৰ’ন ব্যৱহাৰৰ দ্বাৰা সীমান্তৰ নিৰাপত্তা নিশ্চিত কৰিব। বাংলাদেশৰ পৰা ভাৰতত অনুপ্ৰৱেশৰ উৎকৃষ্ট পথ হ’ল উন্মুক্ত নদী পথ সমূহ। এই পথেৰে অহৰহ অনুপ্ৰৱেশ ঘটি থকাত অসমৰ কেইখনমান জিলাৰ জনগাঁথনি সলনি হোৱা বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। যি ঘটনা দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি স্বৰূপ। সেয়ে কেন্দ্ৰীয় চৰকাৰে ড্ৰ’নৰ দ্বাৰা সীমান্তৰ নিৰাপত্তা নিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সম্প্ৰতি সীমান্ত নিৰাপত্তা সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে ৰাইজৰ মনত আশাৰ সঞ্চাৰ কঢ়িয়াই অনা বুলিও কোনো কোনোৱে প্ৰকাশ কৰিছে।

অলপতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে সন্ত্ৰাস জৰ্জৰিত ৰাজ্যৰূপে পৰিচিত অসমৰ সুৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ আধুনিক প্ৰযুক্তিৰ সহায় লোৱাৰ কথা প্ৰকাশ কৰে। জম্মু–কাশ্মীৰত এই প্ৰযুক্তি প্ৰয়োগ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ এখন আৰম্ভ কৰা বুলি ব্যক্ত কৰে। তেখেতে কয় যে আন্তঃৰাষ্ট্ৰীয় সকলোবোৰ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া সম্ভৱ নহয়। সীমান্তৰ যিবোৰ অঞ্চলত তাঁৰৰ বেৰ দিব পৰা নাযায় সেইবোৰ অঞ্চলত ড্ৰ’নেৰে পহৰাৰ ব্যৱস্থা গঢ়ি তোলা হ’ব। সেয়ে নহয় মাওবাদী অধ্যুসিত অঞ্চল সমূহতো এই ড্ৰ’নৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰা বুলি দোহাৰে। সীমান্ত সুৰক্ষাৰ দায়িত্বত থকা বি এছ এফে অনুপ্রৱেশকাৰীৰ লগতে সীমান্তত চলি থকা চোৰাং ব্যৱসায় প্রতিহত কৰাৰ ক্ষেত্ৰতো ড্ৰ’ন ব্যৱহাৰ কৰিব।

প্ৰণিধানযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ব্যৱহাৰ কৰিবলগীয়া মানৱবিহীন ড্ৰ’নত ৰিয়েল টাইম ভিছনত গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব পৰা ৩৬৫ ডিগ্ৰী ঘূৰ্ণীয়মানৰ কেমেৰা সংযুক্ত কৰা থাকিব। লগতে নিৰ্দিষ্ট ঠাই কিছুমানত কোনো মানুহে উঠিব নোৱাৰাকৈ সুউচ্চ তাঁৰৰ বেৰ দিয়াৰ কথাও চিন্তা–চৰ্চা কৰি থকা বুলি জানিব দিয়ে।

উল্লেখযোগ্য যে, ভাৰত–বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ্য ৪,০৯৬ কিলোমিটাৰ। বৰ্তমান ৩,০২৬ কিলোমিটাৰ এলেকাত কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ ব্যৱস্থা কৰিছে। বাকী ১,০৭০ কিলোমিটাৰ এলেকা উন্মুক্ত অৱস্থাতে আছে, তাৰ ভিতৰত ৭৭০ কিলোমিটাৰ হৈছে নদী এলেকা যিবোৰ এলেকাত কাঁইটীয়া তাঁৰৰ বেৰা দিয়াটো অসম্ভৱ।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward