প্ৰকাশিত তাৰিখঃ ৩০ জানুৱাৰী, ২০২৩
কল্প ৰঞ্জন গগৈ–
বৰ্তমান সমগ্ৰ পৃথিৱী জুৰি যি অৰ্থনৈতিক মহামন্দা, সাংস্কৃতিক অৱক্ষয় আৰু তাৰ ফলস্বৰূপে প্ৰকৃতিৰ জগতখনক ধ্বংস কৰাৰ লক্ষ্যৰে অত্যাচাৰ– কুৰি শতিকাৰ মাজভাগৰ পৰা তীব্ৰ গতিত আগবঢ়া এক অপসাংস্কৃতিক কাৰ্যৰ অংগ। ইয়াক ৰূদ্ধ কৰিবলৈ লাগিব জনগণৰ মহামৰ্চাৰ সহায়ত এক সাংস্কৃতিক যুদ্ধ যাৰ এটা অভিমুখ থাকিব লাগিব। এই অভিমুখ দিব প্ৰকৃত শিক্ষাইহে।
এই শিক্ষাৰ প্ৰধান কাম হ’ব দেশৰ সংবিধানখনৰ প্ৰস্তাৱনাত থকা– আমি ভাৰতবৰ্ষৰ জনগণে গঢ়িম এক ধৰ্মনিৰপেক্ষ, সমাজবাদী, সাৰ্বভৌম, গণতান্ত্ৰিক গণৰাজ্য– তাক সৱল আৰু দৃঢ়ভাৱে দেশখনৰ তৃণমূললৈ এক শৈক্ষিক– সাংস্কৃতিক সংগ্ৰামৰ সহায়ত লৈ যোৱা। জীৱনৰ অৰ্থ সম্প্ৰসাৰণহে– সংকোচন নহয়। শিক্ষাৰ কাম কেৱল মানুহৰ দক্ষতা বৃদ্ধি নহয়। ইয়াৰ সহায়ত প্ৰতিজন মানুহৰ ভিতৰৰ পূৰ্ণতাৰ পূৰ্ণবিকাশ, ধৰ্মৰ কাম কেৱল অচিন–অজানৰ প্ৰশস্তি নহৈ হ’ব নিজৰ ভিতৰত থকা দেৱত্বৰ পূৰ্ণবিকাশ আৰু প্ৰকাশ।
পঞ্চদশ শতাব্দীত মহাপুৰুষ শংকৰদেৱে (১৪৪ ৯–১৫৬৮) সাংস্কৃতিক বিপ্লৱৰ সহায়ত এখন নতুন সাম্যবাদী সমাজ গঢ়াৰ পথ দেখুৱাই থৈ গ’ল। তেওঁৰ উত্তৰসুৰীসকল যিহেতু পূৰণি সমাজৰ প্ৰতিনিধি সেয়ে শংকৰ–মাধৱ যোৱাৰ পিছতে পুনৰ আদিম যুগলৈ উভতি গ’ল। শংকৰৰ কলিকালত হৰিনামৰ স্থান পুনৰ আদিম অভ্যাসে ল’লে।
১৯শতিকাতহে ইউৰোপৰ জাৰ্মানীৰ পৰা এক নতুন দৰ্শন বিয়পিব ধৰিলে। সমাজখনক ব্যাখ্যা কৰিলেই নহ’ব– তাক পৰিৱৰ্তন কৰিব লাগিব। লেলিনৰ নেতৃত্বত পিছপৰা ৰাছিয়াত ১৯১৭ চনত এই পৰিৱৰ্তন দেখা গ’ল। সেই তত্বক বিকশাই তুলি ভাৰতবৰ্ষতকৈ পিছপৰি থকা আদিম চীনত পৰিৱৰ্তন দেখা গ’ল ১৯৪৯ চনত।
কিন্তু সত্য প্ৰমাণিত হ’ল কাৰ্লমাৰ্ক্স– উন্নত পূঁজিবাদী দেশতহে। সংকটৰ সমাধানৰ বাবে সমাজবাদ আহিব– গণতন্ত্ৰ আহিব। এই সমাজবাদ কিন্তু সাম্যবাদৰ আগৰ এক উৎক্ৰমনশীল স্তৰহে।
সেয়ে আজি ছোভিয়েত দেশ নাই। একেসময়তে নতুন মানুহ গঢ়াৰ বাবে মাও চে টুঙে যি সাংস্কৃতিক বিপ্লৱ আৰম্ভ কৰিছিল সি সম্পূৰ্ণ হ’বলৈ নাপালে। পূৰণি দিনৰ চীনৰ অভ্যাসে তাক আগবাঢ়িব নিদিলে বৰঞ্চ সি উভতি ব’ব ধৰিলে। সেয়ে আজি চীনত আলোড়ৰন। জিনপিঙে মাও চে টুঙৰ এক অনাও আয়ত্ব নকৰাকৈ নিজকে মহান নেতাজনৰ সমকক্ষ বুলি দেখুৱাই ২০৪৯ চনত নতুন চীন গঢ়িম বুলি কৈছে।
আজি যুৱ প্ৰজন্মৰ হেজাৰটা সমস্যা লৈ এটা বিশাল নিবনুৱাৰ বাহিনী লৈ ভাৰতে অহা বছৰৰ পৰা G– 20 সংগঠন আৰু চাংহাই কোঅ’পাৰেশ্বন অৰ্গেনাইজেশ্বনৰ নেতৃত্ব লৈ বিশ্বৰ লাইখুঁটা পুতিব লাগিব। বৰ্তমানৰ জনমূৰি আয় ২০৪৬ ডলাৰৰ ঠাইত ১৫হেজাৰ ডলাৰ হ’ব লাগিব। সম্ভৱ নে অসম্ভৱ ইয়াৰ জনগণেহে ক’ব– ১৩৫ কোটি জনতাই।
আজি যিহেতু কোনো দেশ নিজৰ সীমাতে আৱদ্ধ হৈ থাকিব নোৱাৰে সমস্ত দেশখনেই আজি বিশ্ব অৰ্থনীতিৰ আৰোহী। সেয়ে অসমৰ দক্ষিণ কামৰূপৰ চানডুবিৰ কথাবোৰ নিলগাই চাব নোৱাৰো। কিন্তু কৰ্পৰেট বিশ্ব নহয় জনতাৰ বিশ্ব– জনতাৰ অৰ্থনীতিৰ সুৰ্যোদয় ঘটাব লাগিব শংকৰদেৱ–আজানপীৰৰ দেশৰ অংগ চানডুবিৰ পৰা।
এখন দেশ য’ত অসুস্থ ৰাজনীতিয়ে সমাজখনক গ্ৰাস কৰি ৰাখিছে। ক্ষুধাতুৰ এখন দেশ যাৰ বিশ্ব ক্ষুধা সূচক অনুসৰি ১২১খন দেশৰ ভিতৰত ১০৭ নং স্থানত। যুৱ প্ৰজন্মৰ ৯৫% মানসিক সমস্যাৰ বলি। অসাম্যৰে ভৰা সমাজ ব্যৱস্থাৰ পৰা সন্ত্ৰাসবাদ, ঘৃণা, উগ্ৰ জাতীয়তাবাদৰ জন্ম। তাত আমূল পৰিৱৰ্তনৰ বাট কাটিব লাগিব শিক্ষক–বুদ্ধিজীৱি–প্ৰশাসক–জননেতাৰ সন্মিলিত মৰ্চাই। প্ৰতিটো উৎসৱৰ এই পৰিৱৰ্তনৰ লক্ষ্য থাকিব লাগিব।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News