প্ৰকাশিত তাৰিখঃ ১ ফেব্ৰুৱাৰী, ২০২১
চি এন ডেস্ক –
বান্দৰটোৰ বেমাৰত মৃত্যু হৈছে নে ইয়াক কোনোবাই মাৰিছে সেই কাৰণ জনা নাযায়। বান্দৰটোৰ মৃত্যুৰ কাৰণ যিয়েই নহওক কিন্তু মৃত্যুহোৱাৰ পাছত আগঠেং দুখনত বান্ধি সৌৰশক্তি চালিত তাঁৰৰ বেৰত ওলোমাই থোৱাজন কিন্তু জীৱশ্ৰেষ্ঠ মানুহেই হয়। মৃত্যুৰ পাছতো নিষ্ঠুৰভাৱে ওলোমাই ৰখা ঘটনাটো সংঘটিত হৈছে কামৰূপ জিলাৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ তথা নালাপাৰা খণ্ডবন কাৰ্যালয়ৰ পৰা কিছু নিলগত।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News