Tuesday, March 19, 2024
HomeNEWSলেডী সিংহাম’ৰূপে জনাজাত হৈ পৰা– জোনমণি সাহসৰ প্ৰতীক হৈ ৰওক

লেডী সিংহাম’ৰূপে জনাজাত হৈ পৰা– জোনমণি সাহসৰ প্ৰতীক হৈ ৰওক

প্ৰকাশিত তাৰিখঃ ২৯ মে’ ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট–

অসম আৰক্ষীৰ উপ–পৰিদৰ্শক জোনমণি ৰাভা এচামৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল। অসম আৰক্ষীত দক্ষ আৰু সাহসী হিচাপে নাম থকা জোনমণি দুৰ্নীতিগ্ৰস্থ মানুহবোৰক এসেকা দি সমাজখন নিকা কৰাৰ সপোন পুহি ৰাখিছিল। এখন নিকা, দুৰ্নীতিমুক্ত, নিৰ্ভেজাল সমাজৰ সপোন দেখিছিল। তাৰ বাবেই পুলিচ বিভাগৰ চাকৰি পচন্দ কৰিছিল। জোনমণিয়ে আন দহজন সহকৰ্মীয়ে ভয় কৰা কামটো তাই সাহসেৰে কৰি দেখুৱাইছিল। আন দহজন সহকৰ্মীয়ে মাত মাতিবলৈ ভয় কৰা মানুহৰ বিৰুদ্ধে জোনমণিয়ে সাহসেৰে মাত মাতিছিল। সেই কাৰণতেই জোনমণি দক্ষ, সাহসী বুলি অসম আৰক্ষীত এক সুকীয়া পৰিচয় লাভ কৰিছিল। সেয়াই নহয় ৰাইজৰ মাজত দূৰ্দান্ত সাহসী, দক্ষ ‘লেডী সিংহাম’ বুলিও এক সুকীয়া পৰিচয় লাভ কৰিছিল। ইচ্ছা কৰিলে জোনমণিয়ে এগৰাকী সৎ আৰু সাহসী সাংবাদিক–লেখিকা হ’ব পাৰিলেহেতেন। এগৰাকী বিহুৱতী অথবা কণ্ঠশিল্পী হ’বপৰা যোগ্যতাখিনিও তাইৰ নথকাকৈ নাছিল। কিন্তু জীৱনৰ আদবাটতে সময়ে সকলোবোৰ খেলিমেলি লগাই দিলে। নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত জোনমণি ৰাভাৰ ১৬মে’ৰ নিশাৰ জিলাৰখনৰ জখলাবন্ধাত এক পথ দুৰ্ঘটনাত মৃত্যু ঘটে। যি মৃত্যুৰ ঘটনা আজিও ৰহস্যজনক হৈ থাকিল। সেই ৰহস্য উদঘাটনৰ বাবে অসম চৰকাৰৰ চি আই ডি বিভাগে দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। কিন্তু ৰাইজে এই তদন্ত বিশ্বাসত ল’ব পৰা নাই। সেয়ে তদন্তৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ সংস্থা চি বি আইক অৰ্পণ কৰিব লাগে বুলি ৰাজ্যখনত সৰ্বত্ৰে দাবী উঠিছে। ৰাইজৰ দাবীত মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে দুৰ্ঘটনাটোৰ তদন্তৰ বাবে চি বি আইক অনুৰোধ জনোৱাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে। কিন্তু অভিযোগ উঠিছে যে– দুৰ্ঘটনাটোৰ তদন্তৰ বাবে অসম চৰকাৰে এইপৰ্যন্ত চি বি আইক আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পন কৰা নাই।

উল্লেখযোগ্য যে, আৰক্ষী বিষয়া জোনমণি ৰাভাৰ আদ্যশ্ৰাদ্ধ ২৬ মে’ত অনুষ্ঠিত হৈ গ’ল । ২১ মে’ত ৰাভাসকলৰ ৯টা সংগঠনে জোনমণিৰ আদ্যশ্ৰাদ্ধৰ দিনটোৰ সন্ধিয়া জাতি–বৰ্ণ–ধৰ্ম নিৰ্বিশেষে ৰাজ্যখনৰ সদাশয় লোকসকলক এগচিকৈ চাকি জ্বলোৱাৰ বাবে অনুৰোধ জনাইছিল। সেই অনুৰোধমৰ্মে আদ্যশ্ৰাদ্ধৰ সন্ধিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বন্তি প্ৰজ্বলন জনাইছিল।

ইপিনে, দক্ষিণ কামৰূপৰ ৰাভা হাছং পৰিষদীয় এলেকাৰ লোহাৰঘাটত এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে। বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক মহিলা পৰিষদ আৰু আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ যুটীয়া উদ্যোগত ছাত্ৰ সংগঠনটোৰ মুখ্য কাৰ্যালয়ত এই অনুষ্ঠানৰ আয়োজন কৰে। উপ–পৰিদৰ্শক জোনমণিৰ আত্মাৰ সদগতি কামনা কৰি সংগঠন তিনিটাই বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী প্ৰদান কৰে। লগতে অঞ্চলটোৰ বাগান, গাড়ীলিক, মুদুকী, ৰাজাপাৰা আদি বিভিন্ন ঠাইতো শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে।

আনহাতে, খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতি, অসমে দক্ষিণ কামৰূপৰ মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চ’কত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী প্ৰদান কৰে। লগতে ২৭ মে’ত গুৱাহাটী মহানগৰীৰ ভি আই পিত একেই অনুষ্ঠানৰ আয়োজন কৰা বুলি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰমেশ মালীৰ পৰা জানিবপৰা গৈছে।

শিৰোনমাৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward