Friday, March 29, 2024
HomeNEWSক’ৰলা জাতীয় বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা

ক’ৰলা জাতীয় বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা

প্ৰকাশিত তাৰিখঃ ৩১ জানুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

পলাশবাৰী ৰাজহ চক্ৰৰ বৰিহাটত অৱস্থিত ক’ৰলা জাতীয় বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভাখন আজি হৈ যায়। এই উপলক্ষে আজি বাৰেৰহনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ–ছাত্ৰী লগতে অভিভাৱকসকলৰ উৎসাহজনক অংশ গ্ৰহণ দেখা যায়। কাৰ্যসূচী অনুসৰি– ৰাতিপুৱা স্মৃতি তৰ্পন কৰে আৰু বন্তি প্ৰজ্বলন কৰে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ফুলেন দাসৰ সহধৰ্মিনী কানন দাসে।

বিদ্যালয়খনৰ ছাত্ৰ–ছাত্ৰীসকলে মৌ–মেলত একক নৃত্য, বৰগীত, ভূপেন্দ্ৰ আৰু জ্যোতি সংগীতৰ আধাৰত দলীয় নৃত্য, আবৃতি, জিকিৰ, বিষ্ঞু ৰাভা সংগীত, আধুনিক গীত লগতে শিলৰ চোলা নামৰ এখনি শিশু নাট মঞ্চস্থ কৰে। খেল–ধেমালি, কবিতা আবৃতি, থিতাতে লিখা কবিতা আদিকৰি বিভিন্ন প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ছাত্ৰ–ছাত্ৰীসকলক সাংস্কৃতিক অনুষ্ঠানৰ মাজে মাজে বঁটা সমূহ বিতৰণ কৰাৰ লগতে নিমন্ত্ৰিত অতিথিসকলকো সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, অঞ্চলটোৰ শিক্ষিত যুৱ প্ৰজন্মৰ সংস্থাপন আৰু দৰিদ্ৰ পৰিয়াল সমূহৰ ল’ৰা–ছোৱালীয়ে নিম্ন ব্যয় সাপেক্ষে উন্নতমানৰ শিক্ষা লাভৰ বাবে চিন্তা কৰিছিল অঞ্চলটোৰে বিশিষ্ট ব্যক্তি তথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিষয়া প্ৰয়াত ফুলেন দাসে। তাৰ ফলশ্ৰুতিত ১৯৯৫ চনত জন্ম লাভ কৰিছিল ক’ৰলা চাইণ্টিফিক বিদ্যালয়ৰ। পৰিচালনা সমিতিয়ে বিদ্যালয়খনৰ নাম সলনি কৰি ক’ৰলা জাতীয় বিদ্যালয় ৰূপে প্ৰতিষ্ঠিত কৰিলে। বিদ্যালয়খনৰ প্ৰথম কালছোৱাত ডম্বৰুধৰ দাস, কল্প কলিতা আদি অনেকে শিক্ষকতা কৰিছিল। বহু ঘাত–প্ৰতিঘাতৰ মাজেৰে আজি ২৮টা বছৰত ভৰি দিবলৈ সক্ষম হোৱা বিদ্যালয়খনৰ বৰ্তমান অধ্যক্ষ ধৰণী কলিতা। ইতিমধ্যে বিদ্যালয়খনৰ পৰা বহু সংখ্যক কৃতী ছাত–ছাত্ৰীও ওলাইছে।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অনিল কুমাৰ দাসে পৌৰহিত্য কৰা অনুষ্ঠানটোত সম্পাদক বিনোদ কুমাৰ দাসে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। কৃতী শিক্ষক মইনা গোস্বামীয়ে বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি আজিৰ অনুষ্ঠানটোৰ সৌস্তৱ বৃদ্ধি কৰে। অনুষ্ঠানৰ বঁটা সমূহ বিতৰণ কৰে বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ চন্দ্ৰকান্ত দাসে। শিক্ষয়িত্ৰী ৰুণু বৰ্মণে আগধৰা সাংস্কৃতিক অনুষ্ঠানটোৰ সামগ্ৰীক পৰিচালনা ধ্ৰুৱজ্যোতি দাস, প্ৰদীপ কলিতা আৰু বিপুল কুমাৰ দাসৰ।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward