প্ৰকাশিত তাৰিখঃ ৩০ মে’ ২০২২
কল্প ৰঞ্জন গগৈ –
কোভিডৰ পিছত ভাৰতবৰ্ষৰ অৰ্থনীতিৰ অৱস্থালৈ দেশৰ সকলো চিন্তিত। প্ৰকাশ ঘটিছে ভিন্ন ৰূপত, হয় ইতিবাচক নহয় নেতিবাচক। কিন্তু প্ৰকৃতি ছবিখন কেনেধৰণৰ? ৮০ শতাংশ নাগৰিক খেতিয়ক তাৰে ৮০ শতাংই ভূমিহীন, ক্ষুদ্ৰ ও উপান্ত, বাকী ১৫% মধ্যমীয়া, সৰু আৰু বৃহৎ জমিদাৰ ৫%। দেশৰ অৰ্থনীতিৰ লগতে সমাজ–সংস্কৃতিৰ ভেটি ধৰি ৰাখিছে এই ৯৫% খেতিয়কে যি উৎপাদনহে কৰিছে। অৱস্থা হাড়ে–ছালে লগা দৰিদ্ৰ। ব্ৰিটিছৰ আগৰে পৰা আৰু ব্ৰিটিছৰ পিছলৈ। আমাৰ শিক্ষাই এইসকলক মানুহ বুলি ভাবিবলৈ শিকোৱাই নাই। সেয়ে তেওঁলোক এটা বিশেষ প্ৰজাতি যাৰ কথা কোনেও ভবা নাই– ৰজাৰ দিনত, সাম্ৰাজ্যবাদীৰ দিনত অথবা স্বাধীন গণতন্ত্ৰৰ দিনত।
কিন্তু এইসকলৰ শ্ৰমৰ অৱদান ২০২১–২২ বৰ্ষত ৪০,০০০ কোটি টকাৰো বেছি ৰপ্তানি য’ত কৃষিৰ অৱদান সকলোতকৈ বেছি। ২০২১ চনৰ এপ্ৰিলৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰী মাহলৈ চাউলৰ ৰপ্তানি। ২০১৮–১৯ চনৰ একেই সময়ৰ তুলনাত বাঢ়িছে ৫৯%, চেনিৰ ৰপ্তানি বাঢ়িছে ৫গুণ আৰু গমৰ বাঢ়িছে ৩৩গুণ। বিশ্ব বজাৰত ভাৰতবৰ্ষৰ স্থান মজবুত। ইয়াৰ পিছত আছে শ্ৰমিক কৃষকসকলৰ হাঁড়ভঙা পৰিশ্ৰম।
ভাৰতবৰ্ষৰ দ্ৰুত উত্থান আমেৰিকা বা ইউৰোপীয় উন্নয়নৰ অংশীদাৰসকলৰ বাবে বৰ আনন্দদায়ক নহয়। বিশ্বায়ন হৈছে, দেশে দেশে সম্পৰ্ক হৈছে কিন্তু প্ৰকৃত বন্ধুত্ব হোৱা নাই– In International relations there are no permanent friends– only permanent interests। সেয়ে আমি যে কওঁ– কেৱল অপৰাধীৰ বিজয়– পৃথিৱী আজি যে অপৰাধীসকলৰ ভূস্বৰ্গ সেয়া ১০০% সঁচা।
বিশ্বায়ন, আন্তৰ্জাতিক সম্বন্ধ– ইয়াৰ এক দীঘলীয়া ইতিহাস আছে। ৰাষ্ট্ৰসংঘৰ সৃষ্টিৰ পৰা আৰম্ভ কৰি বিশ্ব বাণিজ্য, বহুজাতিক নিলামৰ পৰা আৰম্ভ কৰি প্ৰযুক্তিবিদ্যা–দূৰ সংযোগ আদি সকলোবোৰ একেডাল সূতাত গঁথা। পৃথিৱীৰ এক সামান্য অংশইহে বিশ্বযুদ্ধ, বিশ্বৰ অৰ্থনৈতিক মন্দাৰ পৰা ৰক্ষা পাইছিল। এই শক্তি একত্ৰিত হৈ ভৈৰৱী চক্ৰৰ সৃষ্টি কৰি দেশে দেশে, চুবুৰীয়ে–চুবুৰীয়ে বিভাজনমুখী অপসংস্কৃতি মেলি দিছে। আজি অপসংস্কৃতি আক্ৰান্ত ৰাইজে অৱশেষত অপসংস্কৃতিক ভাল পাব ধৰিছে– The patients have starts to love the disease।
ব্যক্তিগত সম্পদৰ তাৎক্ষণিক ফচল হৈছে বেপাৰ–বাণিজ্য– Trade যাৰ লক্ষ্য– একমাত্ৰ লাভ– Profit– কম দামত কিনি বেছি দামত বেচা। সেয়ে দুয়োজনৰ মাজৰ সম্পৰ্ক– ক্ৰেতা আৰু বিক্ৰেতাৰ– বৈৰীমূলক। বন্ধুত্ব হ’ব কেৱল স্বাৰ্থৰ বাবে– স্থায়ী ভালপোৱাৰ বন্ধুত্ব ইয়াত নেথাকে।
পুৰণি সামন্তবাদৰ বুকুৰ পৰা সৃষ্টি হোৱা পূঁজিপতিসকলে যি বিশাল পৰিৱৰ্তন আনিলে, যি শক্তিৰে সামন্তবাদক মাটিৰ লগত মিহলি কৰি দিলে সেই একেই শক্তি আজি প্ৰগতি বিৰোধী। সেয়ে পূঁজিবাদে সংস্কৃতিৰ দূৰ্গ সাঁজি অপসংস্কৃতিৰ সম্প্ৰসাৰণৰ সহায়ত আদিম–বৰ্বৰ যুগলৈ পৃথিৱীক লৈ যাব বিচৰা সময়ত আমাৰ দেশত খেতিয়ক সকলে এই দৃষ্টান্ত দাঙি ধৰিছে।
এসময়ত বুৰ্জোৱাসকল নিজেই আছিল এটা বৈপ্লৱিক শ্ৰেণী। আজি খেতিয়ক আৰু সৰ্বহাৰা শ্ৰমিক হৈছে উদীয়মান বৈপ্লৱিক শ্ৰেণী। সেয়ে আজি বুৰ্জোৱাই বিচাৰে বিপ্লৱ স্তব্ধ হওক আৰু খেতিয়ক–শ্ৰমিকে বিচাৰে বিপ্লৱে নতুন গতি লওক– বিপ্লৱে দীৰ্ঘজীৱি ৰূপ লৈ মানৱ সমাজৰ আমূল পৰিৱৰ্তন সাধক।
মধ্যবিত্ত, নিম্ন মধ্যবিত্ত– সকলোবোৰ আজি ৰক্ষণশীল আৰু এই ৰক্ষণশীল মতাদৰ্শ সৰ্বাত্মক ৰূপত বিয়পি পৰিছে। আজি যেনেদৰে ভাৰতবৰ্ষৰ কৃষি উৎপাদনৰ জাগৰণ দেখি উন্নত দেশবোৰক বাণিজ্যৰ স্বাৰ্থত নতুন ধৰণে চিন্তা কৰিব লৈ বাধ্য কৰিছে তাৰ বিপৰীতে দেশপ্ৰেমী, জাতীয় বুৰ্জোৱা, নিম্নমধ্যবিত্ত, খেতিয়ক–শ্ৰমিকক এখন ঐক্যৱদ্ধ মঞ্চ গঢ়াৰ প্ৰয়োজনীয় কৰি তুলিছে। দেশপ্ৰেমী জনগণৰ এই জাতীয় পৰিষদে সৰ্বসাধাৰণৰ পৰিৱৰ্তন সাধিব এক দীৰ্ঘম্যাদী সংগ্ৰামৰ ফলত।
জুডোকা (Judoka) পুঁটিন বনাম ফুচুৰী অভিনেতা জেলেনস্কীৰ মাজৰ যুঁজ প্ৰকৃততে দুটা বাহিনীৰ মাজৰ যুঁজ– সেয়ে ইয়াৰ অন্ত নপৰে। আমাৰ দৰে দুখীয়া দেশৰ দৰিদ্ৰ জনতাৰ বাবে ই শিক্ষাৰ আহিলা।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News