প্ৰকাশিত তাৰিখঃ ২৯ মে’ ২০২৩
কল্প ৰঞ্জন গগৈ –
সময় আগুৱাই গৈ আছে আমাক ইতিকিং কৰি। সেয়ে আজি সচেতন সতীৰ্থসকলৰ অস্থিৰতা। দহ হাজাৰ বছৰৰ পিছত সমগ্ৰ পৃথিৱীখনৰ ৰূপ সলনি হ’ব। সিমান দিনলৈ আমি ৰৈ থাকিম জানো, উচিত হ’ব জানো। বৰ্তমানৰ অসমীয়াৰ বাবে এটা প্ৰশ্ন। বহুধাবিভক্ত স্বাভিমানী অসমীয়াৰ বাবে এই প্ৰশ্ন– বিজ্ঞান আৰু প্ৰদৰ্শনীত মত্ত, কৃত্ৰিম মেধাৰ ওপৰত নিৰ্ভৰশীল অসমীয়াৰ বাবে এই প্ৰশ্ন।
আমাৰ ধাৰণা আছিল সচেতন–সুসচেতন সমাজ পৰিচালনা কৰিব। গঢ় দিব এক সুস্থ সামাজিক মানসিক আত্মসমালোচনা আৰু আত্মবিশ্লেষণৰ যাৰ সহায়ত ভগৱান বুদ্ধৰ জ্ঞানৰ পথেদি অসমীয়া আগবাঢ়িব। শংকৰ–মাধৱদেৱৰ আদৰ্শৰে সংস্কৃতি–ৰাজনীতি আৰু অৰ্থনীতিৰ বৰভেটি গঢ়িব। জ্যোতি–বিষ্ঞু–ভূপেনৰ আদৰ্শেৰে মানুহৰ ইতিহাস লিখিব।
আমি আত্ৰানি কৰিছো কাৰণ উত্তৰ তেনেই সহজ। ভাৰতবৰ্ষত বুদ্ধৰ দিনৰেপৰা আৰম্ভ হৈছে জ্ঞানৰ পোহৰ। চাৰি বেদক প্ৰলয় জলৰ পৰা উদ্ধাৰ কৰি তাৰ সম্প্ৰসাৰণ ঘটাইছিল। ৰামৰ কথাহে লিখা হৈছিল কিন্তু কৃষ্ঞইহে জ্ঞান–বেকত কৰিছিল। শ্ৰীমন্ত শংকৰে ইয়াকে কীৰ্তন কৰিবলৈ অসমীয়াক শিকালে। নামঘৰৰ দৰে আলোচনা ঘৰ বা আজিৰ ভাষাত ব্যক্তিত্ব বিকাশ কেন্দ্ৰ সাজিবলৈ শিকালে।
জ্যোতেপ্ৰসাদে কৈছিল– সৃষ্টিৰ আদিৰে পৰা দুস্কৃতি আৰু সংস্কৃতিৰ মাজৰ সংঘাত চলি আছিল। সেয়ে এই দুস্কৃতিৰ বিৰুদ্ধে অহৰহ যুদ্ধ কৰিবলৈ উদগনি দিছিল অসমীয়াক।
অসমত শংকৰ–মাধৱ যোৱাৰ পিছত বৰভেটিৰ আদৰ্শ ৰাখিলে গোপাল আতা, অনিৰুদ্ধদেৱে। সমগ্ৰ অহম প্ৰজাক এক মতৰ মতক কৰি। কিন্তু লক্ষীসিংহ– গৌৰীনাথে আপোন লাভৰ বাবে দেশ বেচিলে বগা বঙালৰ ওচৰত– ১৭৯২ চনত। ডাঙৰীয়া বদনে মানক মাতি আনি ১৮১৮ চনৰ পৰা দেশ এৰি দিলে। জনতা ভগনীয়া হ’ল– অসমীয়া মগনীয়া হ’ল। মানক খেদি ইংৰাজে ল’লে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা ১৯৪৭ চনৰ ১৪ আগষ্টলৈ। অসমীয়া ছেদেলি–ভেদেলি হ’ল– মতিভ্ৰষ্ট–দিগ্ভ্ৰান্ত–বিভ্ৰান্ত হ’ল।
তাৰপিছত যোৱা ৭৫ বছৰে পুনৰজাগৰণৰ বাবে চেষ্টা চলাওঁতে পুনৰ বিভ্ৰান্তি। সেয়ে ঐক্যৱদ্ধ কৰিবলৈ কৰা সকলো চেষ্টা বিফল। নিজৰ নেগুৰ কামোৰা মধ্যবিত্ত যি শত্ৰু আৰু মিত্ৰৰ চিনাক্তকৰণত বিফল, জননীৰ হেৰুওৱা সন্মান কেনেদৰে আনিব লাগে নেজানো। যিয়ে প্ৰজা–শ্ৰমজীৱিৰ ইতিহাস অধ্যয়নত বিমুখ, হালোৱা–বণুৱাৰ বাস্তৱ পৰিস্থিতিৰ প্ৰতি উদাসীন আৰু আপোন চিন্তাত মগন। সি কেনেদৰে জাতিক পথ দেখুৱাব?
অথচ উত্তৰ তেনেই সহজ– ঐক্যৱদ্ধ জ্ঞানপীপাসু সমাজ।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News