Friday, April 19, 2024
HomeNEWSমিৰ্জাত বিশেষভাৱে সক্ষম লোকৰ দুদিনীয়াকৈ ৰাজ্যিক ভিত্তিক প্ৰদৰ্শনী

মিৰ্জাত বিশেষভাৱে সক্ষম লোকৰ দুদিনীয়াকৈ ৰাজ্যিক ভিত্তিক প্ৰদৰ্শনী

প্ৰকাশিত তাৰিখঃ ৩১ জানুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

মিৰ্জাত অহা ১ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যখনৰ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে ৰাজ্যিক ভিত্তিত এক প্ৰদৰ্শনীৰ আয়োজন কৰিছে। ভাৰত চৰকাৰৰ ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু অসম চেণ্টাৰ ফ’ৰ ৰুৰেল ডেভেল’পমেণ্ট’ৰ সহযোগত এই প্ৰদৰ্শনী মিৰ্জাৰ শ্বহীদ ভৱনত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, অসম চেণ্টাৰ ফ’ৰ ৰুৰেল ডেভেল’পমেণ্ট ৰাজ্যখনৰ আগশাৰীৰ এটি বে–চৰকাৰী সংস্থা। সংস্থাটোৱে অসমৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য কেইখনতো কল্যাণমূলক বিভিন্ন আঁচনিৰ কাম–কাজ ৰূপায়ণ কৰি আহিছে। সংস্থাটোৱে সময়ে সময়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বিশেষভাৱে সক্ষম লোকসকলক কাৰিকৰী প্ৰশিক্ষণ আগবঢ়াই আহিছে। কাৰিকৰী প্ৰশিক্ষণ লাভকৰা এইসকল লোকক সংস্থাটোৱে আৰ্থিকভাৱেও সহায়–সহযোগ আগবঢ়াই আহিছে। কাৰিকৰী প্ৰশিক্ষণ আৰু আৰ্থিক সাহাৰ্য লাভ কৰা এইসকল লোক আজি স্বাৱলম্বীতাৰ ক্ষেত্ৰখনত এখোজ আগুৱাই যাবলৈ সাহস পাইছে। তেওঁলোকে বিভিন্ন সা–সামগ্ৰী উৎপাদন কৰিবলৈ সক্ষম হৈছে। আৰু সেই উৎপাদন সমূহ বিক্ৰী কৰি তেওঁলোক পৰিয়াল পৰিচালনা কৰিবলৈও সক্ষম হৈছে।

বিশেষভাৱে সক্ষম এইলোক সকলৰ উৎপাদিত সামগ্ৰী সমূহ একেখন মঞ্চত বিক্ৰীৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ বেচৰকাৰী সংস্থাটোৱে বিভিন্ন প্ৰদৰ্শনীৰ আয়োজন কৰি আহিছে। সংস্থাটোৰ দুদিনীয়া প্ৰদৰ্শনীৰ অনুষ্ঠানটোত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। প্ৰদৰ্শনস্থলীত সন্মানীয় অতিথি হিচাপে স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া, বিশেষভাৱে সক্ষম লোকৰ আয়ুক্ত দেৱেশ্বৰ দাস, অসম চৰকাৰৰ ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াই উপস্থিত থাকিব।

ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward