Friday, April 26, 2024
Homeবাতৰিউত্তৰ–পূব গ্ৰন্থ মেলা পূৰ্বৰ স্থানতে আয়োজন কৰা হ’বঃ আয়োজক সমিতি

উত্তৰ–পূব গ্ৰন্থ মেলা পূৰ্বৰ স্থানতে আয়োজন কৰা হ’বঃ আয়োজক সমিতি

প্ৰকাশিত তাৰিখঃ ১০ ছেপ্টেম্বৰ, ২০১৮

চি এন ডেক্স

উত্তৰ–পূব গ্ৰন্থমেলা আয়োজনৰ স্থান আৰু তাৰিখ সন্দৰ্ভত হোৱা খেলি–মেলিৰ অৱশেষত অন্ত পৰিল। সকলোবোৰ অশ্চিয়তা আঁতৰাই পূৰ্ব নিৰ্ধাৰিত স্থান আৰু তাৰিখত অনুষ্ঠিত কৰিব উত্তৰ–পূব গ্ৰন্থমেলা। এই কথা প্ৰকাশ কৰিছে গ্রন্থমেলাৰ আয়োজক সমিতি সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই।

এই সন্দৰ্ভত গ্রন্থমেলাৰ আয়োজক সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেলত প্ৰতি বছৰৰ দৰে পূৰ্বৰ স্থান চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অহা ৯ ৰ পৰা ২০ নৱেম্বৰলৈ উত্তৰ–পূব গ্রন্থমেলা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে।

শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ আহ্বানত মন্ত্ৰীগৰাকীৰ দিশপুৰৰ কাৰ্যালয় সভাকক্ষত গ্রন্থমেলা আয়োজন সম্পৰ্কত এক বৈঠক আহ্বান কৰে। উক্ত বৈঠকত উত্তৰ–পূব গ্ৰন্থমেলাৰ আয়োজক সমিতিৰ সভাপতি সভাপতি অজিত কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী, বিশিষ্ট ব্যক্তি ড দয়ানন্দ পাঠক আৰু জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে অংশ গ্ৰহণ কৰে।

সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ ‘উত্তৰ–পূব গ্রন্থমেলা’, অসম প্ৰকাশন পৰিষদৰ ‘গুৱাহাটী গ্রন্থমেলা’ আৰু ‘শিশু গ্রন্থ উৎসৱ’ একে তাৰিখ আৰু স্থানত আয়োজন কৰাৰ বাবে আলোচনা প্ৰক্ৰিয়া সমাপন হৈছে। সেয়ে অহা বছৰৰ পৰা গ্ৰন্থমেলাৰ নাম সলনি হ’ব পাৰে বুলি উক্ত সংবাদমেলত ব্যক্ত কৰে।

উল্লেখযোগ্য যে, উত্তৰ–পূব গ্ৰন্থমেলাৰ একে তাৰিখ আৰু স্থানত ৰাজ্য চৰকাৰে আয়োজন কৰিছিল শিশু গ্ৰন্থ উৎসৱ। শিশু গ্ৰন্থ উৎসৱখন অন্য ঠাইত আয়োজন কৰি উত্তৰ–পূব গ্ৰন্থমেলাক পূৰ্বৰ স্থানতে বাহাল ৰখাৰ সপক্ষে সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা, ড হীৰেন গোহাঁই, ড নগেন শইকীয়া, কনকসেন ডেকা আদি বিভিন্ন দল–সংগঠন, ব্যক্তিসকলে লিখা–মেলা কৰি এক জনমত সৃষ্টি কৰিছিল।   

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward